Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জলবায়ু-অনুকূল জল ব্যৱস্থাপনা গঢ়ি তোলা আৰু জল সুৰক্ষা নিশ্চিতকৰণৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰা কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চি আৰ পাটিলৰ এটা প্ৰবন্ধ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চি আৰ পাটিলৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে জল সুৰক্ষা হৈছে এক উমৈহতীয়া দায়িত্ব যিয়ে শক্তিশালী ব্যৱস্থা, বৈজ্ঞানিক সমাধান আৰু জন ভাগীদাৰীৰ আহ্বান জনায়। তেওঁ লগতে কয় যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জল জীৱন মিছন, নমামি গংগে, জল সংৰক্ষণ আৰু প্ৰযুক্তি-চালিত সমাধানৰ জৰিয়তে জলবায়ু-অনুকূল জল ব্যৱস্থাপনা গঢ়ি তোলাৰ বাবে ভাৰতৰ প্ৰচেষ্টাৰ বিষয়ে লিখিছে, যি ৰাজ্য আৰু জনসমাজৰ ধাৰাবাহিক প্ৰচেষ্টাৰ লগতে জনসাধাৰণৰ অংশগ্ৰহণে ভৱিষ্যত প্ৰজন্মৰ বাবে পানী সুৰক্ষিত কৰাত কেনেদৰে সহায় কৰিব পাৰে সেই সম্পৰ্কে এক অন্তর্দৃষ্টিসম্পন্ন দৃষ্টিভংগী আগবঢ়ায়।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কৰিছেঃ

“জল সুৰক্ষা হৈছে এক উমৈহতীয়া দায়িত্ব যি শক্তিশালী ব্যৱস্থা, বৈজ্ঞানিক সমাধান আৰু জন ভাগীদাৰীৰ আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @CRPaatil-এ জল জীৱন মিছন, নমামি গংগে, জল সংৰক্ষণ আৰু প্ৰযুক্তি-চালিত সমাধানৰ জৰিয়তে জলবায়ু-অনুকূল জল ব্যৱস্থাপনা গঢ়ি তোলাৰ বাবে ভাৰতৰ প্ৰচেষ্টাৰ বিষয়ে লিখিছে। ৰাজ্য আৰু জনসমাজৰ ধাৰাবাহিক প্ৰচেষ্টাৰ লগতে জনসাধাৰণৰ অংশগ্ৰহণে ভৱিষ্যত প্ৰজন্মৰ বাবে পানী সুৰক্ষিত কৰাত কেনেদৰে সহায় কৰিব পাৰে সেই সম্পৰ্কে এয়া এক অন্তর্দৃষ্টিসম্পন্ন দৃষ্টিভংগী।”

 

****

MJPS/SS/PRK/HS