Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সত্যবাদী, মনঃপুত আৰু কল্যাণকামী ভাষণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সঁচা, মনঃপুত আৰু কল্যাণকামী ভাষণৰ গুৰুত্ব তথা সমাজত শান্তি আৰু সম্প্ৰীতি গঢ়ি তোলাৰ বাবে কথা-বতৰাত অনুশাসন বৰ্তাই ৰখা সন্দৰ্ভত আলোকপাত কৰা এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;

“अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्।

स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते॥”

কাৰো মনত অস্থিৰতাৰ সৃষ্টি নকৰাকৈ সদায়ে সঁচা, মনঃপুত আৰু কল্যাণকামী কথা কোৱা উচিত। পবিত্ৰ জ্ঞানৰ প্ৰতিফলন আৰু নিৰন্তৰ অধ্যয়নে মানুহৰ কথা-বতৰা উন্নত কৰাৰ লগতে এইসমূহক প্ৰকৃত উদ্দেশ্য প্ৰদান কৰে। চিন্তাশীলভাৱে প্ৰকাশ কৰা বক্তৃতাই সমগ্ৰ সমাজত শান্তি, সম্প্ৰীতি আৰু ইতিবাচক পৰিবেশ বৰ্তাই ৰাখে।

 

***

MJPS/SS/PRK/DD