Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান গেমছৰ শ্বট পুট প্রতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰা বাবে মনপ্ৰীত কৌৰক প্রধানমন্ত্ৰীৰ অভিনন্দন


প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান গেমছৰ শ্বট পুট প্রতিযোগিতাত উৎকৃষ্ট প্ৰদৰ্শনৰ জৰিয়তে ব্ৰঞ্জৰ পদক বুটলি আনিবলৈ সক্ষম হোৱা মনপ্ৰীত কৌৰক অভিনন্দন জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ এই আকৰ্ষণীয় প্ৰদৰ্শনৰ প্ৰশংসা কৰাৰ লগতে তেওঁৰ উত্তৰোত্তৰ সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

 

‘এক্স’ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে উল্লেখ কৰে:

 

“মনপ্ৰীত কৌৰৰ শ্বট পুটত এক সুন্দৰ প্ৰচেষ্টা!

আকৰ্ষণীয় প্ৰদৰ্শনেৰে তেওঁ এছিয়ান গেমছত ব্ৰঞ্জৰ পদক কঢ়িয়াই আনিছে।

মনপ্ৰীতলৈ অভিনন্দন! তেওঁৰ সফলতাৰ ধাৰাবাহিকতা কামনা কৰিলোঁ: প্ৰধানমন্ত্ৰী @narendramodi”

***

MJPS/SS/PRK/DB