Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান গেমছত পুৰুষৰ শ্বটপুটত ৰূপৰ পদক লাভ কৰাৰ বাবে তেজিন্দৰপাল সিঙক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান গেমছত পুৰুষৰ শ্বটপুটত ৰূপৰ পদক জয় কৰা তেজিন্দৰপাল সিঙক তেওঁৰ সুন্দৰ প্ৰদৰ্শনৰ বাবে অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে কয় যে তেজিন্দৰপালে নিজৰ মনোযোগ আৰু অধ্যৱসায়ৰ জৰিয়তে নিৰন্তৰভাৱে ৰাষ্ট্ৰৰ প্ৰতি সন্মান কঢ়িয়াই আনিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এছিয়ান গেমছৰ আন এটা পদক তেওঁৰ উল্লেখযোগ্য যাত্ৰাৰ বাবে এক উপযুক্ত সংযোজন আৰু ভবিষ্যতলৈ তেওঁৰ অধিক সফলতা কামনা কৰে।

এক্স-ত এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে শ্বেয়াৰ কৰিছেঃ

‘@Tajinder_Singh3-ৰ এক সুন্দৰ প্ৰদৰ্শন! এছিয়ান গেমছত পুৰুষৰ শ্বটপুটত এক আকৰ্ষণীয় থ্ৰ’ৰ জৰিয়তে ৰূপৰ পদক জয় কৰাৰ বাবে তেওঁক অভিনন্দন জনাইছো। তেজিন্দৰপালে নিজৰ মনোযোগ আৰু অধ্যৱসায়ৰ জৰিয়তে নিৰন্তৰভাৱে ৰাষ্ট্ৰক গৌৰৱান্বিত কৰি আহিছে। এছিয়ান গেমছৰ আন এটা পদক তেওঁৰ উল্লেখযোগ্য যাত্ৰাৰ বাবে এক উপযুক্ত সংযোজন। ভবিষ্যতলৈ তেওঁৰ অধিক সফলতা কামনা কৰিছোঃ প্ৰধানমন্ত্ৰী @narendramodi’

***

MJPS/SS/PRK/MK