Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান গেমছত স্বৰ্ণ অৰ্জন কৰাৰ বাবে পুৰুষৰ কাবাডী দলটোক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৰুষৰ কাবাডী দলটোক এছিয়ান গেমছৰ স্বৰ্ণ জয় কৰাৰ বাবে অভিনন্দন জনায় আৰু  চেম্পিয়ন হিচাপে তেওঁলোকৰ সফলতাক আকৌ এবাৰ  উদযাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ দৃঢ় সংকল্পই দেশৰ বাবে অপৰিসীম গৌৰৱ কঢ়িয়াই আনিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে তেওঁলোকৰ সফলতাই কেইবাগৰাকীও উদীয়মান খেলুৱৈক অনুপ্ৰাণিত কৰিব আৰু লগতে সমগ্ৰ দলটোক তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে শ্বেয়াৰ কৰিছেঃ

‘আকৌ এবাৰ চেম্পিয়ন!

এছিয়ান গেমছত স্বৰ্ণ পদক অক্ষুণ্ণ ৰখাৰ বাবে আমাৰ পুৰুষ কাবাডী দলটোক অভিনন্দন জনাইছো। তেওঁলোকৰ দৃঢ় সংকল্পই দেশৰ বাবে অপৰিসীম গৌৰৱ কঢ়িয়াই আনিছে। তেওঁলোকৰ সফলতাই কেইবাগৰাকীও উদীয়মান খেলুৱৈক অনুপ্ৰাণিত কৰিব। সমগ্ৰ দলটোক তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনাইছোঃ প্ৰধানমন্ত্ৰী @narendramodi’

***

MJPS/SS/PRK/MK