Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান গেমছত পুৰুষৰ ডেকাথলনত ব্ৰঞ্জৰ পদক জয় কৰা তেজস্বীন শংকৰক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান গেমছত পুৰুষৰ ডেকাথলনত ব্ৰঞ্জৰ পদক জয় কৰা তেজস্বীন শংকৰক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে দুদিন ধৰি কঠিন তথা বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অসাধাৰণ বহুমুখী প্ৰতিভা, সহনশীলতা আৰু দৃঢ় সংকল্পৰ প্ৰয়োজন হয়।

শ্ৰী মোদীয়ে উল্লেখ কৰে যে তেজস্বীন শংকৰে এই তিনিওটা গুণ প্ৰদৰ্শন কৰি নিজৰ অভিযান শক্তিশালীভাৱে সমাপ্ত কৰিছে।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ এই সাফল্যক প্ৰশংসনীয় বুলি অভিহিত কৰে।

 প্ৰধানমন্ত্ৰীয়ে লগতে আগন্তুক দিনসমূহৰ বাবে তেওঁৰ প্ৰচেষ্টাৰ সফলতা কামনা কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত প্ৰকাশ কৰা এক বাৰ্তাত কয়—

“এছিয়ান গেমছত পুৰুষৰ ডেকাথলনত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে তেজস্বীন শংকৰলৈ অভিনন্দন! দুদিন ধৰি কঠিন প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিবলৈ অসাধাৰণ বহুমুখী প্ৰতিভা, সহনশীলতা আৰু দৃঢ় সংকল্পৰ প্ৰয়োজন হয়। তেওঁ এই তিনিওটা গুণ প্ৰদৰ্শন কৰি নিজৰ অভিযান শক্তিশালীভাৱে সমাপ্ত কৰিছে। এয়া এক প্ৰশংসনীয় সাফল্য। আগন্তুক প্ৰচেষ্টাসমূহৰ বাবে শুভেচ্ছা জনালোঁ।”

 

PM @narendramodi”

 

***

MJPS/SS/PRK/DM