পি এম ইণ্ডিয়া
মোৰ প্ৰিয় দেশবাসী, নমস্কাৰ।
ছেপ্টেম্বৰ মাহৰ ‘মন কি বাত’ অনুষ্ঠানৰ জৰিয়তে আপোনালোকৰ সৈতে পুনৰ এবাৰ মত বিনিময় কৰাৰ সুযোগ পাইছোঁ। দেশৰ সকলো জনসাধাৰণক মই আদৰণি জনাইছোঁ। ‘মন কি বাত’ত আমি দেশবাসীৰ ইতিবাচক প্ৰচেষ্টাসমূহৰ বাবে এক মঞ্চ আগবঢ়াওঁ আৰু দেশৰ সাফল্যসমূহৰ বিষয়ে আলোচনা কৰোঁ।
ভাৰতৰ এনে এক গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক সাফল্যই মাত্ৰ এদিন পাছতে ১০ বছৰ সম্পূৰ্ণ কৰিব—সেই সাফল্য হৈছে ‘ছাৰ্জিকেল ষ্ট্ৰাইক’। দহ বছৰ পূৰ্বে, ২০১৬ চনৰ ২৮-২৯ ছেপ্টেম্বৰত ভাৰতীয় সেনাই পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ ঘাটিসমূহত ছাৰ্জিকেল ষ্ট্ৰাইক চলাইছিল।সন্ত্ৰাসবাদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমাৰ সাহসী সেনাসকলে নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰা দৃশ্য দেখি সমগ্ৰ বিশ্ব বিস্মিত হৈ পৰিছিল।ছাৰ্জিকেল ষ্ট্ৰাইকে ভাৰতৰ সন্ত্ৰাসবাদবিৰোধী নীতিৰ এক নতুন দৃষ্টান্ত সমগ্ৰ বিশ্বৰ সন্মুখত দাঙি ধৰিছিল।সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত ভাৰতে দীৰ্ঘদিন ধৰি সহ্য কৰি অহা যন্ত্ৰণাৰ বিৰুদ্ধে ছাৰ্জিকেল ষ্ট্ৰাইক আছিল আমাৰ নিৰ্ণায়ক প্ৰত্যুত্তৰ।যোৱা এটা দশকত বালাকোটত কৰা আকাশী আক্ৰমণৰ পৰা ‘অপাৰেচন সিন্দূৰ’লৈকে ভাৰতে বাৰে বাৰে এক স্পষ্ট বাৰ্তা প্ৰদান কৰি আহিছে—যদি সন্ত্ৰাসবাদীয়ে ভাৰতৰ ওপৰত কুদৃষ্টি নিক্ষেপৰ সাহস কৰে, তেন্তে তেওঁলোকে উপযুক্ত প্ৰত্যুত্তৰৰ সন্মুখীন হ’ব লাগিব।
বন্ধুসকল,
ভাৰতে দীৰ্ঘদিন ধৰি সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত সৃষ্টি হোৱা ঘাঁৰ যন্ত্ৰণা সহ্য কৰি আহিছে। এটা সময় আছিল, যেতিয়া দেশত ধাৰাবাহিক বিস্ফোৰণ এক সাধাৰণ ঘটনাত পৰিণত হৈছিল।২০০৮ চনৰ ১৩ ছেপ্টেম্বৰত, অৰ্থাৎ এনে এক ছেপ্টেম্বৰ মাহতে দিল্লীত সংঘটিত ধাৰাবাহিক বিস্ফোৰণত বহু নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল।ইয়াৰ মাত্ৰ কেইসপ্তাহমান পাছতে মুম্বাইত সংঘটিত হৈছিল ভয়াৱহ ২৬/১১ আক্ৰমণ।বন্ধুসকল, অতীততো প্ৰতিটো সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত পাকিস্তানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন হৈছিল, কিন্তু এনে দাবীসমূহক প্ৰায়ে যথোচিত গুৰুত্ব দিয়া হোৱা নাছিল; কেৱল সময় পাৰ হোৱালৈ অপেক্ষা কৰা হৈছিল।আজি ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰিছে আৰু আমি ইয়াৰ ফলাফল দেখিবলৈ পাইছোঁ।
বন্ধুসকল,
এই বছৰ ৯/১১ৰ সন্ত্ৰাসবাদী আক্ৰমণৰো ২৫ বছৰ সম্পূৰ্ণ হৈছে।আমেৰিকাৰ বিশ্ব বাণিজ্য কেন্দ্ৰত প্ৰাণ হেৰুওৱা নিৰীহ লোকসকলৰ ভিতৰত মাৰ্কিন নাগৰিকৰ পাছতেই সৰ্বাধিক সংখ্যক ভুক্তভোগী আছিল ভাৰতীয়।মই মনত পেলাইছোঁ যে ২০১৪ চনত প্ৰধানমন্ত্ৰী হোৱাৰ পাছত যেতিয়া মই আমেৰিকা ভ্ৰমণ কৰিছিলোঁ, তেতিয়া মই সেই নিৰীহ নাগৰিকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ নিউয়ৰ্কলৈ গৈছিলোঁ।আজি পুনৰবাৰ কোটি কোটি ভাৰতীয় নাগৰিকৰ হৈ মই শোকসন্তপ্ত পৰিয়ালসমূহলৈ সমবেদনা জ্ঞাপন কৰিছোঁ।
মোৰ প্ৰিয় দেশবাসী,
বৰ্তমান দেশৰ এখন বৃহৎ ছবি আমাৰ সন্মুখত উদ্ভাসিত হৈ উঠিছে। এই ছবিখনত আপোনালোক, আপোনালোকৰ পৰিয়াল আৰু আনকি আপোনালোকৰ ওচৰ-চুবুৰীয়াসকলো অন্তৰ্ভুক্ত হৈ আছে। মই ভাৰতৰ লোকপিয়লৰ কথা কৈছোঁ।এই কামৰ প্ৰথম পৰ্যায় প্ৰায় সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলতে সম্পূৰ্ণ হোৱাৰ পথত । ইতিমধ্যে ৩২ কোটিতকৈও অধিক পৰিয়ালৰ তথ্য নথিভুক্ত কৰা হৈছে।লাডাখ, হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ আৰু উত্তৰাখণ্ডৰ দুৰ্গম বৰফাবৃত অঞ্চলসমূহতো বৰ্তমান কাম চলি আছে।এই অঞ্চলসমূহৰ পৰা লাভ কৰা বহুতো অনুপ্ৰেৰণাদায়ক অভিজ্ঞতা পোহৰলৈ আহিছে। উত্তৰাখণ্ডত চামোলি জিলাৰ মানা গাঁৱৰ পৰা লোকপিয়লৰ কাম আৰম্ভ হৈছিল। মানা দেশৰ প্ৰথমখন গাঁও হিচাপে পৰিচিত।তাত ৮৩ বছৰীয়া পূৰ্ণিমা ৰাৱাট ডাঙৰীয়ানীৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ হৈছিল।উত্তৰকাশীৰ বাগোৰী গাঁৱত গৃহভিত্তিক পৰ্যটন ব্যৱস্থা চলোৱা হৰদেৱ সিং ৰাণা ডাঙৰীয়াই ডিজিটেল মাধ্যম ব্যৱহাৰ কৰি নিজেই নিজৰ তথ্য নথিভুক্ত কৰিছিল।
বন্ধুসকল,
লোকপিয়ল আমাৰ সকলোৰে বাবে এক ৰাষ্ট্ৰীয় দায়িত্ব।১৫ আগষ্টতো মই দেশবাসীক ইয়াৰ বাবে সময় উলিয়াবলৈ আহ্বান জনাইছিলোঁ।নিজে লোকপিয়লৰ তথ্য পঞ্জীয়ন কৰাৰ সুবিধাটো অতি সহজ আৰু সুবিধাজনক।আপুনি নিজৰ ম’বাইল ফোনৰ পৰাই নিজৰ আৰু পৰিয়ালৰ তথ্য পঞ্জীয়ন কৰিব পাৰে।হিন্দীৰ লগতে ১৬টা ভাষাত এই সুবিধা উপলব্ধ।
বন্ধুসকল,
ইয়াৰ বাবে আপুনি লোকপিয়লৰ অনলাইন পৰ্টেলত প্ৰৱেশ কৰিব লাগিব।পৰ্টেলটো হৈছে se.census.gov.in।আপোনাৰ ম’বাইল ফোনৰ নম্বৰৰ জৰিয়তে প্ৰৱেশ কৰি নিজৰ অৱস্থানৰ তথ্য দিয়ক, পৰিয়ালৰ সৈতে জড়িত তথ্য পূৰণ কৰক আৰু তথ্যসমূহ দাখিল কৰক।সম্পূৰ্ণ প্ৰক্ৰিয়াটো সম্পন্ন কৰিবলৈ প্ৰায় ১৫ৰ পৰা ২০ মিনিট সময় লাগে।ইয়াৰ বাবে কোনো নথি আপলোড কৰাৰ প্ৰয়োজন নাই।তথ্য দাখিল কৰাৰ পাছত আপুনি এটা বিশেষ পৰিচয় নম্বৰ লাভ কৰিব।লোকপিয়লৰ তথ্য সংগ্ৰহকাৰী আপোনাৰ ঘৰলৈ অহাৰ সময়ত আপুনি তেওঁক এই পৰিচয় নম্বৰটো দেখুৱাব পাৰে।আপুনি দাখিল কৰা তথ্য পৰীক্ষা কৰাৰ পাছত সেই তথ্য লোকপিয়লৰ নথিৰ অংশ হৈ পৰিব।
বন্ধুসকল,
এতিয়ালৈকে ২ কোটি ৬০ লাখতকৈও অধিক লোকে ম’বাইল ফোনৰ জৰিয়তে লোকপিয়লৰ পৰ্টেলত নিজৰ তথ্য পঞ্জীয়ন কৰি নিজে তথ্য দাখিলৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে।ইয়াৰ বাবে আপোনাৰ অলপ সময় লাগিব, কিন্তু দেশৰ বাবে এই কাম গুৰুত্বপূৰ্ণ।কাৰণ আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বিষয়ে সঠিক তথ্যই দেশৰ ভৱিষ্যতৰ এক নিৰ্ভুল ছবি প্ৰস্তুত কৰাত সহায় কৰে।
মোৰ প্ৰিয় দেশবাসী,
আজি ২৭ ছেপ্টেম্বৰৰ দিনটো এটা বিশেষ কাৰণত আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে।আজি এনে এগৰাকী মহান ব্যক্তিৰ জন্ম শতবাৰ্ষিকী, যিয়ে সংস্কৃতি, সমাজ আৰু ৰাষ্ট্ৰৰ বাবে নিজৰ সমগ্ৰ জীৱন উৎসৰ্গা কৰিছিল।মই শ্ৰদ্ধাৰ প্ৰয়াত অশোক সিংঘল ডাঙৰীয়াৰ কথা কৈছোঁ, যি বিশ্ব হিন্দু পৰিষদৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি আছিল।১৯২৬ চনৰ ২৭ ছেপ্টেম্বৰত আজিৰ দিনটোতে আগ্ৰাত তেওঁৰ জন্ম হৈছিল।সমাজৰ মাজত থাকিও তেওঁ এগৰাকী সন্ন্যাসীৰ দৰে জীৱন অতিবাহিত কৰিছিল।ৰাম জন্মভূমি আন্দোলনক তেওঁ যি দিশ আৰু শক্তি প্ৰদান কৰিছিল তাৰ ফলতেই আজি আমি অযোধ্যাত সেই সুন্দৰ মন্দিৰটো দেখিবলৈ পাইছোঁ। মই অত্যন্ত সৌভাগ্যৱান যে মই কেৱল তেওঁৰ জীৱনক ওচৰৰ পৰা দেখাৰ সুযোগেই পোৱা নাই, এই অভিযানত তেওঁৰ সৈতে একেলগে কাম কৰাৰ সুযোগো লাভ কৰিছিলোঁ।ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময়ত অশোক ডাঙৰীয়াৰ কথা বাৰে বাৰে মনলৈ অহাটো স্বাভাৱিক আছিল।
বন্ধুসকল,
অশোক ডাঙৰীয়াৰ জীৱনৰ এনে বহু দিশ আছে যিবোৰে বিশেষ গুৰুত্ব লাভ কৰা নাই।ৰাম মন্দিৰ আন্দোলনৰ সমান্তৰালভাৱে তেওঁ সামাজিক বৈষম্য আৰু অসমতাৰ বিৰুদ্ধেও এক বৃহৎ যুঁজ দিছিল।তেওঁ এক অতি সমৃদ্ধিশালী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।তেওঁৰ পিতৃ অসামৰিক সেৱাৰ বিষয়া আছিল আৰু তেওঁৰ অধিকাংশ ভাতৃ-ভগ্নীয়ে উচ্চ পদত অধিষ্ঠিত হৈছিল।তেওঁ নিজেও ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, বাৰাণসী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।ইয়াৰ পাছতো তেওঁ নিজৰ জীৱন সমাজ আৰু সংস্কৃতিৰ বাবে উৎসৰ্গা কৰিছিল—এয়াই মহান ব্যক্তিসকলৰ বৈশিষ্ট্য।আজি তেওঁৰ জন্ম শতবাৰ্ষিকী উপলক্ষে তেওঁৰ লাখ লাখ অনুৰাগীৰ হৈ মই তেওঁক প্ৰণাম জনাইছোঁ।মোৰ ফালৰ পৰাও তেওঁলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।
মোৰ প্ৰিয় দেশবাসী,
আমি এই বছৰটো ৰাষ্ট্ৰীয় গৌৰৱৰ এক সুন্দৰ উদযাপনেৰে আৰম্ভ কৰিছিলোঁ—এই উৎসৱ আছিল ‘সোমনাথ স্বাভিমান পৰ্ব’।
এহেজাৰ বছৰ পূৰ্বে, ১০২৬ চনত গজনীৰ মাহমুদে প্ৰথমবাৰৰ বাবে সোমনাথ মন্দিৰ ধ্বংস কৰিছিল। কিন্তু সোমনাথ মন্দিৰ ধ্বংস কৰি ভাৰতৰ পৰিচয় মচি পেলাবলৈ অহাসকলৰ আজি কোনো অস্তিত্ব নাই।আনহাতে, বিশাল সাগৰৰ পাৰত সোমনাথ মন্দিৰে আজিও নিজৰ গৌৰৱেৰে থিয় হৈ আছে আৰু ভাৰতক অমৰত্বৰ আশীৰ্বাদ প্ৰদান কৰি আছে।সেইবাবেই এই বছৰ আমি অতি গৌৰৱেৰে ‘সোমনাথ স্বাভিমান পৰ্ব’ উদযাপন কৰিছো।
বন্ধুসকল,
আজি ‘মন কি বাত’ত মই এই বিষয়টো পুনৰ উত্থাপন কৰাৰ এক বিশেষ কাৰণ আছে।১০২৬ খ্ৰীষ্টাব্দত গজনীয়ে সোমনাথ মন্দিৰ ধ্বংস কৰাৰ সময়তে গুজৰাটৰ মোধেৰা অঞ্চলত থকা বিখ্যাত সূৰ্য মন্দিৰো আক্ৰমণ কৰি ধ্বংস কৰা হৈছিল।অৰ্থাৎ মোধেৰা মন্দিৰ ধ্বংসৰো আজি এহেজাৰ বছৰ সম্পূৰ্ণ হৈছে, অথচ সেই মন্দিৰটো তেতিয়া মাত্ৰ এবছৰ পূৰ্বেহে নিৰ্মাণ কৰা হৈছিল।ৰজা ভীমদেৱে ১০২৫ চনত এই মন্দিৰটো নিৰ্মাণ কৰাইছিল।
বন্ধুসকল,
সেই সময়ছোৱাৰ কথা এবাৰ কল্পনা কৰকচোন।এক বৃহৎ আক্ৰমণ সংঘটিত হৈছিল, সোমনাথ মন্দিৰৰ দৰে এক গুৰুত্বপূৰ্ণ ধৰ্মীয় বিশ্বাসৰ কেন্দ্ৰ ধ্বংস কৰা হৈছিল আৰু বিভিন্ন স্থানত আক্ৰমণ চলি আছিল।এনে পৰিস্থিতিত যিকোনো সমাজ বা প্ৰশাসনৰ মনোবল ভাঙি পৰাটো স্বাভাৱিক আছিল।কিন্তু প্ৰথম ভীমদেৱে কেৱল গজনীৰ শক্তিৰ সন্মুখীন হোৱাই নহয়, অতি কম সময়ৰ ভিতৰতে মোধেৰা সূৰ্য মন্দিৰো পুনৰ নিৰ্মাণ কৰাইছিল।এই দৃঢ়তা আৰু অদম্য সাহসৰ বাবেই বাৰে বাৰে ধ্বংসৰ সন্মুখীন হোৱা সত্ত্বেও সোমনাথ মন্দিৰো প্ৰতিবাৰেই পুনৰ নিৰ্মাণ কৰা হৈছিল।
বন্ধুসকল,
পৰৱৰ্তী সময়তো মোধেৰা সূৰ্য মন্দিৰৰ ওপৰত আক্ৰমণ বন্ধ হোৱা নাছিল।পিছলৈ আলাউদ্দিন খিলজীয়েও এই অনুপম স্থাপত্য-কীৰ্তিস্তম্ভটো ধ্বংস কৰিছিল।বন্ধুসকল, আমি ভাৰতীয়সকলে কেৱল স্থাপত্য আৰু মন্দিৰৰ জৰিয়তে সূৰ্যক পূজা নকৰোঁ।আমাৰ বাবে সূৰ্য পূজাৰ অৰ্থ হৈছে পোহৰ, শক্তি, বিজ্ঞান আৰু নিৰন্তৰ আগবাঢ়ি যোৱাৰ প্ৰেৰণা।সেইবাবেই আজি মোধেৰা কেৱল ইয়াৰ সূৰ্য মন্দিৰৰ বাবেই পৰিচিত নহয়।গুজৰাটৰ এই গাঁওখন দেশৰ প্ৰথমখন ‘সূৰ্য গাঁও’ হিচাপে পৰিগণিত হৈছে।মোধেৰাই এতিয়া সম্পূৰ্ণৰূপে সৌৰ শক্তিৰ ওপৰত নিৰ্ভৰশীল গাঁও হিচাবে দেশৰ বহনক্ষম উন্নয়নৰ এক উদাহৰণ দাঙি ধৰিছে।পৰ্যটকৰ বাবে মোধেৰাত কেইবাটাও আকৰ্ষণীয় স্থান আৰু সুবিধাও গঢ়ি তোলা হৈছে।প্ৰতি বছৰে জানুৱাৰী মাহত মকৰ সংক্ৰান্তিৰ পাছত তাত মোধেৰা নৃত্য উৎসৱ অনুষ্ঠিত হয়।এই উৎসৱত ভাৰতৰ সাংস্কৃতিক আৰু শাস্ত্ৰীয় নৃত্যৰ মনোমোহা প্ৰদৰ্শন কৰা হয়।মই আপোনালোক সকলোকে অন্ততঃ এবাৰ মোধেৰা ভ্ৰমণ কৰি ভাৰতৰ এই গৌৰৱময় ঐতিহ্য নিজ চকুৰে চাবলৈ আহ্বান জনাইছো।
বন্ধুসকল,
অতীতৰ সৈতে আমাৰ সম্পৰ্ক আজিও অতি সজীৱ হৈ আছে।এই সম্পৰ্ক অধিক গভীৰ কৰি তোলাৰ ক্ষেত্ৰত কিছুমান ব্যক্তিৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।এনে এক অনন্য প্ৰচেষ্টা তামিলনাডুৰ তিৰুচিৰাপল্লীৰ মানাপ্পাৰাইত চলি আছে।মহাবিদ্যালয় এখনৰ তামিল অধ্যয়ন বিভাগৰ সৈতে জড়িত এ চেলভৰাজু ডাঙৰীয়াই এই প্ৰচেষ্টাৰ নেতৃত্ব দি আছে।এটা বক্তৃতা অনুষ্ঠানত তেওঁ এগৰাকী ছাত্ৰৰ পৰা কিছুমান প্ৰাচীন ভাস্কৰ্যৰ বিষয়ে জানিব পাৰিছিল।এই বিষয়টো সন্দৰ্ভত আলোচনাৰ পাছত তেওঁ ক্ষেত্ৰভিত্তিক পৰিদৰ্শনৰ পৰিকল্পনা কৰে।এই পৰিদৰ্শনৰ সময়ত তেওঁ বিভিন্ন স্থানত কেইবাটাও ভাস্কৰ্য আৰু প্ৰাচীন মন্দিৰৰ সন্ধান লাভ কৰে।অতীতৰ সৈতে সংযোগ স্থাপনৰ এয়া এক আকৰ্ষণীয় উপায়।এনেদৰে আমি আমাৰ ঐতিহ্যক অধিক ভালদৰে বুজিব পাৰোঁ।দেশৰ আন আন অংশতো এনে ধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিব পাৰি।ই আমাক আমাৰ ইতিহাসক অধিক ওচৰৰ পৰা পৰ্যবেক্ষণ আৰু বুজি পোৱাৰ সুযোগ প্ৰদান কৰে।
মোৰ প্ৰিয় দেশবাসী,
মাত্ৰ কেইদিনমান পাছতেই ২ অক্টোবৰ আহিব—শ্ৰদ্ধাৰ বাপুৰ জন্মজয়ন্তী।বাপুৱে আমাক জীৱনৰ বাবে বহুতো পথপ্ৰদৰ্শক নীতি দি গৈছে।পৰিচ্ছন্নতা তাৰ ভিতৰত অন্যতম।আমি আমাৰ চৌপাশে পৰিচ্ছন্নতাৰ সৈতে জড়িত বহুতো প্ৰচেষ্টা প্ৰায়ে দেখিবলৈ পাওঁ।এই প্ৰচেষ্টাসমূহ অতি অনুপ্ৰেৰণাদায়ক আৰু উৎসাহজনক।এনে ধৰণৰ আলোকচিত্ৰ, ভিডিঅ’ আৰু চমু দৃশ্যাংশও সামাজিক মাধ্যমত সঘনাই আমাৰ দৃষ্টি আকৰ্ষণ কৰে।শেহতীয়াকৈ মই এনে বহুতো প্ৰচেষ্টা দেখিছোঁ।মধ্যপ্ৰদেশৰ এটা স্থানত যুৱক-যুৱতীসকলে এখন নদী পৰিষ্কাৰ কৰাৰ কামত ব্ৰতী হৈছে।সমগ্ৰ সমাজখনেও তেওঁলোকৰ এই সৰু প্ৰচেষ্টাত অংশগ্ৰহণ কৰিছে।একেদৰে, অন্ধ্ৰপ্ৰদেশত যুৱক-যুৱতীসকলে পুৰণি খটখট থকা কুঁৱা আৰু কুঁৱাসমূহ পৰিষ্কাৰ কৰি আমাৰ প্ৰাচীন ঐতিহ্য পুনৰুজ্জীৱিত কৰাত সহায় কৰিছে।মুম্বাইত কেইগৰাকীমান যুৱকে সাগৰৰ পাৰ পৰিষ্কাৰ কৰি ৰখাৰ উদ্যোগ গ্ৰহণ কৰিছে।প্ৰতি সপ্তাহত শ শ যুৱক-যুৱতী কোনো নহয় কোনো এটা সাগৰৰ পাৰত একত্ৰিত হৈ পৰিচ্ছন্নতা অভিযানৰ জৰিয়তে সেৱা আগবঢ়ায়।এয়া হৈছে ‘পৰিচ্ছন্নতাই সেৱা’ৰ উদাহৰণ।দিল্লীত শিশুসকল আৰু যুৱক-যুৱতীসকলে আৱৰ্জনা পৃথকীকৰণ আৰু নিজৰ চৌপাশ পৰিষ্কাৰ কৰি ৰখাৰ বিষয়ে সজাগতা সৃষ্টি কৰিছে।পশ্চিমবংগত যুৱ ছাত্ৰ-ছাত্ৰীসকলে স্থানীয় লোকসকলৰ সৈতে মিলি পিকনিকৰ স্থানসমূহত থকা বজাৰ এলেকা পৰিষ্কাৰ কৰিছে।
বন্ধুসকল,
এই সকলো প্ৰচেষ্টাৰ মাজত এটা দিশ অতি সহজেই লক্ষ্য কৰিব পাৰি।কোনো এঠাইত এই প্ৰচেষ্টা এগৰাকী ব্যক্তিৰ পৰাই আৰম্ভ হয়, তাৰ পাছত আন লোকসকল ইয়াৰ সৈতে জড়িত হয় আৰু লাহে লাহে এই প্ৰচেষ্টা এক গণ আন্দোলনত পৰিণত হয়।এয়াই হৈছে ‘জন-অংশীদাৰিত্ব’ৰ প্ৰকৃত অৰ্থ।নিশ্চয়, পৰিচ্ছন্নতাই হৈছে বাপুলৈ আমি আগবঢ়াব পৰা আটাইতকৈ সুন্দৰ শ্ৰদ্ধাঞ্জলি।
মোৰ প্ৰিয় দেশবাসী,
আমি যেতিয়া পৰিৱেশ সুৰক্ষা কৰোঁ, তেতিয়া কেৱল উদ্ভিদ বা জীৱ-জন্তুকেই সুৰক্ষা নিদিওঁ; আমি সমগ্ৰ পৰিস্থিতিতন্ত্ৰটোক শক্তিশালী কৰি তোলোঁ।দেশৰ বিভিন্ন প্ৰান্তত চলি থকা কিছুমান প্ৰচেষ্টাই এই ভাবনাটোক সুন্দৰভাৱে প্ৰতিফলিত কৰিছে।
বন্ধুসকল,
অসমত সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য আছে।এটা সময়ত এই অঞ্চল হাতীৰ বিচৰণভূমি আছিল, কিন্তু বনভূমিত মানুহৰ আধিপত্য বৃদ্ধি পোৱাৰ লগে লগে হাতীবোৰে এই অঞ্চল এৰি আঁতৰি গৈছিল।তিনি বছৰ পূৰ্বে এই ভূমি বেদখলমুক্ত কৰা হৈছিল আৰু ইয়াৰ ফলাফল অভূতপূৰ্ব হৈছে—হাতীবোৰ পুনৰ এই অঞ্চললৈ ঘূৰি আহিছে।বহু বছৰ ধৰি হাতীৰ বিচৰণ নোহোৱা অঞ্চলসমূহতো এতিয়া পুনৰ হাতীৰ জাক দেখা পোৱা গৈছে।বন্ধুসকল, অসমতে আন এক সুন্দৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে—এই প্ৰচেষ্টা অতি সৰু এবিধ জীৱ, পিগমি হগ সংৰক্ষণৰ বাবে গ্ৰহণ কৰা হৈছে। এটা সময়ত ইয়াৰ অস্তিত্বই সংকটৰ সন্মুখীন হৈছিল।সেই সময়ত মাত্ৰ ছটা পিগমি হগক লৈ এক সংৰক্ষণ কাৰ্যসূচী আৰম্ভ কৰা হৈছিল আৰু সেইবোৰক পুনৰ প্ৰাকৃতিক পৰিৱেশত মুকলি কৰি দিয়া হৈছিল।ইহঁতৰ বাসস্থানৰ বাবে ঘাঁহনি অঞ্চলসমূহো সংৰক্ষণ তথা বিকশিত কৰা হৈছিল।আজি এই কাৰ্যসূচীৰ ফলত পিগমি হগৰ সংখ্যা ১৯০টাতকৈও অধিক হৈছে।
বন্ধুসকল,
প্ৰকৃতিৰ সৈতে আমাৰ সম্পৰ্ক কেৱল ইয়াৰ সংৰক্ষণতে সীমাবদ্ধ নহয়।প্ৰায়ে আমি যেতিয়া প্ৰকৃতিৰ যত্ন লওঁ, তেতিয়া প্ৰকৃতিয়েই আমাৰ জীৱন-জীৱিকাৰ এক উৎস হৈ পৰে।পশ্চিমবংগৰ সুন্দৰবনত কেইগৰাকীমান মহিলাই এই সম্পৰ্কৰ এক অনুপ্ৰেৰণাদায়ক উদাহৰণ দাঙি ধৰিছে।ঝাৰখালিৰ এই মহিলাসকলে মেংগ্ৰোভ অৰণ্য সৃষ্টি কৰি আছে।তেওঁলোকৰ অধিকাংশই এনে মহিলা, যিসকলে বাঘৰ আক্ৰমণত নিজৰ স্বামীক হেৰুৱাইছে।স্বামীক হেৰুওৱাৰ পাছত তেওঁলোকে সুন্দৰবনৰ মাজতেই জীৱিকা নিৰ্বাহৰ এক উপায় বিচাৰি উলিয়াইছে।তেওঁলোকে ৰোপণ কৰা মেংগ্ৰোভ গছসমূহে এতিয়া তেওঁলোকৰ গাঁওসমূহৰ বাবে প্ৰাকৃতিক সুৰক্ষা-কৱচ হিচাপে কাম কৰাৰ লগতে তেওঁলোকক উপাৰ্জনৰ সুবিধাও প্ৰদান কৰিছে।বন্ধুসকল, আহক আমি পৰিৱেশ সংৰক্ষণ কৰোঁ, প্ৰকৃতিৰ ভাৰসাম্যক সন্মান কৰোঁ আৰু ইয়াৰ বৈচিত্ৰ্য সুৰক্ষিত কৰোঁ।আমাৰ এনে প্ৰতিটো প্ৰচেষ্টাই ভৱিষ্যৎ প্ৰজন্মৰ প্ৰতি আমাৰ এক দায়িত্ব।
মোৰ প্ৰিয় দেশবাসী,
দেশজুৰি লাখ লাখ যুৱকে শেহতীয়াকৈ নিচাযুক্ত দ্ৰব্য আৰু ড্ৰাগছৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ সংকল্প গ্ৰহণ কৰিছে।তেওঁলোকে নিজে নিচাযুক্ত দ্ৰব্যৰ পৰা আঁতৰি থকাৰ শপত লোৱাৰ লগতে আনসকলৰ মাজতো এই বাৰ্তা প্ৰচাৰ কৰাৰ দায়িত্ব গ্ৰহণ কৰিছে।এই সকলোবোৰ ‘নিচামুক্ত যুৱ অভিযান’ৰ অধীনত কৰা হৈছে।এই অভিযান ১০০ সপ্তাহ ধৰি চলিব।ইয়াত ‘মাই ভাৰত’ৰ স্বেচ্ছাসেৱকসকলেও অংশগ্ৰহণ কৰিছে।ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সৈতে জড়িত আমাৰ যুৱক-যুৱতীসকলো ইয়াৰ অংশীদাৰ হৈছে।বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহেও এই অভিযানত যোগদান কৰিছে।ইয়াৰ উপৰি বহুতো সামাজিক আৰু আধ্যাত্মিক সংগঠনো এই অভিযানৰ সৈতে জড়িত হৈছে।যোৱা কেইটামান দিনতে দেশজুৰি হাজাৰ হাজাৰ সংকল্প গ্ৰহণ অনুষ্ঠান আৰু সজাগতা কাৰ্যসূচী অনুষ্ঠিত হৈছে।বন্ধুসকল, এই অভিযানৰ এটা দিশ মোৰ বিশেষভাৱে ভাল লাগে—সেয়া হৈছে ‘নিচামুক্তিৰ বাৰ্তা’।আমাৰ যুৱক-যুৱতীসকলে নিজৰ ভাষাত আৰু নিজৰ ধৰণে এই বাৰ্তা প্ৰচাৰ কৰি আছে।‘মন কি বাত’তো মই যুৱক-যুৱতীসকলক নিজৰ সৃষ্টিশীলতাৰ জৰিয়তে এই অভিযানত যোগদান কৰিবলৈ আহ্বান জনাইছিলোঁ। এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই হাজাৰ হাজাৰ যুৱক-যুৱতী আগবাঢ়ি অহাত মই অত্যন্ত আনন্দিত হৈছোঁ।‘মাই ভাৰত’ মঞ্চত সংগীত, শ্লোগান লিখন আৰু বাটৰ নাটৰ দৰে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে।একেদৰে, যুৱক-যুৱতীসকলে সামাজিক মাধ্যমত ‘নিচামুক্ত যুৱ’ শীৰ্ষক হেছটেগ , #NashaMuktYuva ব্যৱহাৰ কৰি সৃষ্টিশীল সমল প্ৰকাশ কৰি আছে।অৰ্থাৎ, বাৰ্তা, মাধ্যম আৰু এই সমগ্ৰ প্ৰচেষ্টাৰ চালিকা শক্তি—সকলো যুৱক-যুৱতীসকলৰ নিজৰ পৰাই আহিছে।আগন্তুক দিনসমূহত এই অভিযানৰ অংশ হিচাপে স্বাস্থ্য পৰীক্ষা আৰু ধ্যান শিবিৰৰ দৰে কাৰ্যসূচীও অনুষ্ঠিত কৰা হ’ব।
বন্ধুসকল,
আমাৰ কেইবাটাও উৎসৱ অতি সোনকালেই আহি আছে।এইবাৰ উৎসৱৰ আনন্দ-উল্লাসৰ মাজতে আহক, আমি আমাৰ চৌপাশলৈও এবাৰ চাওঁ আহক।যদি কোনো যুৱক-যুৱতী কোনো ক্ষতিকাৰক অভ্যাসৰ দিশে ধাৱিত হোৱা দেখা পায়, তেন্তে তেওঁৰ সৈতে কথা পাতক।যদি কোনোবাই নিচাৰ পৰা মুক্ত হ’বলৈ চেষ্টা কৰিছে, তেন্তে তেওঁক সহায় কৰক।আহক আমি সকলোৱে একেলগে নিচামুক্ত যুৱ সমাজ আৰু বিকশিত ভাৰত গঢ়াৰ সংকল্প আগুৱাই লৈ যাওঁ।
মোৰ প্ৰিয় দেশবাসী,
এইবাৰ মই লালকিল্লাৰ পৰা ক্ৰীড়াৰ ক্ষেত্ৰত প্ৰতিভা সন্ধান অভিযানৰ কথা ঘোষণা কৰিছিলোঁ।ভাৰতে যাতে ক্ৰীড়াৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন অব্যাহত ৰাখিব পাৰে তাৰ বাবে গাঁও আৰু চহৰসমূহলৈ গৈ ক্ৰীড়া প্ৰতিভা বিচাৰি উলিওৱাটো অতি প্ৰয়োজনীয়।একেসময়তে এনে বহু লোক আছে যিয়ে এই কামৰ বাবেই নিজৰ জীৱন উৎসৰ্গা কৰিছে।তেওঁলোকৰ একমাত্ৰ লক্ষ্য হৈছে প্ৰতিভা বিচাৰি উলিওৱা আৰু সেই প্ৰতিভাক উপযুক্ত ৰূপ দিয়া।আমাৰ পঞ্জাৱত ৰাজিন্দৰ সিং ডাঙৰীয়াই ঠিক এই কামটোৱেই কৰি আছে।ৰাজিন্দৰ সিং ডাঙৰীয়া এনে এগৰাকী ব্যক্তি, যাৰ নামৰ সৈতে ‘ছিনিয়ৰ’ উপাধিটোও জড়িত হৈ আছে।১৯৮০ চনৰ অলিম্পিকত হকীত সোণৰ পদক জয় কৰা দলটোৰ তেওঁ সদস্য আছিল।১৯৮২ চনৰ বিশ্বকাপতো তেওঁ চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াইছিল।২০০১ চনত ভাৰতে প্ৰথমবাৰৰ বাবে পুৰুষৰ জুনিয়ৰ বিশ্বকাপৰ খিতাপ জয় কৰিছিল।আনহাতে, ২০০৩ চনত দেশে ছিনিয়ৰ এছিয়া কাপৰ খিতাপ অৰ্জন কৰিছিল।এই দুয়োটা প্ৰতিযোগিতাতে তেওঁ প্ৰশিক্ষকৰ ভূমিকা পালন কৰিছিল।এতিয়া তেওঁ ৰাউণ্ড গ্লাছ হকী একাডেমীৰ জৰিয়তে নিজৰ এই আগ্ৰহক আগুৱাই লৈ গৈছে।তেওঁৰ প্ৰচেষ্টাৰ ফলত গাঁওসমূহত হকীৰ বাবে কৃত্ৰিম ঘাঁহৰ খেলপথাৰ নিৰ্মাণ কৰা হৈছে।ৰাজিন্দৰ ডাঙৰীয়াৰ লক্ষ্য অতি স্পষ্ট—উন্নত প্ৰশিক্ষণৰ সুবিধাৰ পৰা বঞ্চিত গাঁওসমূহৰ শিশুসকলৰ মাজৰ পৰা প্ৰতিভা বিচাৰি উলিওৱা।এনে প্ৰচেষ্টাৰ জৰিয়তে বহু খেলুৱৈয়ে ভাৰতৰ জুনিয়ৰ আৰু ছিনিয়ৰ পৰ্যায়ত স্থান লাভ কৰিছে।ৰাজিন্দৰ সিং ডাঙৰীয়াৰ নিষ্ঠাৰ যিমানেই প্ৰশংসা কৰা নহওক কিয়, সেয়া যথেষ্ট নহয়।
মোৰ প্ৰিয় দেশবাসী,
আমলখি আমাৰ সকলোৰে অতি পৰিচিত।
ইয়াৰ পৰা প্ৰস্তুত কৰা আচাৰ আৰু মৰব্বা অধিকাংশ পৰিয়ালতে ব্যৱহাৰ কৰা হয়।বহুতে আমলখিৰ ৰস ভালপায় আৰু শীতকালত চ্যৱনপ্ৰাশ আমাৰ দৈনন্দিন জীৱনৰ এক অপৰিহাৰ্য অংশ হৈ পৰে।আমাৰ জ্যেষ্ঠসকলে প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি আমলখিৰ গুণাগুণৰ বিষয়ে কৈ আহিছে।বন্ধুসকল, এই আমলখিয়েই এতিয়া উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ত নতুন সম্ভাৱনাৰ উৎস হৈ পৰিছে।প্ৰতাপগড় আৰু আমলখিৰ সম্পৰ্ক অতি পুৰণি।ইয়াত কৃষকসকলে প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি আমলখিৰ খেতি কৰি আহিছে।আমলখিয়ে প্ৰতাপগড়ক এক শক্তিশালী পৰিচয় প্ৰদান কৰিছে আৰু এতিয়া এই দীৰ্ঘদিনীয়া পৰিচয়েই স্থানীয় কৃষক আৰু মহিলাসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিছে।‘এক জিলা, এক সামগ্ৰী’ আঁচনিয়ে তাত আমলখিৰ ব্যৱসায়ৰ সৈতে জড়িত স্থানীয় উদ্যোগীসকলক উৎসাহিত কৰিছে।আজি প্ৰতাপগড়ত আমলখি প্ৰক্ৰিয়াকৰণৰ সৈতে জড়িত প্ৰায় ১০০টা উদ্যোগ সক্ৰিয় হৈ আছে।ইয়াত আত্মসহায়ক গোটৰ সৈতে জড়িত মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।দেৱগড় কামাসী গাঁৱৰ এনে এটা গোট হৈছে সাবিত্ৰী ফুলে আত্মসহায়ক গোট।এই গোটৰ সৈতে জড়িত মহিলাসকলে আমলখিৰ পৰা মিঠাই, মৰব্বা আৰু ৰস প্ৰস্তুত কৰি আছে।‘এক জিলা, এক সামগ্ৰী’ আঁচনিৰ জৰিয়তে নতুন বজাৰত প্ৰৱেশৰ সুযোগ লাভ কৰাৰ ফলত তেওঁলোকৰ উপাৰ্জনো বৃদ্ধি পাইছে।একেদৰে, এখন গাঁৱত ‘বিন্ধ্যবাসিনী আত্মসহায়ক গোট’ নামৰ আন এটা গোট আছে।এই গোটৰ মহিলাসকলে আমলখিৰ আচাৰ আৰু পাচন গুড়িকে ধৰি বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি আছে।এই মহিলাসকলে প্ৰক্ৰিয়াকৰণৰ বাবে যন্ত্ৰপাতি আৰু ঋণৰ সুবিধা লাভ কৰিছে।তেওঁলোকে স্থানীয় বাণিজ্য মেলাত অংশগ্ৰহণ কৰাৰ সুযোগো লাভ কৰিছে আৰু অতি কম সময়ৰ ভিতৰতে তেওঁলোকৰ উপাৰ্জন যথেষ্ট বৃদ্ধি পাইছে।
বন্ধুসকল,
আমাৰ দেশৰ প্ৰতিটো অঞ্চলতে নিশ্চয় এনে কিছুমান অনন্য বিশেষত্ব আছে—সেয়া কোনো নিৰ্দিষ্ট ফল, পৰম্পৰাগত শিল্পকলাৰ ৰূপ বা কোনো বিশেষ দক্ষতা হ’ব পাৰে।‘এক জিলা, এক সামগ্ৰী’ অভিযানৰ লক্ষ্য হৈছে এনে বিশেষত্বসমূহকেই প্ৰচাৰ আৰু প্ৰসাৰ কৰা।আমাৰ প্ৰচেষ্টা হোৱা উচিত যাতে আমাৰ গাঁও আৰু সৰু চহৰসমূহৰ পৰিচয় কেৱল স্থানীয় বজাৰৰ মাজতে সীমাবদ্ধ হৈ নাথাকে।এই সামগ্ৰীসমূহ দেশৰ আন আন প্ৰান্তলৈ আৰু আনকি বিশ্বৰ বজাৰতো যাতে উপনীত হয় তাৰ বাবে আমি কাম কৰিব লাগিব।ই ‘ভোকেল ফৰ লোকেল’ অভিযানকো শক্তিশালী কৰে।ই দেশক আত্মনিৰ্ভৰশীল হ’বলৈ অনুপ্ৰাণিত কৰে।আগন্তুক উৎসৱৰ বতৰতো আমি ‘ভোকেল ফৰ লোকেল’ ৰ মন্ত্ৰ কেতিয়াও পাহৰিব নালাগিব।
মোৰ প্ৰিয় দেশবাসী,
ছেপ্টেম্বৰ মাহটো অপুষ্টিৰ বিৰুদ্ধে যুঁজৰ বাবে উৎসৰ্গিত।পুষ্টি মাহত বিভিন্ন ক্ষেত্ৰৰ ব্যক্তি আৰু সংগঠনসমূহে এই মহান উদ্দেশ্যৰ বাবে একেলগে কাম কৰিছে।এই বছৰ অপুষ্টিৰ বিৰুদ্ধে যুঁজিবলৈ কেইবাটাও প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে।উদাহৰণস্বৰূপে, ছত্তীশগড়ত ‘হৰ ঘৰ মুঙ্গা—ঘৰ ঘৰ মুঙ্গা’ অভিযান আৰম্ভ কৰা হৈছে।ইয়াৰ জৰিয়তে মানুহক পুষ্টিকৰ মুঙ্গা অৰ্থাৎ চজিনা খাদ্যত অন্তৰ্ভুক্ত কৰিবলৈ উৎসাহিত কৰা হৈছে। গুজৰাটতো ‘বাংগী স্পৰ্ধা’ নামৰ এক প্ৰতিযোগিতা আৰম্ভ কৰা হৈছে, য’ত বিভিন্ন শস্যৰ পৰা প্ৰস্তুত কৰা খাদ্যৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।এই পদক্ষেপে কম খৰচী আৰু পুষ্টিকৰ স্থানীয় খাদ্যক উৎসাহিত কৰে।এতিয়ালৈকে দুই লাখতকৈও অধিক লোকে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে।মহাৰাষ্ট্ৰতো এই দিশত প্ৰশংসনীয় প্ৰচেষ্টা চলি আছে।তাত শিক্ষক, অংগনৱাড়ী কৰ্মী আৰু অভিভাৱকসকলে সজাগতা অভিযানত অংশগ্ৰহণ কৰিছে।মিজোৰামতো এই বছৰ মানুহে একত্ৰিত হৈ ‘পোষণ বাটিকা’সমূহৰ ৰক্ষণাবেক্ষণৰ বাবে এক অভিযান আৰম্ভ কৰিছে।এই পদক্ষেপ মিজো পৰম্পৰা ‘তালো-মাড-য়ানা’ৰ সৈতে সংগতি ৰাখে, যাৰ অৰ্থ হৈছে নিঃস্বাৰ্থ সেৱা আগবঢ়োৱা আৰু আনক সহায় কৰাৰ ক্ষেত্ৰত সদায় আগভাগ লোৱা।এনে প্ৰচেষ্টাসমূহ সঁচাকৈয়ে প্ৰশংসনীয়।এনে পদক্ষেপৰ সৈতে জড়িত অংগনৱাড়ী কেন্দ্ৰসমূহৰ সকলো কৰ্মীক লৈ মই গৌৰৱ অনুভৱ কৰোঁ।এই অংগনৱাড়ী কেন্দ্ৰসমূহ এতিয়া ‘পোষণ ট্ৰেকাৰ’ৰ জৰিয়তে ডিজিটেলভাৱে সংযুক্ত হৈছে আৰু এই মঞ্চত প্ৰায় ৯ কোটি হিতাধিকাৰী পঞ্জীয়নভুক্ত হৈছে।ইয়াৰ ফলত শিশু, গৰ্ভৱতী মহিলা আৰু স্তনপান কৰোৱা মাতৃসকলৰ অধিক উন্নত যত্ন লোৱাত সহায় হৈছে।আমি একে উৎসাহেৰে অপুষ্টিৰ বিৰুদ্ধে এই যুঁজ অব্যাহত ৰাখিব লাগিব।আমি আমাৰ সমাজখনক সম্পূৰ্ণৰূপে অপুষ্টিমুক্ত কৰি তুলিব লাগিব।
বন্ধুসকল,
এই মাহত আমি সকলোৱে অতি ভক্তি আৰু উৎসাহেৰে গণেশ উৎসৱ উদযাপন কৰিছোঁ।সমগ্ৰ দেশতে গভীৰ শ্ৰদ্ধাৰে গণপতি বাপ্পাক আদৰণি জনোৱা হৈছিল।এই পৱিত্ৰ অনুষ্ঠানে সমগ্ৰ পৰিৱেশ আনন্দ আৰু উৎসাহেৰে ভৰাই তোলে।বন্ধুসকল, বিঘ্নহৰ্তা ভগৱান শ্ৰী গণেশ জ্ঞান, প্ৰজ্ঞা আৰু যিকোনো কামৰ শুভাৰম্ভৰ প্ৰতীক।তেওঁৰ প্ৰতি গভীৰ ভক্তি কেৱল ভাৰততে সীমাবদ্ধ নহয়।ইয়াৰ উদাহৰণ হৈছে শ্ৰীমান পান্থৌন থিৰখানোন ডাঙৰীয়া—তেওঁ থাইলেণ্ডৰ বাসিন্দা।তাত ভগৱান শ্ৰী গণেশক ‘ফ্ৰা ফিকানেট’ নামেৰে পূজা কৰা হয়।তেওঁৰ ১৯ বছৰ বয়সত তেওঁৰ পিতৃয়ে তেওঁক ভগৱান শ্ৰী গণেশৰ এখন আলোকচিত্ৰ উপহাৰ দিছিল।তেতিয়াই তেওঁৰ মনত গভীৰ ভক্তি ভাবৰ উদয় হৈছিল।তেওঁ বিগত চাৰি দশকৰো অধিক সময় ধৰি ভগৱান শ্ৰী গণেশৰ সৈতে জড়িত পৰম্পৰাসমূহ অধ্যয়ন কৰি আহিছে।তেওঁ ভাৰত আৰু নেপালকে ধৰি এছিয়াৰ কেইবাখনো দেশ ভ্ৰমণ কৰিছে।মহাৰাষ্ট্ৰৰ প্ৰতি তেওঁৰ বিশেষ অনুৰাগ আছে।অষ্টবিনায়ক পৰম্পৰাৰ বিষয়ে জানিব পাৰি তেওঁ বহু বাৰ এই অঞ্চল ভ্ৰমণ কৰিছে।তেওঁৰ প্ৰচেষ্টাৰ ফলত থাইলেণ্ডতো ভক্তসকলৰ মাজত অষ্টবিনায়ক যাত্ৰা জনপ্ৰিয় হৈ পৰিছে।২০০২ চনত তেওঁ উত্তৰ থাইলেণ্ডৰ চিয়াং মাইত গণেশ হিমাল সংগ্ৰহালয় প্ৰতিষ্ঠা কৰিছিল।আজি এই সংগ্ৰহালয়ত গণেশৰ ১০,০০০ৰো অধিক মূৰ্তি আছে।ভাৰত ভ্ৰমণ কৰিবলৈ অসমৰ্থ ভক্তসকলৰ বাবে সংগ্ৰহালয়টোত অষ্টবিনায়কৰ মূৰ্তিও আছে।ইয়াত প্ৰতি দেওবাৰে পুৱা প্ৰায় ১০ বজাত গণেশজীৰ পূজা-অৰ্চনা কৰা হয়।ইয়াৰ উপৰি গণেশৰ সৈতে জড়িত বিশেষ অনুষ্ঠানসমূহো ইয়াত উদযাপন কৰা হয়।ইয়াৰ পৰা এই কথাই প্ৰমাণিত হয় যে ভাৰতৰ বিশ্বাস, শিল্প আৰু সাংস্কৃতিক পৰম্পৰা আন দেশসমূহতো জনপ্ৰিয় হৈ পৰিছে।মই কামনা কৰোঁ যে গণপতি বাপ্পাৰ আশীৰ্বাদ সদায় সকলোৰে সৈতে থাকক।
বন্ধুসকল,
‘মন কি বাত’ৰ প্ৰতিটো খণ্ডৰ পাছত মই আপোনালোকৰ পৰা বিভিন্ন বিষয়ত অসংখ্য বাৰ্তা লাভ কৰোঁ।অনুগ্ৰহ কৰি এনে অনুপ্ৰেৰণাদায়ক কাহিনীসমূহ আমাৰ সৈতে ভাগ-বাটোৱাৰা কৰা অব্যাহত ৰাখক।আপোনালোকৰ চৌপাশে চলি থকা এনে পদক্ষেপসমূহক যেতিয়া আপোনালোকে প্ৰশংসা কৰে, তেতিয়া ইয়াৰ সৈতে জড়িত লোকসকলৰ উৎসাহ আৰু অধিক বৃদ্ধি পায়।‘মন কি বাত’ৰ জৰিয়তে এই প্ৰচেষ্টাসমূহৰ বিষয়ে জানিবলৈ পাই দেশৰ আন আন প্ৰান্তৰ লোকসকলো অনুপ্ৰাণিত হয়।আপোনালোকৰ সহযোগিতাৰে এই যাত্ৰা আগলৈও অব্যাহত থাকক।আগন্তুক উৎসৱসমূহ পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে অতি আনন্দ আৰু উৎসাহেৰে উদযাপন কৰক।পুনৰবাৰ আপোনালোক সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
আপোনালোকক বহুত বহুত ধন্যবাদ।
নমস্কাৰ।
***
MJPS/SS/ST/VK/DM
Do listen to this month's #MannKiBaat as we discuss a range of subjects. https://t.co/uNlANtGly7
— Narendra Modi (@narendramodi) September 27, 2026
India has made it clear that terrorism will be met with a strong and decisive response.#MannKiBaat pic.twitter.com/xwDUFCAGZs
— PMO India (@PMOIndia) September 27, 2026
The Census is a national responsibility and every citizen has a role to play.#MannKiBaat pic.twitter.com/DikrJ8RimG
— PMO India (@PMOIndia) September 27, 2026
Tributes to Shri Ashok Singhal Ji on his birth centenary. His lifelong dedication to society and the nation continues to inspire generations.#MannKiBaat pic.twitter.com/rWa6GJaNyL
— PMO India (@PMOIndia) September 27, 2026
From the historic Sun Temple to becoming a solar village, Modhera beautifully connects our rich heritage with a sustainable future.#MannKiBaat pic.twitter.com/QAY9ynzcwI
— PMO India (@PMOIndia) September 27, 2026
Tamil Nadu's A. Selvaraju Ji's efforts are helping people discover ancient idols and temples. Such initiatives help us connect with and better understand our heritage.#MannKiBaat pic.twitter.com/gMUU959cih
— PMO India (@PMOIndia) September 27, 2026
Nature conservation is bringing positive change in Assam.#MannKiBaat pic.twitter.com/Xmi5Ft1ncy
— PMO India (@PMOIndia) September 27, 2026
In the Sundarbans, women are planting mangroves that protect villages and support their livelihoods. pic.twitter.com/1Hyh0nX8PM
— PMO India (@PMOIndia) September 27, 2026
India's youth are coming together against drugs. Through the Nasha Mukt Yuva Abhiyan, they are spreading awareness through creative campaigns and activities.#MannKiBaat pic.twitter.com/iL0Rqd5MR3
— PMO India (@PMOIndia) September 27, 2026
Rajinder Singh Senior Ji is helping discover and train young hockey talent. His efforts are giving children in villages better opportunities to pursue the sport.#MannKiBaat pic.twitter.com/xZmiA246mW
— PMO India (@PMOIndia) September 27, 2026
Pratapgarh's famous Amla is creating new opportunities for farmers and women working in Self-Help Groups.#MannKiBaat pic.twitter.com/iVggcTUp5q
— PMO India (@PMOIndia) September 27, 2026
Across India, people are coming together to promote better nutrition and support healthier communities.#MannKiBaat pic.twitter.com/pmiG3ueyo6
— PMO India (@PMOIndia) September 27, 2026
Bhagwan Shri Ganesh's devotion goes beyond India... In Thailand, the Ganesh Himal Museum has over 10,000 Ganesh idols, reflecting the deep cultural ties shared between the two countries.#MannKiBaat pic.twitter.com/RSSGBGqwYB
— PMO India (@PMOIndia) September 27, 2026