Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান গেমছত মহিলাৰ ৩০০০ মিটাৰ ষ্টিপলচেজত ব্ৰঞ্জৰ পদক জয় কৰা পাৰুল চৌধুৰীক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান গেমছত মহিলাৰ ৩০০০ মিটাৰ ষ্টিপলচেজ প্ৰতিযোগিতাত উৎকৃষ্ট প্ৰদৰ্শনেৰে ব্ৰঞ্জৰ পদক জয় কৰা পাৰুল চৌধুৰীক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে এই সাফল্যক অধিক বিশেষ কৰি তুলি পদকৰ লাভৰ লক্ষ্যত উপনীত হোৱাৰ পথত পাৰুলে নিজৰ ব্যক্তিগত শ্ৰেষ্ঠত্বও  অৰ্জন কৰিছে।

শ্ৰী মোদীয়ে উল্লেখ কৰে যে তেওঁৰ নিষ্ঠা আৰু অধ্যৱসায়ে ভাৰতক গৌৰৱান্বিত কৰিছে।লগতে প্ৰধানমন্ত্ৰীয়ে আগন্তুক প্ৰচেষ্টাসমূহৰ বাবে পাৰুল চৌধুৰীলৈ শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সৰ এটা পোষ্টত এনেদৰে লিখিছে—

“এছিয়ান গেমছত মহিলাৰ ৩০০০ মিটাৰ ষ্টিপলচেজত ব্ৰঞ্জৰ পদক জয় কৰি পাৰুল চৌধুৰীয়ে এক উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াইছে! এই সাফল্যক অধিক বিশেষ কৰি তুলি পদকৰ লক্ষ্যত উপনীত হোৱাৰ পথত তেওঁ নিজৰ ব্যক্তিগত শ্ৰেষ্ঠত্বও অৰ্জন কৰিছে। তেওঁৰ নিষ্ঠা আৰু অধ্যৱসায়ে ভাৰতক গৌৰৱান্বিত কৰিছে। আগন্তুক প্ৰচেষ্টাৰ বাবে তেওঁক শুভেচ্ছা জনালোঁ।”PM @narendramodi”

 

***

MJPS/SS/PRK/DM