পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লতা দিদিক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে তেওঁ সংগীতৰ ঐশ্বৰিক প্ৰতিভাৰ জৰিয়তে সমগ্ৰ বিশ্বতে ৰাষ্ট্ৰক গৌৰৱান্বিত কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে তেওঁ কেৱল তেওঁৰ সুৰীয়া কণ্ঠস্বৰেৰে ভাৰতক সমৃদ্ধ কৰাই নহয়, দেশৰ উন্নয়নৰ সৈতে জড়িত প্ৰতিটো পদক্ষেপক নিৰন্তৰভাৱে উৎসাহিত কৰিছিল। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰতীয় সংগীত জগতলৈ তেওঁৰ অতুলনীয় অৱদান অনাগত প্ৰজন্মবোৰৰ বাবে স্মৰণীয় হৈ থাকিব।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰিছেঃ
‘নিজৰ ঐশ্বৰিক গায়কীৰে পৃথিৱীত দেশখনক গৌৰৱান্বিত কৰা শ্ৰদ্ধাৰ লতা দিদিক তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁ কেৱল তেওঁৰ সুৰীয়া কণ্ঠেৰে ভাৰতক সমৃদ্ধ কৰাই নহয়, দেশৰ উন্নয়নৰ সৈতে জড়িত প্ৰতিটো পদক্ষেপক সদায় উৎসাহিত কৰিছিল। ভাৰতীয় সংগীত জগতলৈ তেওঁৰ অতুলনীয় অৱদান যুগ যুগ ধৰি স্মৰণীয় হৈ থাকিব।’
अपनी दिव्य गायन प्रतिभा से विश्व में देश का नाम रोशन करने वालीं आदरणीया लता दीदी को उनकी जयंती पर सादर नमन। उन्होंने भारतवर्ष को न केवल अपने सुमधुर सुरों से सजाया-संवारा, बल्कि देश की समृद्धि से जुड़ी हर पहल को भी सदैव प्रोत्साहित किया। भारतीय संगीत जगत में उनका अप्रतिम योगदान…
— Narendra Modi (@narendramodi) September 28, 2026
***
MJPS/SS/PRK/HS