Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

গুজৰাটৰ আনন্দত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ আনন্দত সংঘটিত এক দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহত সকলো লোকৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা এক্সত পোষ্ট কৰা হৈছে;

‘গুজৰাটৰ আনন্দত সংঘটিত এক দুৰ্ঘটনাত কেইবাগৰাকীও লোকে প্ৰাণ হেৰুওৱাৰ ঘটনাত গভীৰভাৱে শোকাহত। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। মই আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছোঃ প্ৰধানমন্ত্ৰী @narendramodi’

 

****

MJPS/SS/ST/DD