Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান গেমছত পুৰুষৰ ৪ x ৪০০ মিটাৰ ৰিলেত ব্ৰঞ্জৰ পদক জয় কৰা ধৰ্মবীৰ চৌধুৰী, মনু টি এছ, জয় কুমাৰ আৰু বিশাল টি কে ক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত পুৰুষৰ ৪ x ৪০০ মিটাৰ ৰিলেত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে ধৰ্মবীৰ চৌধুৰী, মনু টি এছ, জয় কুমাৰ আৰু বিশাল টি কে-ক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে দলটোৱে সুন্দৰ সময়ৰ অভিলেখেৰে পদক লাভ কৰে । তেওঁলোকৰ সফলতাই অনাগত সময়ত এথলেটিকছৰ জনপ্ৰিয়তাত অৰিহণা যোগাব বুলি শ্ৰী মোদীয়ে আশা প্ৰকাশ কৰে ।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা এক্স-ত পোষ্ট কৰা হৈছে;

“সঁচাকৈয়ে উল্লেখযোগ্য! পুৰুষৰ ৪ x ৪০০ মিটাৰ ৰিলেত সুন্দৰ সময়ৰ অভিলেখেৰে ব্ৰঞ্জৰ পদক জয় কৰা বাবে ধৰ্মবীৰ চৌধুৰী, মনু টি এছ, জয় কুমাৰ আৰু বিশাল টি কে ক অভিনন্দন জনাইছো। তেওঁলোকৰ সফলতাই আগন্তুক সময়ত এথলেটিকছৰ জনপ্ৰিয়তাত অৰিহণা যোগাব:  প্ৰধানমন্ত্ৰী @narendramodi “

 

***

MJPS/SS/ST/DD