Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

১ অক্টোবৰত ভাৰত মণ্ডপমত ইউপিএছচিৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ ভাৰত মণ্ডপমত ১ অক্টোবৰত পুৱা ১১ বজাত কেন্দ্ৰীয় লোকসেৱা আয়োগ (ইউপিএছচি)ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই উপলক্ষে তেওঁ সমাবেশকো সম্বোধন কৰিব।

যোৱা বছৰৰ ১ অক্টোবৰত আৰম্ভ হোৱা বছৰজোৰা উদযাপনৰ সৈতে সংগতি ৰাখি আয়োজিত এই কাৰ্যসূচীৰ জৰিয়তে ১৯২৬ চনত ইউপিএছচি প্ৰতিষ্ঠা হোৱাৰ ১০০ বছৰ স্মৰণ কৰা হৈছে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এটা ইউপিএছচিৰ শতবাৰ্ষিকী স্মাৰক মুদ্ৰা, এটা স্মাৰক ডাকটিকট আৰু ‘১০০ টা যুগান্তকাৰী বিচাৰ-ভাৰতত ইউপিএছচি আৰু ৰাজহুৱা সেৱা আয়োগৰ নীতি গঠন’ শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰিব।

এই কাৰ্যসূচীত ৰাজ্যিক লোকসেৱা আয়োগৰ অধ্যক্ষ আৰু সদস্য, ভাৰত চৰকাৰৰ জ্যেষ্ঠ বিষয়া, শিক্ষাবিদ, ইউপিএছচিৰ বিষয়া আৰু অন্যান্যকে ধৰি সমগ্ৰ দেশৰ অংশীদাৰসকলে অংশগ্ৰহণ কৰিব।

এই অনুষ্ঠান ইউপিএছচিৰ দ্বাৰা ৩০ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰত অনুষ্ঠিত হোৱা দুদিনীয়া কাৰ্যসূচীৰ অংশ। প্ৰথম দিনটোত ভাৰত মণ্ডপমত ‘শতাব্দী সমাৰোহ-মন্থন’ অনুষ্ঠিত হ’ব তথা বিভিন্ন বিষয়ৰ ওপৰত পেনেল আলোচনাৰ পিছত বিশিষ্ট বক্তাসকলে ভাষণ দিব।

****

MJPS/SS/ST/DD