Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান গেমছত মহিলাৰ স্কিফত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে হৰ্ষিতা টোমৰ আৰু শীতল বাৰ্মাক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত মহিলাৰ স্কিফত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে হৰ্ষিতা টোমৰ আৰু শীতল বাৰ্মাক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে দৃঢ়তা আৰু ধাৰাবাহিকতাৰে তেওঁলোকে ভাৰতক এই মঞ্চলৈ লৈ গৈছে আৰু পূৰ্বতকৈ প্ৰদৰ্শন উন্নত কৰিছে।

শ্ৰী মোদীয়ে হৰ্ষিতা টোমৰ আৰু শীতল বাৰ্মাক তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কৰিছে;

‘এছিয়ান গেমছত মহিলাৰ স্কিফ ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে হৰ্ষিতা টোমৰ আৰু শীতল বাৰ্মাক অভিনন্দন! দৃঢ় সংকল্প আৰু ধাৰাবাহিকতাৰে তেওঁলোকে ভাৰতক এই মঞ্চলৈ লৈ গৈছে আৰু পূৰ্বতকৈ প্ৰদৰ্শনো উন্নত কৰিছে। তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনাইছো|

***

MJPS/SS/ST/MK