Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান গেমছত মহিলাৰ বক্সিঙৰ ৭৫ কিলোগ্ৰাম শাখাত স্বৰ্ণ জয় কৰাৰ বাবে লাভলীনা বৰগোহাঁইক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত মহিলাৰ বক্সিঙত ৭৫ কিলোগ্ৰাম শাখাৰ ফাইনেলত ৫-০ ব্যৱধানত জয়লাভ কৰি স্বৰ্ণ পদক লাভ কৰাৰ বাবে লাভলীনা বৰগোহাঁইক অভিনন্দন জনাইছে।  

প্ৰধানমন্ত্ৰীয়ে কয় যে লাভলীনাৰ ক্ৰীড়া যাত্ৰাই উল্লেখযোগ্য সংকল্প আৰু উৎকৃষ্টতা প্ৰতিফলিত কৰে।  

শ্ৰী মোদীয়ে লাভলীনা বৰগোহাঁইক তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কৰিছে;

 ‘@LovlinaBorgohai ৰ পৰা এক অতি সুন্দৰ প্ৰদৰ্শন! এছিয়ান গেমছত মহিলাৰ বক্সিঙৰ ৭৫ কিলোগ্ৰাম শাখাৰ ফাইনেলত ৫-০ ব্যৱধানত জয়লাভ কৰি স্বৰ্ণ পদক জয় কৰাৰ বাবে লাভলীনাক অভিনন্দন জনাইছো। তেওঁৰ ক্ৰীড়া যাত্ৰাই উল্লেখযোগ্য সংকল্প আৰু উৎকৃষ্টতা প্ৰতিফলিত কৰে। তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে তেওঁক শুভেচ্ছা জনাইছোঃ প্ৰধানমন্ত্ৰী

MJPS/SS/ST/MK