Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান গেমছত পুৰুষৰ ৫৭ কেজি ফ্ৰীষ্টাইল মল্লযুদ্ধত ঐতিহাসিক স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে অমন চেহৰাৱাটক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছৰ পুৰুষৰ ৫৭ কেজি ফ্ৰীষ্টাইল মল্লযুদ্ধ প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰথমটো ঐতিহাসিক স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে অমন চেহৰাৱাটক অভিনন্দন জনাইছে।

শ্ৰী মোদীয়ে কয় যে যোৱা এছিয়ান গেমছত ব্ৰঞ্জৰ পদক জয় কৰাৰ পৰা এইবাৰ পদকৰ শীৰ্ষ স্থান লাভ কৰালৈকে অমন চেহৰাৱাটে অসাধাৰণ দৃঢ়তা আৰু মনোবল প্ৰদৰ্শন কৰিছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক্স পোষ্টত কয়:

“অমন চেহৰাৱাটৰ এয়া এক চমকপ্ৰদ সাফল্য!

পুৰুষৰ ৫৭ কেজি ফ্ৰীষ্টাইল মল্লযুদ্ধ প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰথমটো ঐতিহাসিক স্বৰ্ণ জয় কৰি তেওঁ ইতিহাস ৰচনা কৰিছে। যোৱা এছিয়ান গেমছৰ ব্ৰঞ্জৰ পৰা এইবাৰ পদকৰ শীৰ্ষ স্থানত উপনীত হোৱালৈকে অমনে অভূতপূৰ্ব দৃঢ়তা প্ৰদৰ্শন কৰিছে।

তেওঁক অভিনন্দন জনোৱাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰিলোঁ: প্ৰধানমন্ত্ৰী ৷”

MJPS/SS/ST/DB