Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান গেমছত পুৰুষৰ ৯৭ কেজি ফ্ৰীষ্টাইল মল্লযুদ্ধত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে দীপক পুনিয়াক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছৰ পুৰুষৰ ৯৭ কেজি ফ্ৰীষ্টাইল মল্লযুদ্ধ প্ৰতিযোগিতাত তীব্ৰ যুঁজৰ অন্তত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে দীপক পুনিয়াক অভিনন্দন জনাইছে।

শ্ৰী মোদীয়ে কয় যে ছয় দশকৰ পাছত ভাৰতে এছিয়ান গেমছৰ পুৰুষৰ ৯৭ কেজি ফ্ৰীষ্টাইল মল্লযুদ্ধ প্ৰতিযোগিতাত পুনৰ পদকৰ মঞ্চত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

শ্ৰী মোদীয়ে কয় যে দীপক পুনিয়াৰ এই সাফল্যই ভাৰতৰ মল্লযুদ্ধৰ যাত্ৰাত এক নতুন অধ্যায় সংযোজন কৰিলে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভৱিষ্যতৰ উত্তৰোত্তৰ সফলতা কামনা কৰে।

এক্সৰ পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয়ঃ
“ছয় দশকৰ পাছত ভাৰতে এছিয়ান গেমছৰ পুৰুষৰ ৯৭ কেজি ফ্ৰীষ্টাইল মল্লযুদ্ধত পুনৰ পদক জয় কৰিবলৈ সক্ষম হৈছে!

এক তীব্ৰ যুঁজৰ অন্তত দীপক পুনিয়াই ব্ৰঞ্জৰ পদক জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু ভাৰতৰ মল্লযুদ্ধৰ যাত্ৰাত এক নতুন অধ্যায়ৰ সংযোজন কৰিছে। তেওঁলৈ অভিনন্দন। অনাগত দিনবোৰত তেওঁ এনেদৰেই অধিক সফলতা অৰ্জন কৰি যাওকঃ প্ৰধানমন্ত্ৰী৷”

MJPS/SS/ST/DB