Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

‘সমন্বিত পৰিবহণ আৰু লজিষ্টিক প্ৰাধিকৰণ’ (আইটিএলএ) গঠনত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি পৰিবহণ আৰু লজিষ্টিক খণ্ডৰ ব্যাপক পৰিসৰৰ ভিতৰত গৱেষণা, পৰিকল্পনা, মূল্যাংকন, নিৰীক্ষণ আৰু প্ৰভাৱৰ সঠিক পৰ্যালোচনা শক্তিশালী কৰিবলৈ ‘সমন্বিত পৰিবহণ আৰু লজিষ্টিক প্ৰাধিকৰণ’ (আইটিএলএ) নামৰ এক ‘এছপিভি’ গঠনত অনুমোদন জনাইছে।

 

এই অনুমোদনে বহুসংখ্যক পৰিবহণ সম্পৰ্কীয় মন্ত্ৰালয় আৰু সংস্থাসমূহৰ মাজত পৃথকে হৈ থকা পৰিকল্পনা আৰু ৰূপায়ণৰ ফলত দীৰ্ঘদিন ধৰি সৃষ্টি হৈ অহা প্ৰত্যাহ্বানসমূহ সমাধান কৰাৰ লক্ষ্য ৰাখিছে। অধিক সমন্বয় আৰু বহুমুখী সংযোগ গঢ়ি তুলি আইটিএলএই ভাৰতৰ পৰিবহণ আন্তঃগাঁথনিৰ বিকাশক অধিক দক্ষ, বহনক্ষম আৰু ফলপ্ৰসূ কৰি তুলিব বুলি আশা কৰা হৈছে।

 

আইটিএলএৰ মূল ভূমিকা আৰু দায়িত্বসমূহ নিম্নোলিখিত ধৰণৰ হ’বঃ

 

  • ৰাষ্ট্ৰীয় সৰ্বোচ্চ প্ৰতিষ্ঠান: আইটিএলএই সমন্বিত পৰিবহণ আৰু লজিষ্টিক পৰিকল্পনা, গৱেষণা, প্ৰকল্প মূল্যাংকন আৰু নিৰীক্ষণ, নীতিগত সমৰ্থন আৰু ডাটা বিশ্লেষণৰ বাবে সৰ্বোচ্চ প্ৰতিষ্ঠান হিচাপে কাম কৰিব।
  • দীৰ্ঘম্যাদী ৰাষ্ট্ৰীয় পৰিবহণ মাষ্টাৰ প্লেনঃ পথ, ৰে’লৱে, বন্দৰ আৰু জলপথ, অসামৰিক বিমান পৰিবহণ, আভ্যন্তৰীণ জলপথ, উপকূলীয় জাহাজ চলাচল, নগৰীয়া যাতায়াত আৰু লজিষ্টিকক সামৰি আইটিএলএই ১০ বছৰ বা ততোধিক সময়ৰ বাবে এক বিস্তৃত ‘ৰাষ্ট্ৰীয় পৰিবহণ মাষ্টাৰ প্লেন’ প্ৰস্তুত কৰিব।
  • সমন্বিত পৰিকল্পনা কাঠামো: আইটিএলএই পৰিবহণ মন্ত্ৰালয়সমূহৰ হ্ৰস্বম্যাদী খণ্ডীয় পৰিকল্পনা (৫ বছৰীয়া) আৰু বার্ষিক পৰিকল্পনাসমূহ পৰ্যালোচনা কৰিব, যাতে সেইবোৰ ৰাষ্ট্ৰীয় পৰিবহণ মাষ্টাৰ প্লেনৰ সৈতে সামঞ্জস্যপূৰ্ণ হয় আৰু বহুমুখী আন্তঃগাঁথনিৰ বিকাশক অগ্ৰাধিকাৰ দিয়ে।
  • প্ৰধান প্ৰকল্পসমূহৰ কাৰিকৰী মূল্যাংকনঃ আইটিএলএই ভাৰত চৰকাৰৰ ৫০০ কোটি টকা বা ততোধিক ব্যয়ৰ আন্তঃগাঁথনি প্ৰকল্পসমূহৰ কাৰিকৰী মূল্যাংকন কৰিব। অৱশ্যে বিত্তীয় মূল্যাংকন বৰ্তমানৰ বিত্তীয় মূল্যাংকন ব্যৱস্থাৰ জৰিয়তে অব্যাহত থাকিব।
  • নিৰীক্ষণ আৰু প্ৰভাৱ মূল্যাংকনঃ আইটিএলএই ৫০০ কোটি টকাৰ ওপৰৰ পৰিবহণ আৰু আন্তঃগাঁথনি প্ৰকল্পসমূহৰ ৰূপায়ণ নিৰীক্ষণ কৰিব, সমস্যা সমাধানৰ বাবে এক সমন্বিত ব্যৱস্থা প্ৰদান কৰাৰ লগতে প্ৰকল্প সম্পূৰ্ণ হোৱাৰ পিছত ইয়াৰ প্ৰভাৱৰ মূল্যাংকন কৰিব।
  • ৰাষ্ট্ৰীয় পৰিবহণ ডাটা ৰিপ‘জিটৰী (এনটিডিআৰ): আইটিএলএই জিএছটিএন ই-ৱে বিল, ফাষ্টেগ, বাহন, জিপিএছভিত্তিক ব্যৱস্থা, নগৰীয়া যান-জঁট ব্যৱস্থাপনা ব্যৱস্থা আদি একাধিক উৎসৰ পৰা পৰিবহণ আৰু লজিষ্টিক ডাটা সংগ্ৰহ কৰি এক যৌথ ডাটা ভাণ্ডাৰ গঢ়ি তুলিব আৰু পৰিকল্পনা তথা নিৰীক্ষণৰ বাবে ডাটা বিশ্লেষণ কৰিব।
  • ৰাষ্ট্ৰীয় লজিষ্টিক নীতি (২০২২)ৰ পুনৰীক্ষণ আৰু উন্নীতকৰণৰ বাবে পৰামৰ্শ আৰু সাহাৰ্য প্ৰদান।
  • লজিষ্টিক খণ্ডত ক্ষমতা নিৰ্মাণ, প্ৰশিক্ষণ আৰু দক্ষতা বিকাশ।
  • পৰিবহণ আৰু লজিষ্টিক খণ্ডত গৱেষণা আৰু উদ্ভাৱনৰ বিকাশৰ প্ৰসাৰ কৰা।

 

আইটিএলএ গঠনৰ ফলত বহুমুখী সংযোগ শক্তিশালী কৰি, আন্তঃগাঁথনিৰ দক্ষতা বৃদ্ধি কৰি, লজিষ্টিক ব্যয় হ্ৰাস কৰি আৰু ভাৰতৰ বিশ্বজনীন লজিষ্টিক প্ৰতিযোগিতা বৃদ্ধি কৰি ‘ভাৰতৰ দৃষ্টিভংগী ২০৪৭’ বাস্তৱায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আইটিএলএই আন্তঃৰাষ্ট্ৰীয় উৎকৃষ্ট পদ্ধতিসমূহ গ্ৰহণ কৰাৰ লগতে গৱেষণা, পৰিকল্পনা, বিগ ডাটা সংহতি, প্ৰকল্প নিৰীক্ষণ আৰু মূল্যাংকনৰ বাবে প্ৰতিষ্ঠানিক ক্ষমতা গঢ়ি তুলিব।

 

****

MJPS/DB