Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰতৰ বিকাশ আৰু ২০৪৭ চনৰ উন্নত ভাৰতৰ লক্ষ্যৰ বাবে শক্তিশালী ভেটি গঢ়ি তোলাৰ কথা উল্লেখ কৰি লিখা এটা প্ৰৱন্ধ শ্বেয়াৰ কৰে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী মনোহৰ লাল খট্টৰে লিখা এটি লেখা শ্বেয়াৰ  কৰে। লেখাটোত প্ৰধানমন্ত্ৰীৰ ২৫ বছৰীয়া শাসনকালত ভাৰতৰ উন্নয়নৰ গতি বহু গুণে ত্বৰান্বিত হোৱাৰ কথা উল্লেখ কৰা হৈছে। শ্ৰী খট্টৰে উল্লেখ কৰিছে যে ডিজিটেল প্ৰযুক্তি আৰু আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি উৎপাদন তথা সামাজিক কল্যাণলৈকে বিভিন্ন ক্ষেত্ৰত এই সময়ছোৱাত দেশৰ পৰৱৰ্তী পৰ্যায়ৰ বিকাশৰ বাবে এক শক্তিশালী ভেটি গঢ়ি তোলা হৈছে। লগতে ২০৪৭ চনৰ উন্নত ভাৰতৰ লক্ষ্য পূৰণৰ বাবেও এই সময়ছোৱাত শক্তিশালী ভিত্তি প্ৰস্তুত কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত প্ৰকাশ কৰা বাৰ্তাত কয়

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী মনোহৰ লাল খট্টৰে লিখিছে, “প্ৰধানমন্ত্ৰী  শ্ৰী নৰেন্দ্ৰ মোদীৰ ২৫ বছৰীয়া শাসনকালত ভাৰতৰ উন্নয়নৰ গতি বহুগুণে ত্বৰান্বিত হৈছে।ডিজিটেল প্ৰযুক্তি আৰু আন্তঃগাঁথনিৰ পৰা উৎপাদন আৰু সমাজ কল্যাণলৈকে এই সময়ছোৱাই ভাৰতৰ পৰৱৰ্তী পৰ্যায়ৰ বৃদ্ধি আৰু বিকশিত ভাৰত ২০৪৭ৰ বাবে শক্তিশালী ভেটি গঢ়ি তুলিছে।”

 

***

MJPS/SS/VJ/SS/DM