Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

চৰকাৰৰ মুৰব্বী হিচাপে ২৫ বছৰ সম্পূৰ্ণ কৰাত শুভেচ্ছা জনোৱাৰ বাবে ইথিঅ’পিয়াৰ প্ৰধানমন্ত্ৰী আবি আহমেদ আলীক কৃতজ্ঞতা জ্ঞাপন নৰেন্দ্ৰ মোদীৰ


ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ মুৰব্বী হিচাপে দেশৰ সেৱাত ২৫ বছৰ সম্পূৰ্ণ কৰা উপলক্ষ্যে আন্তৰিক শুভেচ্ছা জনোৱাৰ বাবে ইথিঅ’পিয়া গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰী আবি আহমেদ আলীক কৃতজ্ঞতা জ্ঞাপন কৰিছে।প্ৰধানমন্ত্ৰী মোদীয়ে লগতে দ্বিতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ বাবে শ্ৰী আবি আহমেদ আলীক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে যোৱা ডিচেম্বৰ মাহত ইথিঅ’পিয়ালৈ কৰা ভ্ৰমণৰ কথা আৰু শেহতীয়াকৈ নতুন দিল্লীত প্ৰধানমন্ত্ৰী আবি আহমেদ আলীৰ সৈতে হোৱা সাক্ষাতৰ কথা আন্তৰিকতাৰে স্মৰণ কৰে। তেওঁ কয় যে ইথিঅ’পিয়াৰ সৈতে ভাৰতৰ কৌশলগত অংশীদাৰিত্বক দেশে যথেষ্ট গুৰুত্ব দিয়ে আৰু সহযোগিতা আৰু বন্ধুত্ব অধিক গভীৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰী আবি আহমেদ আলীৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ তেওঁ আগ্ৰহী।

শ্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সৰ এটা পোষ্টত কয়—

“প্ৰধানমন্ত্ৰী আবি আহমেদ আলী, আপোনাৰ আন্তৰিক শুভেচ্ছাৰ বাবে ধন্যবাদ৷ দ্বিতীয়টো কাৰ্যকালৰ বাবে দায়িত্ব গ্ৰহণ কৰাত আপোনাক অভিনন্দন আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যোৱা ডিচেম্বৰ মাহত ইথিঅ’পিয়ালৈ কৰা মোৰ ভ্ৰমণ আৰু শেহতীয়াকৈ নতুন দিল্লীত আপোনাৰ সৈতে হোৱা সাক্ষাতৰ কথা মই আন্তৰিকতাৰে স্মৰণ কৰিছো। ইথিঅ’পিয়াৰ সৈতে ভাৰতৰ কৌশলগত অংশীদাৰিত্বক আমি যথেষ্ট গুৰুত্ব দিওঁ। সহযোগিতা আৰু বন্ধুত্ব অধিক গভীৰ কৰাৰ বাবে আপোনাৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ মই আগ্ৰহেৰে বাট চাই আছোঁ।”

@AbiyAhmedAli”

 

***

MJPS/SS/ST/DM