Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

চৰকাৰৰ মুৰব্বী হিচাপে ২৫ বছৰীয়া সেৱা সম্পূৰ্ণ কৰাৰ বাবে শুভেচ্ছা জনোৱা গ্ৰেনাডাৰ প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ


ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ মুৰব্বী হিচাপে দেশৰ সেৱাৰ ২৫ বছৰ সম্পূৰ্ণ কৰা উপলক্ষ্যে আন্তৰিক শুভেচ্ছা জনোৱাৰ বাবে গ্ৰেনাডাৰ প্ৰধানমন্ত্ৰী ডিকন মিচেলক কৃতজ্ঞতা জ্ঞাপন কৰিছে।প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত আৰু গ্ৰেনাডাৰ মাজৰ বন্ধুত্বক তেওঁ গভীৰভাৱে মূল্য দিয়ে।তেওঁ লগতে দুয়োখন দেশৰ মাজৰ ঘনিষ্ঠ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে।

 

শ্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সৰ এটা পোষ্টত লিখিছে—

“প্ৰধানমন্ত্ৰী ডিকন মিচেল, আপোনাৰ আন্তৰিক শুভেচ্ছাৰ বাবে ধন্যবাদ। ভাৰত আৰু গ্ৰেনাডাৰ মাজৰ বন্ধুত্বক মই গভীৰভাৱে মূল্য দিওঁ আৰু আমাৰ ঘনিষ্ঠ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে আগ্ৰহেৰে বাট চাই আছোঁ।”

@hondickon”

 

***

MJPS/SS/ST/DM