Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

চৰকাৰৰ মুৰব্বী হিচাপে ২৫ বছৰীয়া সেৱা সম্পূৰ্ণ কৰাৰ বাবে শুভেচ্ছা জনোৱা জাম্বিয়াৰ ৰাষ্ট্ৰপতিক কৃতজ্ঞতা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে


 প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ মুৰব্বী হিচাপে দেশৰ সেৱাত ২৫ বছৰ সম্পূৰ্ণ কৰাৰ উপলক্ষ্যে আন্তৰিক শুভেচ্ছা জনোৱাৰ বাবে জাম্বিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি শ্ৰী হাকাইণ্ডে হিচিলেমাক কৃতজ্ঞতা জ্ঞাপন কৰিছে।প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে জাম্বিয়াৰ সৈতে ভাৰতৰ বন্ধুত্বক দেশে গভীৰভাৱে মূল্য দিয়ে। তেওঁ লগতে দুয়োখন দেশৰ মাজৰ ঘনিষ্ঠ অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে।

শ্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সৰ এটা পোষ্টত কয়—

“ৰাষ্ট্ৰপতি হিচিলেমা, আপোনাৰ আন্তৰিক শুভেচ্ছাৰ বাবে ধন্যবাদ। জাম্বিয়াৰ সৈতে ভাৰতৰ বন্ধুত্বক আমি গভীৰভাৱে মূল্য দিওঁ আৰু আমাৰ ঘনিষ্ঠ অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে মই আগ্ৰহেৰে বাট চাই আছোঁ।”

@HHichilema”

 

******

MJPS/SS/ST/DM