পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বাংহাই ২০২৬ বিশ্ব দক্ষতা প্ৰতিযোগিতাত অংশগ্ৰহন কৰা ভাৰতীয় দলৰ প্ৰতিনিধিসকলৰ সৈতে আজি ৭, লোক কল্যাণ মাৰ্গত মত বিনিময় কৰে।
মত বিনিময়ৰ সময়ত অংশগ্ৰহণকাৰীসকলে প্ৰতিযোগিতাৰ সময়ত তেওঁলোকে লাভ কৰা অভিজ্ঞতা ব্যক্ত কৰে। বিশ্ব পৰ্যায়ত তেওঁলোকে নিজৰ দেশক প্ৰতিনিধিত্ব কৰি গৌৰৱ প্ৰকাশ কৰে। অংশগ্ৰহণকাৰীসকলে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ সময়ত নতুন সঁজুলি, ছফ্টৱেৰ, কাৰিকৰী প্ৰণালী আৰু কৰ্ম প্ৰক্ৰিয়াৰ সৈতে খাপ খোৱাৰ বিষয়ে আলোচনা কৰে। তেওঁলোকে যুৱপ্ৰজন্মক সহায়ৰ অৰ্থে দক্ষতা বিকাশৰ দিশত চৰকাৰে কৰা কামৰ বিষয়েও কয়।
প্ৰধানমন্ত্ৰীয়ে বিশ্ব মঞ্চত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ বাবে অংশগ্ৰহণকাৰীসকলক অভিনন্দন জনায়। শ্ৰী মোদীয়ে তেওঁলোকক দক্ষতা বিকাশৰ ৰাষ্ট্ৰদূত হ’বলৈ আহ্বান জনায়। তেওঁ কয় যে ব্যৱহাৰিক দক্ষতাও শৈক্ষিক ডিগ্ৰীৰ দৰেই গুৰুত্বপূৰ্ণ।
বিশেষ দক্ষতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰযুক্তি দ্ৰুতগতিত বিকশিত হোৱাৰ লগে লগে যুৱক-যুৱতীসকলে নিৰন্তৰ নতুন দক্ষতা আহৰণ কৰিব লাগিব, তেওঁলোকৰ বৰ্তমানৰ সামৰ্থ্য উন্নত কৰিব লাগিব আৰু উদীয়মান প্ৰযুক্তিৰ সৈতে খাপ খাব লাগিব। তেওঁ অংশগ্ৰহণকাৰীসকলক আন্তঃৰাষ্ট্ৰীয় বজাৰৰ প্ৰয়োজনীয়তাৰ সৈতে সামঞ্জস্য ৰাখি দক্ষতা বিকাশ কৰিবলৈ আৰু তেওঁলোকৰ অভিজ্ঞতা তথা পৰামৰ্শৰ জৰিয়তে ভাৰতৰ দক্ষতা প্ৰশিক্ষণ পৰিৱেশতন্ত্ৰ উন্নত কৰাত অৰিহণা যোগাবলৈ আহ্বান জনায়। তেওঁ ভাৰতক দক্ষ মানৱ সম্পদৰ গোলকীয় কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ যুৱক-যুৱতী, চৰকাৰ আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ সমন্বিত প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
প্ৰধানমন্ত্ৰীয়ে দক্ষতা বিকাশৰ বাবে পৃথক মন্ত্ৰালয় স্থাপনৰ উদ্দেশ্যৰ বিষয়ে উল্লেখ কৰি কয় যে দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ গুৰুত্ব আই আই টি আৰু আই আই এম-তকৈ কোনো গুণে কম নহয়। তেওঁ অংশগ্ৰহণকাৰীসকলক ভাৰতৰ দক্ষতা প্ৰশিক্ষণ ব্যৱস্থাৰ উন্নয়নত সহায় কৰিবলৈ চৰকাৰৰ সৈতে তেওঁলোকৰ অভিজ্ঞতা আৰু পৰামৰ্শ শ্বেয়াৰ কৰিবলৈ উৎসাহিত কৰে।
ৱৰ্ল্ডস্কিলছ হৈছে বিশ্বৰ আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় দক্ষতা প্ৰতিযোগিতা, য’ত অংশগ্ৰহণকাৰী দেশ আৰু অঞ্চলৰ যুৱ পেছাদাৰীসকলক একত্ৰিত কৰি বৃত্তিমূলক আৰু কাৰিকৰী দক্ষতাৰ এক বিস্তৃত পৰিসৰত উৎকৃষ্টতা প্ৰদৰ্শন কৰা হয়।। ২০২৬ চনৰ ২২ ৰ পৰা ২৭ ছেপ্টেম্বৰলৈ শ্বাংহাই ৰাষ্ট্ৰীয় প্ৰদৰ্শনী আৰু সন্মিলন কেন্দ্ৰত ৪৮ সংখ্যক বিশ্ব দক্ষতা প্ৰতিযোগিতা ৱৰ্ল্ডস্কিলছ শ্বাংহাই ২০২৬ অনুষ্ঠিত হয়। ২০২৬ চনৰ শ্বাংহাই ৪৮ সংখ্যক বিশ্ব দক্ষতা প্ৰতিযোগিতাত ভাৰতীয় দলটোৱে ৬ টা ৰূপৰ পদক আৰু উৎকৃষ্টতাৰ বাবে ২০ টা পদক লাভ কৰি দশম স্থান লাভ কৰে। ভাৰতক প্ৰতিনিধিত্ব কৰা ৭০ জনীয়া প্ৰতিযোগীৰ এটা সৰ্ববৃহৎ দলে ৬৩ টা দক্ষতা শাখাত অংশগ্ৰহণ কৰিছিল।
এই মত বিনিময় অনুষ্ঠানত দক্ষতা বিকাশ আৰু উদ্যোগ বিভাগৰ ৰাজ্য মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) তথা শিক্ষা বিভাগৰ ৰাজ্য মন্ত্ৰী শ্ৰী জয়ন্ত চৌধাৰী আৰু ভাৰত চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।
***
MJPS/SS/PRK/MK
Hosted the bright youngsters who took part in the 48th WorldSkills Competition held in Shanghai. Proud of them! https://t.co/5lzQwcer6h
— Narendra Modi (@narendramodi) October 9, 2026