প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচী (এনএছএপি) ২০২৬-২৭ৰ পৰা ২০৩০-৩১লৈ পাঁচ বছৰৰ বাবে অব্যাহত ৰখাৰ বাবে মুঠ ৫৩,৪২৮ টকা ব্যয়সাপেক্ষ গ্ৰামোন্নয়ন বিভাগৰ প্ৰস্তাৱত অনুমোদন জনাইছে। ইয়াত আছে (ক) আঁচনি আৰু উপ-আঁচনিসমূহৰ পুনৰ নামকৰণ, (খ)দিব্যাংগ পেন্সনৰ বাবে যোগ্যতাৰ মাপকাঠী, কভাৰেজ আৰু সাহায্যৰ হাৰ পুনৰীক্ষণ আৰু (গ) বৃদ্ধ আৰু বিধৱা তথা পৰিয়াল সুবিধা আঁচনিৰ বাবে পেন্সন আঁচনিসমূহ বৰ্তমানৰ ৰূপত অব্যাহত ৰখা।
সবিশেষঃ
১. আঁচনি আৰু উপ-আঁচনিসমূহৰ পুনৰ নামকৰণঃ
|
ৰাষ্ট্ৰীয় সামাজিক সহায়তা কাৰ্যসূচী (এনএছএপি) |
প্ৰধানমন্ত্ৰী সামাজিক সহায়তা যোজনা |
|
ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বৃদ্ধ পেন্সন আঁচনি (আইজিএনঅ’এপিএছ) |
প্ৰধানমন্ত্ৰী বৃদ্ধাৱস্থা পেন্সন যোজনা |
|
ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বিধৱা পেন্সন আঁচনি (আইজিএনডব্লিউপিএছ) |
প্ৰধানমন্ত্ৰী বিধৱা পেন্সন যোজনা |
|
ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় অক্ষমতা পেন্সন আঁচনি (আইজিএনডিপিএছ) |
প্ৰধানমন্ত্ৰী দিব্যাংগ পেন্সন যোজনা |
|
ৰাষ্ট্ৰীয় পৰিয়াল লাভ আঁচনি |
প্ৰধানমন্ত্ৰী পৰিবাৰ লাভ যোজনা |
বৰ্তমানৰ নাম | অনুমোদিত নাম |
|---|
২. অক্ষমতাৰ পেন্সনত পৰিবৰ্তনঃ
দিব্যাংগ পেন্সন আঁচনিৰ অধীনত সাহায্যৰ পৰিমাণ এতিয়া ০-৭৯ বছৰ বয়সৰ বাবে ৩৭৫ টকা আৰু ৮০ বছৰ বা তাতকৈ অধিক বয়সৰ বাবে ৬২৫ টকা হ’ব। আঁচনিখনৰ অধীনত সাহায্যৰ হাৰ বৃদ্ধিৰ লগতে নিম্নলিখিত পৰিবৰ্তনসমূহ কৰা হৈছেঃ
(ক) আঁচনিখনৰ অধীনত অক্ষমতাৰ মাপকাঠি বৰ্তমান ৮০ শতাংশৰ বিপৰীতে ৪০ শতাংশ হ’ব।
(খ) অক্ষমতা পেন্সনৰ বাবে নূন্যতম বয়সৰ মাপকাঠি এতিয়া জন্মৰ পৰাই হ’ব।
(গ) বৃদ্ধ আৰু বিধৱাৰ বাবে পেন্সন আঁচনি আৰু পৰিয়াল লাভ আঁচনি ইয়াৰ বৰ্তমানৰ ৰূপত অব্যাহত থাকিব।
লাভসমূহঃ
এই অনুমোদনৰ জৰিয়তে ৩৬ খন ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৩.২০ কোটি হিতাধিকাৰী উপকৃত হ’ব।
ৰূপায়ণৰ কৌশল আৰু লক্ষ্যঃ
যোগ্যতাৰ মাপকাঠিৰ পৰিবৰ্তন, হিতাধিকাৰীৰ সংখ্যা আৰু দিব্যাংগ পেন্সনৰ অধীনত সাহায্যৰ হাৰ অন্তৰ্ভুক্ত কৰি নিৰ্দেশনা তিনি মাহৰ ভিতৰত জাৰি আৰু ৰূপায়ণ কৰা হ’ব।
পটভূমিঃ
ভাৰতৰ সংবিধানৰ ৪১ নং অনুচ্ছেদত ৰাষ্ট্ৰীয় নীতিৰ নিৰ্দেশাত্মক নীতিৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব পালনৰ অংশ হিচাপে দৰিদ্ৰ পৰিয়ালক সহায় কৰাৰ উদ্দেশ্যে ১৯৯৫ চনৰ ১৫ আগষ্টত ৰাষ্ট্ৰীয় সামাজিক সহায়তা কাৰ্যসূচী (এনএছএপি) আৰম্ভ কৰা হৈছিল। ১০০ শতাংশ কেন্দ্ৰীয় সাহায্য প্ৰদান কৰাৰ উদ্দেশ্য হৈছে দেশৰ সকলো ঠাইতে হিতাধিকাৰীসকলক একেধৰণে সাহায্য প্ৰদান কৰাটো নিশ্চিত কৰা।
অক্ষমতা থকা ব্যক্তিৰ অধিকাৰ আইন, ২০১৬-ই দিব্যাংগ পেন্সনৰ বাবে যোগ্যতাৰ মাপকাঠীত পৰিবৰ্তনৰ প্ৰয়োজন আনিছে আৰু ইয়াক ৪০ শতাংশৰ ‘বেঞ্চমাৰ্ক অক্ষমতা’ৰ সৈতে সংযুক্ত কৰিছে। তদুপৰি ই অক্ষমতা সম্পৰ্কীয় সাহায্য আন শ্ৰেণীৰ বাবে প্ৰস্তুত কৰা একেধৰণৰ আঁচনিৰ তুলনাত ২৫ শতাংশ অধিক হোৱাটো বাধ্যতামূলক কৰিছে।
****
MJPS/HS