Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান পেৰা গেমছ ২০২৬ত মহিলাৰ ১৫০০ মিটাৰ টি ১২/১৩ শাখাত ৰূপ পদক লাভ কৰাৰ বাবে ৰাধা ভেংকটেশক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


এছিয়ান পেৰা গেমছ ২০২৬ত মহিলাৰ ১৫০০ মিটাৰ দৌৰৰ টি১২/১৩ শাখাত ৰূপৰ পদক অৰ্জন কৰা ৰাধা ভেংকটেশক  অভিনন্দন জনালে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে । শ্ৰী মোদীয়ে তেওঁৰ এই সাফল্যত গৌৰৱ প্ৰকাশ কৰি কয় যে ৰাধাৰ সফলতাত সমগ্ৰ ভাৰতে গৌৰৱ অনুভৱ কৰিছে। ভৱিষ্যতেও তেওঁ যাতে আৰু অধিক সাফল্য অৰ্জন কৰিবলৈ সক্ষম হয়, তাৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁক আন্তৰিক শুভেচ্ছা জনায়।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যম ‘এক্স’ত এনেদৰে প্ৰকাশ কৰে—

“ৰাধা ভেংকটেশৰ এক উল্লেখযোগ্য সফলতা! এছিয়ান পেৰা গেমছ ২০২৬ত মহিলাৰ ১৫০০ মিটাৰ দৌৰৰ টি১২/১৩ শাখাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে গৌৰৱ বোধ কৰিছোঁ। তেওঁৰ সফলতাত সমগ্ৰ ভাৰতে গৌৰৱ অনুভৱ  কৰিছে। ভৱিষ্যতেও  যাতে তেওঁ আৰু অধিক সাফল্য অৰ্জন কৰিবলৈ সক্ষম হয়  তাৰ বাবে আন্তৰিক শুভেচ্ছা জনালোঁ।”

@narendramodi”

 

****

MJPS/SS/ST/DM