প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছত পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল SH1 শিতানত ৰূপৰ পদক জয় কৰি আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়োৱাৰ বাবে মনীষ নৰৱালক অভিনন্দন জনায়।
তেওঁ নিজৰ মনোযোগ আৰু প্ৰতিশ্ৰুতিৰ জৰিয়তে নিজকে পৃথক কৰি ৰাখিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে তেওঁক অভিনন্দন জনায় আৰু আগন্তুক প্ৰচেষ্টাসমূহৰ বাবে শুভকামনা জ্ঞাপন কৰে ।
এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে শ্বেয়াৰ কৰিছেঃ
‘মনীষ নৰৱালে এছিয়ান পেৰা গেমছ ২০২৬ -ত পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল SH1 শিতানত এক আকৰ্ষণীয় স্ক’ৰেৰে ৰূপৰ পদক লাভ কৰি উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰিছে। মনীষে নিজৰ মনোযোগ আৰু দৃঢ়তাৰ জৰিয়তে নিজকে পৃথককৈ প্ৰতিষ্ঠিত কৰিছে। অভিনন্দন আৰু ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনালোঃ প্ৰধানমন্ত্ৰী @narendramodi’
Manish Narwal has delivered an impressive performance to win Silver in the Men’s 10m Air Pistol SH1 event at the Asian Para Games 2026 with an impressive score. Manish continues to distinguish himself through his focus and commitment. Congratulations and best wishes for the endeavours ahead: PM @narendramodi
— PMO India (@PMOIndia) October 20, 2026
*****
MJPS/SS/VJ/PRK/MK