Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান পেৰা গেমছত ৰূপৰ পদক বিজয়ী মনজিতক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২৬ চনৰ এছিয়ান পেৰা গেমছৰ পুৰুষৰ জেভেলিন থ্ৰ’ৰ এফ-১২/এফ-১৩ শাখাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে মনজিতক অভিনন্দন জনায়।পূৰ্বৰ এছিয়ান পেৰা গেমছত চতুৰ্থ স্থান লাভ কৰাৰ পৰা ২০২৬ চনত ৰূপৰ পদক অৰ্জন কৰালৈকে মনজিতে অগ্ৰগতিৰ এক উল্লেখযোগ্য যাত্ৰা সম্পন্ন কৰাৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে তেওঁৰ এই সফলতাই কঠোৰ পৰিশ্ৰম, উচ্চাকাংক্ষা আৰু নিষ্ঠাৰ পৰিচয় দাঙি ধৰিছে।প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে অনাগত দিনবোৰতো মনজিতে নিজৰ কৃতিত্বৰ জৰিয়তে ভাৰতক গৌৰৱান্বিত কৰি যাব।

এক্সত প্ৰকাশ কৰা এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে কয়—

“মনজিতৰ অগ্ৰগতিৰ এই যাত্ৰা সঁচাকৈয়ে অসাধাৰণ!

পূৰ্বৰ এছিয়ান পেৰা গেমছত চতুৰ্থ স্থান লাভ কৰাৰ পৰা ২০২৬ চনত ৰূপৰ পদক অৰ্জন কৰালৈকে তেওঁ পুৰুষৰ জেভেলিন থ্ৰ’ৰ এফ-১২/এফ-১৩ শাখাত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে।

তেওঁলৈ অভিনন্দন জনাইছোঁ।

তেওঁৰ এই সফলতাই কঠোৰ পৰিশ্ৰম, উচ্চাকাংক্ষা আৰু নিষ্ঠাৰ পৰিচয় দাঙি ধৰিছে।অনাগত দিনবোৰতো তেওঁ ভাৰতক গৌৰৱান্বিত কৰি যাব বুলি আশা কৰিলোঁ।”

@narendramodi”

 

****

MJPS/SS/PRK/DM