Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান পেৰা গেমছত ৰূপৰ পদক অৰ্জন কৰা মহম্মদ বাছিল এমক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২৬ চনৰ এছিয়ান পেৰা গেমছৰ পুৰুষৰ ১০০ মিটাৰ দৌৰৰ টি-৪৭ শাখাত চমকপ্ৰদ সময়েৰে ৰূপৰ পদক অৰ্জন কৰি নিজৰ প্ৰতিভাৰ পৰিচয় দিয়া মহম্মদ বাছিল এমক অভিনন্দন জনায়।

শ্ৰী মোদীয়ে কয় যে প্ৰাৰম্ভিক দৌৰত প্ৰতিযোগিতাৰ অভিলেখ ভংগ কৰাৰ পিছত চূড়ান্ত দৌৰত নিজৰ পূৰ্বৰ প্ৰদৰ্শন উন্নত কৰাটো প্ৰতিভা আৰু দৃঢ় সংকল্পৰ এক সুন্দৰ নিদৰ্শন।তেওঁ এই স্মৰণীয় প্ৰদৰ্শনৰ বাবে বাছিলক প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যম ‘এক্স’ত কৰা এটা পোষ্টত এইদৰে উল্লেখ কৰে—

“২০২৬ চনৰ এছিয়ান পেৰা গেমছত মহম্মদ বাছিল এমে নিজৰ প্ৰতিভাৰ পৰিচয় দিছে। তেওঁ পুৰুষৰ ১০০ মিটাৰ দৌৰৰ টি-৪৭ শাখাত চমকপ্ৰদ সময়েৰে ৰূপৰ পদক অৰ্জন কৰিছে।

প্ৰাৰম্ভিক দৌৰতে প্ৰতিযোগিতাৰ অভিলেখ ভংগ কৰাৰ পিছত তেওঁ চূড়ান্ত দৌৰত নিজৰ পূৰ্বৰ প্ৰদৰ্শনো উন্নত কৰিবলৈ সক্ষম হয়।

এয়া প্ৰতিভা আৰু দৃঢ় সংকল্পৰ এক সুন্দৰ নিদৰ্শন।

এই স্মৰণীয় প্ৰদৰ্শনৰ বাবে বাছিলক মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ।”

@narendramodi”

 

****

MJPS/SS/PRK/DM