প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছৰ মহিলাৰ শ্বটপুটৰ এফ-৩৪ শাখাত নিজৰ কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ জৰিয়তে ৰূপৰ পদক অৰ্জন কৰি পুনৰ এবাৰ ভাৰতক গৌৰৱান্বিত কৰাৰ বাবে ভাগ্যশ্ৰী যাদৱক অভিনন্দন জনায়।
পূৰ্বৰ প্ৰতিযোগিতাৰ তুলনাত নিজৰ প্ৰদৰ্শনৰ উন্নতি সাধন কৰি ভাগ্যশ্ৰীয়ে অসাধাৰণ ধাৰাবাহিকতা আৰু ক্ৰমাগতভাৱে উন্নতি কৰাৰ দৃঢ় সংকল্পৰ পৰিচয় দাঙি ধৰিছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে এই সফলতাৰ বাবে তেওঁক অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ভাগ্যশ্ৰীৰ অধ্যৱসায় সঁচাকৈয়ে প্ৰেৰণাদায়ক।
এক্সত প্ৰকাশ কৰা এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে কয়—
“এছিয়ান পেৰা গেমছত পুনৰ ৰূপৰ পদক আৰু নিজৰ কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন!
মহিলাৰ শ্বটপুটৰ এফ-৩৪ শাখাত সুন্দৰ নিক্ষেপেৰে ৰূপৰ পদক অৰ্জন কৰি ভাগ্যশ্ৰী যাদৱে পুনৰ এবাৰ ভাৰতক গৌৰৱান্বিত কৰিছে।
পূৰ্বৰ প্ৰতিযোগিতাৰ তুলনাত নিজৰ প্ৰদৰ্শনৰ উন্নতি সাধন কৰি তেওঁ অসাধাৰণ ধাৰাবাহিকতা আৰু ক্ৰমাগতভাৱে উন্নতি কৰাৰ দৃঢ় সংকল্পৰ পৰিচয় দাঙি ধৰিছে।
এই সুপ্ৰাপ্য সফলতাৰ বাবে ভাগ্যশ্ৰীলৈ অভিনন্দন জনাইছোঁ।
তেওঁৰ অধ্যৱসায় সঁচাকৈয়ে প্ৰেৰণাদায়ক।”
@narendramodi”
Another Asian Para Games Silver and a new personal best!
Bhagyashree Jadhav has once again made India proud, securing Silver in the Women’s Shot Put F34 event with an excellent throw. Having improved her performance since the previous edition, she has demonstrated remarkable consistency and the determination to keep getting better. Congratulations to Bhagyashree on this well-deserved success. Her perseverance is truly inspiring: PM @narendramodi
— PMO India (@PMOIndia) October 21, 2026
****
MJPS/SS/PRK/DM