প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে আজি ইজৰাইলৰ প্ৰধানমন্ত্ৰী শ্ৰীবেঞ্জামিন নেতান্যাহুৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়।
দুয়োগৰাকী নেতাই ভাৰত–ইজৰাইল সম্পৰ্কৰ নিৰৱচ্ছিন্ন গতিশীলতাক আদৰণি জনোৱাৰ লগতে দুয়োখন দেশৰ মাজত থকা ‘বিশেষ কৌশলগত অংশীদাৰিত্ব’ অধিক শক্তিশালী কৰাৰ বাবে নিজৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে।
দুয়োগৰাকী নেতাই পশ্চিম এছিয়াৰ শেহতীয়া উন্নয়ন আৰু পৰিস্থিতি সম্পৰ্কে ধাৰণা বিনিময় কৰাৰ লগতে অঞ্চলটোত শান্তি আৰু সুস্থিৰতা পুনৰুদ্ধাৰ কৰাৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে আগবাঢ়ি যোৱাৰ একমাত্ৰ পথ হিচাপে ‘আলোচনা আৰু কূটনীতি’ৰ বাবে ভাৰতে জনাই অহা আহ্বান পুনৰ দোহাৰে।
দুয়োগৰাকী নেতাই পৰস্পৰৰ মাজত যোগাযোগ বজাই ৰাখিবলৈ সন্মতি প্ৰকাশ কৰে।
MJPS/SS/PRK/DB
Received a phone call from Israeli Prime Minister Benjamin Netanyahu. We reviewed the sustained momentum in our bilateral ties and reaffirmed our commitment to further strengthening our partnership. We also exchanged views on recent developments in West Asia and underscored the urgent need to restore peace and stability in the region. @netanyahu
— Narendra Modi (@narendramodi) October 22, 2026