Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান পেৰা গেমছত ব্ৰঞ্জৰ পদক অৰ্জন কৰা অভিজিত সখুজাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছ, ২০২৬ৰ পুৰুষৰ ছিংগলছ SL4 পেৰা বেডমিণ্টন প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে অভিজিত সখুজাক অভিনন্দন জনায়।

শ্ৰীমোদীয়ে উল্লেখ কৰে যে নিজৰ প্ৰথম প্ৰতিযোগিতাতেই পদকৰ মঞ্চত উপনীত হোৱাটো এক প্ৰশংসনীয় সাফল্য, যিয়ে তেওঁৰ প্ৰতিভা, নিষ্ঠা আৰু প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে। তেওঁ লগতে এই খেলবিধত খেলুৱৈগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে উল্লেখ কৰে:

“অভিজিত সখুজাৰ এক আশা ব্যঞ্জক আৰম্ভণি!

এছিয়ান পেৰা গেমছ,২০২৬ৰ পুৰুষৰ ছিংগলছ SL4 পেৰা বেডমিণ্টন প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে তেওঁলৈ অভিনন্দন জনাইছোঁ। নিজৰ প্ৰথমটো প্ৰদৰ্শনতেই পদক জয় কৰাটো এক প্ৰশংসনীয় সাফল্য আৰু ই তেওঁৰ প্ৰতিভা, একাগ্ৰতা তথা কঠোৰ পৰিশ্ৰমক সূচাইছে। ক্ৰীড়া জগতত তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ: প্ৰধানমন্ত্ৰী

 

 

MJPS/SS/PRK/DB