Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান পেৰা গেমছৰ মহিলাৰ ডাবলছ SL3-SU5 প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰা তুলসীমাথি মুৰুগেছান আৰু মানসী যোশীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে এছিয়ান পেৰা গেমছৰ মহিলাৰ ডাবলছ SL3-SU5 প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰা তুলসীমাথি মুৰুগেছান আৰু মানসী যোশীক অভিনন্দন জ্ঞাপন কৰিছে।

 

শ্ৰীমোদীয়ে কয় যে তেওঁলোকৰ সুন্দৰ প্ৰদৰ্শনে দেশলৈ অপাৰ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁ আশা প্ৰকাশ কৰে যে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এনেদৰেই উজলি থাকিব।

 

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে উল্লেখ কৰে:

 

“তুলসীমাথি মুৰুগেছান আৰু মানসী যোশীৰ এক সুন্দৰ স্বৰ্ণ পদক! মহিলাৰ ডাবলছ SL3-SU5 প্ৰতিযোগিতাত এছিয়ান পেৰা গেমছ চেম্পিয়ন হোৱাৰ বাবে যুটীটোক অভিনন্দন জনালোঁ। তেওঁলোকৰ সুন্দৰ প্ৰদৰ্শনে দেশলৈ অপাৰ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এনেদৰেই উজলি থাকক: প্ৰধানমন্ত্ৰী @narendramodi”

****

MJPS/SS/PRK/DB