Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান পেৰা গেমছত ৰূপৰ পদক অৰ্জন কৰা নীতেশ কুমাৰ আৰু তুলসীমাথি মুৰুগেছানলৈ অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে এছিয়ান পেৰা গেমছৰ মিশ্ৰিত ডাবলছ SL3-SU5 প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰা নিতেশ কুমাৰ আৰু তুলসীমাথি মুৰুগেছানলৈ অভিনন্দন জ্ঞাপন কৰিছে।

 

শ্ৰীমোদীয়ে কয় যে বিগত সংস্কৰণৰ ব্ৰঞ্জ পদকৰ পৰা এইবাৰ ৰূপৰ পদকলৈ উন্নীত হোৱাটো এক প্ৰশংসনীয় সাফল্য। তেওঁ আশা প্ৰকাশ কৰে যে তেওঁলোকে নিজৰ উৎকৃষ্ট প্ৰদৰ্শন অব্যাহত ৰাখিব আৰু দেশলৈ অধিক গৌৰৱ কঢ়িয়াই আনিব। লগতে তেওঁৰ ভৱিষ্যতৰ সাফল্যৰ বাবে শুভকামনা জ্ঞাপন কৰে।

 

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে উল্লেখ কৰে:

 

“এছিয়ান পেৰা গেমছৰ মিশ্ৰিত ডাবলছ SL3-SU5 ত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে নীতেশ কুমাৰ আৰু তুলসীমাথি মুৰুগেছানলৈ অভিনন্দন!

 

বিগত সংস্কৰণৰ ব্ৰঞ্জ পদকৰ পৰা এইবাৰ ৰূপৰ পদকলৈ উন্নীত হোৱাটো এক প্ৰশংসনীয় সাফল্য। তেওঁলোকে উৎকৰ্ষ সাধন অব্যাহত ৰখৰাৰ লগতে দেশলৈ অধিক গৌৰৱ কঢ়িয়াই আনিব বুলি আশা কৰিলোঁ। আগন্তুক দিনবোৰত আৰু অধিক সফলতাৰ বাবে শুভকামনা জনালোঁ: প্ৰধানমন্ত্ৰী @narendramodi”

 

 

***

MJPS/SS/PRK/DB