Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান পেৰা গেমছত স্বৰ্ণ পদক অৰ্জন আৰু নতুন বিশ্ব অভিলেখ গঢ়াৰ বাবে হানিক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছৰ পুৰুষৰ জেভলিন থ্ৰ’ F37/F38 প্ৰতিযোগিতাত উৎকৃষ্ট প্ৰদৰ্শনৰে স্বৰ্ণ পদক জয় কৰাৰ লগতে নতুন বিশ্ব অভিলেখ স্থাপন কৰাৰ বাবে হানিক অভিনন্দন জনায়।

 

শ্ৰীমোদীয়ে উল্লেখ কৰে যে এয়া ভাৰতীয় পেৰা এথলেটিকছৰ বাবে এক উল্লেখযোগ্য সফলতা আৰু অত্যন্ত গৌৰৱৰ ক্ষণ। তেওঁ লগতে আশা প্ৰকাশ কৰে যে হানিয়ে এনেদৰেই সফলতাৰ নতুন উচ্চতাত উপনীত হৈ ৰওক।

 

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে লিখেঃ

 

“স্বৰ্ণ পদক আৰু এক নতুন বিশ্ব অভিলেখ! এছিয়ান পেৰা গেমছৰ পুৰুষৰ জেভলিন থ্ৰ’ F37/F38 প্ৰতিযোগিতাত চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়োৱাৰ বাবে হানিলৈ অভিনন্দন। এয়া এক উল্লেখযোগ্য সফলতা আৰু ভাৰতীয় পেৰা এথলেটিকছৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। তেওঁ এনেদৰেই সফলতাৰ নতুন উচ্চতাত উপনীত হৈ ৰোৱাঃ প্ৰধানমন্ত্ৰী @narendramodi”

***

MJPS/SS/PRK/DB