Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান পেৰা গেমছত ৰূপৰ পদক জয় কৰা নিমিষা চাক্কুঙ্গলপাৰাম্বিল সুৰেশক প্ৰধানমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছত মহিলাৰ লং জাম্প T47 ইভেণ্টত ৰূপৰ পদক লাভ কৰাৰ বাবে নিমিষা চাক্কুঙ্গলপাৰাম্বিল সুৰেশক অভিনন্দন জনাইছে।

শ্ৰী মোদীয়ে কয় যে তেওঁৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমে ভাৰতীয় পেৰা এথলেটিকছৰ বাবে আন এটা গৌৰৱৰ মুহূৰ্ত কঢ়িয়াই আনিছে, তেওঁ সদায় উজ্জ্বল হৈ থাকিব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে । শ্ৰী মোদীয়ে ভৱিষ্যতৰ প্ৰতিযোগিতাসমূহত অধিক সফলতা অৰ্জন কৰিবলৈ তেওঁক শুভেচ্ছা জনায় ।

এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে শ্বেয়াৰ কৰিছেঃ

 ‘এছিয়ান পেৰা গেমছত মহিলাৰ লং জাম্প T47 ইভেণ্টত ৰূপৰ পদক জয় কৰাৰ বাবে নিমিষা চাক্কুঙ্গলপাৰাম্বিল সুৰেশক অভিনন্দন! তেওঁৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমে ভাৰতীয় পেৰা এথলেটিকছৰ বাবে আন এটা গৌৰৱৰ মুহূৰ্ত কঢ়িয়াই আনিছে। তেওঁ জিলিকি থাকক আৰু অধিক সফলতা অৰ্জন কৰক। ভৱিষ্যতৰ প্ৰতিযোগিতাৰ বাবে তেওঁক শুভেচ্ছা জনাইছোঁ।প্ৰধানমন্ত্ৰী @narendramodi’

 

 

****

MJPS/SS/PRK/MK