Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

গুজৰাটৰ বনাসকান্ঠাত উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

গুজৰাটৰ বনাসকান্ঠাত উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা  ভাষণৰ পূৰ্ণপাঠ


ভাৰত মাতা কি জয়।

ভাৰত মাতা কি জয়।

গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্রভাই পেটেল, উপ-মুখ্যমন্ত্ৰী ভাই হৰ্ষ সংঘৱী জী, বিধানসভাৰ অধ্যক্ষ শ্ৰী শংকৰভাই চৌধুৰী, গুজৰাট চৰকাৰৰ সকলো মন্ত্ৰী, সাংসদ, বিধায়ক, অন্যান্য জনপ্ৰতিনিধি আৰু ভাই-ভনীসকল।

আজি দেশৰ সকলো জিলাৰ কৃষকসকলো প্ৰযুক্তিৰ জৰিয়তে আমাৰ সৈতে জড়িত হৈ আছে। আজি প্ৰযুক্তিৰ জৰিয়তে গুজৰাটৰ প্ৰতিখন গাঁৱৰ কৃষক আমাৰ সৈতে জড়িত হৈ আছে। বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল, মন্ত্ৰীসকল, তেওঁলোক সকলো আজি কৃষকসকলৰ বাবে এই গুৰুত্বপূৰ্ণ কাৰ্যসূচীত আমাৰ সৈতে আছে। মই তেওঁলোক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছো।

আজি বনাসকান্ঠাই নিজৰ মৰ্যাদা প্ৰতিষ্ঠা কৰিছে। অলপ আগতে মই পৰ্দাত চাই আছিলো যে সম্ভৱতঃ সমগ্ৰ বিশ্বৰ কতো ইমান বিশাল সমাৱেশত মানুহ চাৰপই (খাট ) বহি থকা নাছিল। দেশৰ জনসাধাৰণৰ বাবেও এয়া এক আশ্চৰ্যজনক দৃশ্য হ’ব লাগিব যে এই সমাৱেশৰ প্ৰতিগৰাকী ব্যক্তিয়েই লোকখাটত বহি আছে। আজি বনাসকান্ঠাই আমাৰ গাঁওসমূহৰ এই মহান পৰম্পৰাক পুনৰ সজীৱ কৰি তুলিছে। আপোনালোকে যদি পূৰ্বতেই গিনেস বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছক অৱগত কৰিলেহেঁতেন, তেন্তে তেওঁলোকে নিশ্চিতভাৱে ইয়াক বিশ্ব ৰেকৰ্ড হিচাপে লিপিবদ্ধ কৰিলেহেঁতেন। অলপ সময় আগতে ইয়াত এই কথা উল্লেখ কৰা হৈছিল।”

আপোনালোকে মোক যি দায়িত্ব অৰ্পণ কৰিছিল, সি এতিয়া পঁচিশ বছৰ সম্পূৰ্ণ কৰিলে। আৰু কাকতালীয়ভাৱে ২৫  বছৰ সম্পূৰ্ণ কৰাৰ পিছত মোৰ প্ৰথম ভ্ৰমণ হৈছে আমাৰ বনাসকাণ্ঠা। হৈছে। মই আপোনালোকক মনত পেলাই দিওঁ যে ২০০১ চনত মুখ্যমন্ত্ৰী হোৱাৰ পিছত মুখ্যমন্ত্ৰী হিচাপে মোৰ প্ৰথমটো ডাঙৰ ৰাজহুৱা কাৰ্যসূচী ডিচাত অনুষ্ঠিত হৈছিল। ইয়াত থকা বয়োজ্যেষ্ঠ লোকসকলৰ সেই লোক কল্যাণ মেলাখন নিশ্চয় মনত আছে। সেই কাৰ্যসূচীটো হয়তো ঐতিহাসিক আছিল। এখন জিলাৰ পৰাই তিনি লাখ লোকে ইয়াত অংশগ্ৰহণ কৰিছিল। মই বিশ্বাস নকৰো যে আজিলৈকে সেই অভিলেখ ভংগ হৈছে। সেই অভিলেখ বনাসকান্থাৰ। যাত্ৰা তাত আৰম্ভ হৈছিল, আৰু আজি মই একে ঠাইতে পঁচিশ বছৰীয়া সেৱাৰ হিচাপ দাঙি ধৰাৰ সুযোগ পাইছোঁ।

নৱৰাত্ৰিৰ মাত্ৰ কেইদিনমানৰ পিছতমা অম্বাৰ পবিত্ৰ ভূমিত ভ্ৰমণৰ সুযোগ লাভ কৰিছো। মই মা অম্বাৰ চৰণত সেৱা জনাইছো। কিছু সময় পূৰ্বে ইয়াৰ পৰাই মাতৃশক্তিৰ বাবে, শিশুৰ বাবে, কৃষক-পশুপালকসকলৰ বাবে কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰুআধাৰশিলা স্থাপন কৰা হৈছে। পিএম কিষাণ সন্মান নিধিৰ নতুন কিস্তিও দেশৰ কোটি কোটি ক্ষুদ্ৰ কৃষকসকলৰ একাউণ্টত জমা হৈছে। মই গুজৰাটৰ জনসাধাৰণৰ লগতেদেশবাসী আৰু কৃষকসকলক অভিনন্দন জনাইছো।

বন্ধুসকল,

সৰ্বপ্ৰথমে গুজৰাট আৰু বনাসকাণ্ঠাৰ লোকসকলে মোক ক্ষমা কৰক, মই এইবাবেই যে মই  হিন্দীত ক’ব লাগিব, কিয়নোএই কাৰ্যসূচীত আমাৰ সৈতে সমগ্ৰ দেশৰ লোক জড়িত হৈ আছে। আপোনালোকে মোক হিন্দীত ক’বলৈ অনুমতি দিছে নহয়নে? বৰ ভাল কথা ।

বন্ধুসকল,

আমাৰ কৃষকসকল আমাৰ অন্নদাতা, উন্নত ভাৰতৰ অন্যতম শক্তিশালী স্তম্ভ আৰু আমাৰ চৰকাৰে সদায় কৃষকৰ কল্যাণ আৰু সবলীকৰণক অগ্ৰাধিকাৰ দি আহিছে। ২০১৩-১৪ৰ তুলনাত দেশৰ কৃষি বাজেট এতিয়া ৫ গুণ বৃদ্ধি পাইছে। পিএম কিষাণ সন্মান নিধি এতিয়া কোটি কোটি ক্ষুদ্ৰ কৃষকৰ জীৱনৰ অংশ হৈ পৰিছে। আজি প্ৰায় ১০কোটি কৃষকৰ একাউণ্টলৈ ১৮হাজাৰ কোটি টকাতকৈও অধিক ধন হস্তান্তৰ কৰা হৈছে। গুজৰাটৰ ৫০লাখৰো অধিক কৃষক ইয়াৰ দ্বাৰা উপকৃত হৈছে। তেওঁলোকৰ একাউণ্টত এহেজাৰ কোটি টকাতকৈও অধিক ধন জমা হৈছে। ইয়াত বনাসকাণ্ঠাৰ লাখ লাখ কৃষক পৰিয়ালৰ একাউণ্টতো প্ৰায় ৫০কোটি টকা জমা হৈছে।

বন্ধুসকল,

বিগত বছৰবোৰত আমাৰ চৰকাৰৰ নীতিৰ বাবে কৃষকসকলে ৫০লাখ কোটিতকৈও অধিক টকা লাভ কৰিছে বা তেওঁলোকৰ ৰাহি  হৈছে ৫০লাখ কোটি টকা। মই আপোনালোকক মাত্ৰ পাঁচটা আঁচনিৰ উদাহৰণ দিম। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ প্ৰায় ৪.৫লাখ কোটি টকা পোনপটীয়াকৈ ক্ষুদ্ৰ কৃষকসকলৰ বেংক একাউণ্টত জমা হৈছে। ভনী, তুমি মোক পৰাস্ত কৰিলা, মই ভাবিছিলো তুমি অলপ সময়ৰ ভিতৰতে বহি পৰিবা, তোমাৰ হাতৰ বিষ হ’ব। আমাৰ এছপিজিৰ লোকসকলক অনুৰোধ জনাইছো যে এই ছোৱালীগৰাকীৰ পৰা ফটোখন লৈ লওক, নহ’লে তাই হাত ওপৰলৈ হাত দাঙি ভাগৰি পৰিব। তাৰ পৰাই লৈ ল’ম, ইয়াৰ পৰা তালৈ যাম, তুমি তাতেই ৰৈ থাকা, এছপিজিৰ কোনো লোকে ফটোখন সংগ্ৰহ কৰক। স্বাধীনতাৰ পিছত এই ক্ষুদ্ৰ কৃষকসকলৰ প্ৰয়োজন কেতিয়াও বুজা নগৈছিল, কেতিয়াও সোধা হোৱা নাছিল। আনহাতে দেশত ক্ষুদ্ৰ কৃষকৰ সংখ্যা ৮৫ শতাংশতকৈও অধিক। আমাৰ দেশত ক্ষুদ্ৰ কৃষকসকলৰ সংখ্যা ৮৫শতাংশ। আমাৰ চৰকাৰে এনে ক্ষুদ্ৰ কৃষকসকলৰ  যত্ন লৈ তেওঁলোকক পিএম কিষাণ সন্মান নিধিৰ জৰিয়তে সহায় আগবঢ়াইছে।

বন্ধুসকল,

বিগত কেইবছৰমানৰ ভিতৰত বিশ্বব্যাপী অনিশ্চয়তাৰ মাজত সাৰৰ মূল্য যথেষ্ট বৃদ্ধি পাইছিল যদিওকৃষকসকলৰ প্ৰতি সমৰ্পিত আমাৰ চৰকাৰে কৃষকসকলৰ ওপৰত বোজা পৰিবলৈ দিয়া নাছিল। চৰকাৰে ইয়াৰ বাবে প্ৰায় ১৬লাখ কোটি টকা ব্যয় কৰিছে। আপোনালোকে কম দৰত সাৰ লাভ কৰিব, সেয়েহে কোষাগাৰৰ পৰা ১৬লাখ কোটি টকা দিবলগীয়া হৈছে, যাতে আপোনালোকৰ ওপৰত বোজা নপৰে।

বন্ধুসকল,

পূৰ্বৰ চৰকাৰসমূহে আনকি এমএছপিক লৈও কৃষকসকলক প্ৰতাৰণা কৰিছিল, কিন্তু আমাৰ চৰকাৰে এমএছপিৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছে। যোৱা ১২ বছৰত ঘেঁহু আৰু ধান কৃষকসকলক একাউণ্টলৈএমএছপি হিচাপে ২৪লাখ কোটি টকা জমা দিয়া হৈছে।

বন্ধুসকল,

আমাৰ চৰকাৰে কৃষকসকলক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ এক অতি শক্তিশালী সুৰক্ষা আৱৰণ প্ৰদান কৰিছে। আমি কৃষক বীমা আঁচনি ব্যাপক পৰিসৰত আৰম্ভ কৰিছিলো। যোৱা ১০-১২ বছৰত কৃষকসকলে শস্য বীমাৰ ক্ষতিপূৰণ হিচাপে ২লাখ কোটি টকাতকৈও অধিক লাভ কৰিছে। খেতিৰ ক্ষতি হোৱাৰ সময়ত বীমা হিচাপে কৃষকসকলে২ লাখ কোটি টকা লাভ কৰিছে। জলসিঞ্চনৰ ক্ষেত্ৰত কৃষকৰ খৰচ হ্ৰাস কৰাটোও আমাৰ নিৰন্তৰ প্ৰয়াস, ইয়াত পিএম কুসুম যোজনাৰ ভূমিকা নিৰন্তৰ বৃদ্ধি পাইছে। ইয়াৰ অধীনত এতিয়ালৈকে প্ৰায় ১২লাখ সৌৰ পাম্প প্ৰদান কৰা হৈছে। পৰ্যাপ্ত পানীৰ সুবিধাৰ বাবেকৃষকসকলক ১২লাখ সৌৰশক্তিচালিত পাম্প প্ৰদান কৰা হৈছে আৰু তাৰ বাবেই বিদ্যুত আৰু ডিজেলৰ প্ৰয়োজন আহি পৰিল। যদি এই সৌৰ পাম্পসমূহ উপলভ্য নহ’লহেঁতেন, তেন্তে কৃষকসকলে ৮০ কোটি লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব লগা হ’লহেঁতেন। অৰ্থাৎইয়াৰ বাবে যিমান ধনৰ প্ৰয়োজন হ’লহেতেন, সেই পৰিমাণৰ ধন লাখ লাখ কৃষকে সঞ্চয় কৰিছে। আৰু ইয়াৰ পৰা যি বিদ্যুৎউৎপন্ন হৈছে, সেয়া অতিৰিক্ত। এক প্ৰকাৰে কেৱল এই পাঁচখন আঁচনি বা সিদ্ধান্তৰ বাবেই দেশৰ কৃষকসকলে ৫০ লাখ কোটি টকাৰ সঞ্চয় বা ৰাহি কৰিছে। ৫০লাখ কোটি টকা এক বৃহৎপৰিমাণ। এই ৫০ লাখ কোটি টকাৰ ফলত দেশৰ কৃষকসকলৰ উপাৰ্জন বৃদ্ধি পাইছে, ভাৰতত কৃষিৰ সম্ভাৱনা বৃদ্ধি পাইছে।

বন্ধুসকল,

কৃষি হৈছে আমাৰ দেশৰ পৰম্পৰা, কৃষি আমাৰ সংস্কৃতি। যোৱা ১২বছৰত আমাৰ চৰকাৰে কৃষিক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিক ব্যাপকভাৱে অন্তৰ্ভুক্ত কৰিছে। আমি কৃষি আৰু পশুপালনক বিজ্ঞানৰ সৈতে জড়িত কৰিছো। ভূমিৰ স্বাস্থ্য কাৰ্ড ইয়াৰ এটা উত্তম উদাহৰণ। ইয়াৰ পূৰ্বে কৃষকৰ বাবে তেওঁৰ পথাৰত কিমান সাৰৰ প্ৰয়োজন আৰু কিমান পৰিমাণৰ সাৰৰ প্ৰয়োজন, তাক নিশ্চিত কৰাটো কঠিন আছিল। ভূমি স্বাস্থ্য কাৰ্ডে এই সমস্যাৰ সমাধান কৰিছে। আজি দেশৰ কৃষকসকলৰ হাতত ২৬ কোটিৰো অধিক মাটি স্বাস্থ্য কাৰ্ড আছে। ইয়াৰ ফলত কৃষি পদ্ধতিসমূহৰ আধুনিকীকৰণ হৈছে।

বন্ধুসকল,

বতৰৰ পৰিবৰ্তন কৃষকৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান। সেয়েহে আমাৰ প্ৰয়াস হৈছে পৰিবৰ্তিত জলবায়ুৰ সৈতে সামঞ্জস্য ৰাখি কৃষকৰ বাবে নিৰন্তৰ নতুন প্ৰকাৰৰ বীজ উপলভ্য কৰোৱা। বছৰ বছৰ ধৰি প্ৰায় তিনি হাজাৰ নতুন প্ৰকাৰৰ বীজ কৃষকৰ বাবে উপলভ্য কৰোৱা হৈছে।

বন্ধুসকল,

পশুপালন আমাৰ গ্ৰাম্য অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ অংশ আৰু ইয়াত আমাৰ ভগ্নীসকলৰ এক বৃহৎ অৱদান আছে। যোৱা দশকত আমি পশুপালন আৰু দুগ্ধ উৎপাদন খণ্ডত বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যৱহাৰতো গুৰুত্ব আৰোপ কৰিছো যিহেতু পশুৰ প্ৰজাতি উন্নত হ’লে, গাখীৰৰ উৎপাদন বৃদ্ধি হ’ব। কিছু সময় পূৰ্বে শংকৰ ভায়ে কৈছিল যে আমি চাৰিটা গৰুৰ পৰা যিমান গাখীৰ পাব পাৰো, সিমানেই এটা গৰুৰ পৰা বিচাৰো। সময়মতে টিকাকৰণ আৰু চিকিৎসাই ৰোগৰ দ্বাৰা হোৱা ক্ষতি হ্ৰাস কৰিব। অৰ্থাৎ, পশুধন সুস্থ থাকিলে মোৰ গোপালক ভাতৃসকলৰ উপাৰ্জনো বৃদ্ধি হ’ব।

বন্ধুসকল,

আপোনালোকে ৰাষ্ট্ৰীয় গোকুল মিছনৰ বিষয়ে জানে। ইয়াৰ অধীনত থলুৱা প্ৰজাতিৰ সংৰক্ষণ আৰু বৈজ্ঞানিক প্ৰজননৰ প্ৰচাৰ কৰা হৈছে। বানসকাণ্ঠাৰ নতুন গৱেষণা কেন্দ্ৰই এই অভিযান অধিক শক্তিশালী কৰিব। গিৰ, সাহিৱাল আৰু কানক্ৰেজৰ দৰে থলুৱা গৰু আৰু মেহছানা, মুৰা আৰু জাফৰাবাদীৰ দৰে ম’হৰ প্ৰজাতিৰ সংৰক্ষণ কৰা হ’ ব। একে সময়তেইয়াৰ গুণগত মান বৃদ্ধি কৰাটোও এক বৃহৎ কাম হ’ব। দেশত কানক্ৰেজ প্ৰজাতিৰ বাবে এয়া হ’ব প্ৰথমটো সুবিধা। ইয়াৰ উদাহৰণস্বৰূপে, যদি কোনো কৃষকৰ ওচৰত অধিক গাখীৰ দিয়া আৰু কম খৰচী স্বাস্থ্যসন্মতউন্নত প্ৰজননৰ গাই থাকে, তেন্তে তেওঁ বা তাই গৰুৰ এই গুণসমূহ ভৱিষ্যত প্ৰজন্মৰ বাবে অব্যাহত থকাটো বিচাৰিব। আইভিএফৰ দৰে আধুনিক প্ৰযুক্তিয়ে ইয়াত সহায় কৰে। ই উন্নত প্ৰজাতিৰ বৈশিষ্ট্যসমূহ পৰৱৰ্তী প্ৰজন্মলৈ লৈ যোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে। ইয়াৰ দ্বাৰা কৃষকসকল প্ৰত্যক্ষভাৱে উপকৃত হ’ব।

বন্ধুসকল,

জীৱ-জন্তুবোৰক ৰোগৰ পৰা সুৰক্ষিত কৰাটোও আমাৰ অগ্ৰাধিকাৰ। ভৰি আৰু মুখৰ ৰোগে পশুৰ স্বাস্থ্য আৰু গাখীৰ উৎপাদন ক্ষমতাক প্ৰভাৱিত কৰে। সেয়েহে আমি সমগ্ৰ দেশতে বিনামূলীয়া টিকাকৰণ অভিযান আৰম্ভ কৰিছো। এতিয়ালৈকে প্ৰায় ১৫০নিযুত প্ৰতিষেধক জন্তুবোৰক প্ৰদান কৰা হৈছে। ৮কোটিৰো অধিক কৃষকৰ পশুৱে বিনামূলীয়া প্ৰতিষেধক লাভ কৰিছে। ইয়াৰ ফলত গৰু-ম’হ পালনকাৰীসকলৰ ব্যয়ৰ বোজাও হ্ৰাস পাইছে।

বন্ধুসকল,

এই প্ৰয়াসৰ প্ৰভাৱ গাখীৰ উৎপাদনতো দৃশ্যমান হৈছে। ২০১৩-১৪ বৰ্ষত এটা গৰু বা ম’হৰ পৰা দৈনিক গড়ে ৫ লিটাৰতকৈ কম গাখীৰ উৎপাদন হৈছিল। এয়া আপোনালোকে মোক দিল্লীলৈ পঠোৱা সময়ৰ খবৰ। এদিনত পাঁচ লিটাৰতকৈ কম গাখীৰ। আজি এই গড় পৰিমাণ প্ৰায় ৮ লিটাৰলৈ বৃদ্ধি পাইছে, সমগ্ৰ দেশত গড়ে ৮ লিটাৰকৈ। ভাৰতত দুগ্ধ উৎপাদনশীলতা বৃদ্ধিৰ গতি বিশ্বৰ ভিতৰতে দ্ৰুততম। দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰতে প্ৰথম স্থানত আছে। ইয়াৰ ফলত গাওঁসমূহ উপকৃত হৈছে, কৃষক পৰিয়ালৰ উপাৰ্জন বৃদ্ধি পাইছে।

বন্ধুসকল,

আমি বিচাৰো যে গৰুৰ গাখীৰৰ লগতে গোবৰৰ পৰাও কৃষকৰ উপাৰ্জন বৃদ্ধি হওক। গোবৰ আৰু খেতিৰ অৱশিষ্টৰ পৰা জৈৱ গেছ, জৈৱ-চিএনজি আৰু জৈৱিক সাৰ উৎপাদনৰ বাবে আন্তঃগাঁথনি সৃষ্টি কৰা হৈছে। এইক্ষেত্ৰত বানস ডেইৰীৰ দৰে প্ৰতিষ্ঠানৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। আজি ইয়াত দুটা জৈৱ-চিএনজি প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰা হৈছে। আমাৰ লক্ষ্য স্পষ্ট-জীৱ-জন্তু স্বাস্থ্যৱান হোৱা উচিত । গাখীৰৰ উৎপাদন বৃদ্ধি হোৱা উচিত আৰু গোবৰো সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰা উচিত। পশুপালন কেৱল এক পৰম্পৰাই নহয়, কৃষকৰ উপাৰ্জন বৃদ্ধি আৰু গাওঁসমূহক সমৃদ্ধ কৰাৰ এক শক্তিশালী মাধ্যম হিচাপে গঢ় লৈ উঠিছে। মই অলপ সময়ৰ আগতে ইয়াৰ মহিলাসকলৰ সৈতে কথা পাতি আছিলোঁ। তেওঁলোকে মোক কৈছিল যে তেওঁলোকে ২ কোটি টকাৰ গাখীৰ যোগান ধৰে। ২ কোটি টকাৰ গাখীৰ। তাৰ পিছত মই তেওঁলোকক সোধো যে তেওঁলোকে কিমানলৈকে পঢ়া-শুনা কৰিছে। তেওঁলোকে উত্তৰ দিলে, “চাৰিখন কিতাপ”, আৰু তথাপিও তেওঁলোকে ২ কোটি টকাৰ গাখীৰ যোগান ধৰে।

বন্ধুসকল,

বিগত বৰ্ষবোৰত, আমি গাঁৱৰ সমৃদ্ধিৰ বাবে এটা সামগ্ৰিক দৃষ্টিভংগীৰে কাম কৰিছোঁ। কেৱল মীন খণ্ডটোলৈ চাওক আৰু ই কিমান প্ৰসাৰিত হৈছে সেয়া লক্ষ্য কৰক। ভাৰতৰ সাগৰীয় খাদ্য ৰপ্তানি দুগুণতকৈও অধিক বৃদ্ধি পাইছে বুলি জানি আপুনি আনন্দিত হ’ব। আমাৰ মাছমৰীয়াসকলে সাগৰলৈ যায়, মাছ আৰু মিছামাছ ধৰে আৰু সেইবোৰ বিক্ৰী কৰে। আজি এই খণ্ডটোৱে অভূতপূৰ্ব উন্নতি লাভ কৰিছে আৰু সমগ্ৰ বিশ্বতে ইয়াৰ চাহিদা দ্ৰুত গতিত বৃদ্ধি পাইছে। মীন খণ্ডত সহযোগিতাৰ দিশটোও প্ৰসাৰিত কৰা হৈছে।

বন্ধুসকল,

আৰু এটা খণ্ড আছে, যিয়ে আমাৰ কৃষকসকলৰ উপাৰ্জনৰ বাবে আন এটা উৎস প্ৰদান কৰিছে। এই খণ্ডটো হল মৌ মাখি পালন । যোৱা ১২বছৰত মৌৰ উৎপাদন দুগুণ হৈছে। আৰু মোৰ মনত আছে যে যেতিয়া মই বনাসকাণ্ঠালৈ আহিছিলো, মই আপোনালোক সকলোকে আহ্বান জনাইছিলো যে আমি এক মিঠা বিপ্লৱ আৰম্ভ কৰিব লাগিবআৰু আজি বনাসকাণ্ঠাই মৌ উৎপাদনত নতুন অভিলেখ গঢ়িবলৈ আৰম্ভ কৰিছে। আজি ভগ্নীসকলে বুজি পাইছে, তেওঁলোকে কৈছে যে আমি ৩৫লাখ টকা মূল্যৰ মৌ বিক্ৰী কৰো। আপোনালোকে জানি গৌৰৱ অনুভৱ কৰিব যে আমাৰ দেশ প্ৰাকৃতিক মৌৰ দ্বিতীয় সৰ্ববৃহৎ ৰপ্তানিকাৰী হৈ পৰিছেআৰু যি মৌ বিপ্লৱ আহিছে, মিঠা বিপ্লৱ আহিছে, ইয়াত আমাৰ ভগ্নীসকলৰ আত্মসহায়ক গোটসমূহৰ অৱদানো বৃদ্ধি পাইছে।

বন্ধুসকল,

কিছু দিন পূৰ্বে, ৭ অক্টোবৰত, মই চৰকাৰৰ মুৰব্বী হিচাপে পঁচিশ বছৰ সম্পূৰ্ণ কৰিলোঁ। এনে লাগিছে যেন এইটো কালিহে ঘটিছিল। হয়, কালি ঘটাৰ দৰেই অনুভৱ হৈছে, যেতিয়া মই ২০০১ চনৰ ৭ অক্টোবৰত প্ৰথমবাৰৰ বাবে শপত গ্ৰহণ কৰিছিলোঁ। আপোনালোক সকলোৱে আপোনালোকৰ নৰেন্দ্ৰ ভাইক অপৰিসীম স্নেহ আৰু বহুত মৰম দিলে। আজি মই ইয়াত অলপ অস্বস্তি অনুভৱ কৰিলোঁ। দেশৰ বাকী অংশত যিয়েই কোৱা নহওক কিয় সেয়া বেলেগ কথা, কিন্তু ইয়াত শংকৰভাই ক’লে, “প্ৰধানমন্ত্ৰী চাহাব, প্ৰধানমন্ত্ৰী চাহাব।” মোক সঁচা কথা কওকচোন, এনেকুৱা এটা সম্বোধন মোৰ ডিঙিয়েদি কেনেকৈ পাৰ হ’ব (মই কেনেকৈ সহজভাৱে ল’ম)? ইয়াত মানুহৰ অভ্যাসগতভাৱে কোৱাৰ নিয়ম, “আমাৰ নৰেন্দ্ৰ ভাই আহিছে।” এইটো ক’লে বেছি ভাল নালাগেনে? “প্ৰধানমন্ত্ৰী চাহাব” বুলি ক’লে কি আনন্দ পোৱা যায়? আৰু যেতিয়া গুজৰাটৰ মোৰ ভাই-ভনীসকলে “আমাৰ নৰেন্দ্ৰ ভাই” বুলি কয়, তেতিয়া মোৰ হৃদয় আৱেগেৰে উপচি পৰে। কেৱল স্নেহতকৈও অধিক, প্ৰতিজন গুজৰাটীয়ে মোক কিবা নহয় কিবা শিকাইছিল। তেওঁলোকে মোক সঠিক পথৰ দিশে পৰিচালিত কৰিছিল আৰু অনুপ্ৰাণিত কৰিছিল। সেই সময়ত মই চৰকাৰী কাৰ্যালয়, চৰকাৰী কাম-কাজ বা ফাইলৰ বিষয়ে একোৱেই জনা নাছিলোঁ। এজন সাধাৰণ পৰিয়ালৰ ব্যক্তি, যাৰ প্ৰজন্মই কেতিয়াও গাঁও এখনৰ মুৰব্বী হোৱাৰ সপোনো দেখা নাছিল, তেওঁক আপোনালোকে প্ৰথমে গুজৰাট আৰু তাৰ পিছত দেশৰ সেৱা কৰাৰ দায়িত্ব অৰ্পণ কৰিলে। অলপ সময়ৰ আগতে মহিলাসকলৰ সৈতে কথা পাতি থাকোঁতে তেওঁলোকে মোক সুধিছিল যে জ্যোতিগ্ৰাম, পানী অনা, প্ৰাকৃতিক খেতি আৰু পশুধনৰ বাবে লোৱা পদক্ষেপৰ দৰে ধাৰণাবোৰ মোৰ মনলৈ কেনেকৈ আহিল। মই তেওঁলোকক ক’লোঁ যে ইয়াৰ কোনো বিশেষ সূত্ৰ নাই। আপোনালোকে মোক সকলো কথা শিকাইছিল, আৰু মই কেৱল গৈ সেইবোৰ কাৰ্যকৰী কৰিলোঁ।

বন্ধুসকল,

মই মাত্ৰ দুটা কথা জানিছিলো-জনসেৱাৰ জৰিয়তে ৰাষ্ট্ৰৰ সেৱা আৰু গুজৰাটৰ উন্নয়নৰ জৰিয়তে দেশৰ উন্নয়ন। বাকীখিনিকেনেকৈ কৰিব লাগে, কেনেকৈ আগবাঢ়িব লাগে, আপোনালোকে মোক শিকাইছে। মই দেশৰ বাবে যি কৰিবলৈ সক্ষম হৈছো, তাৰ কৃতিত্ব সকলো দেশবাসীৰ লগতে আপোনালোক সকলোৰে। ইয়াৰ বাবে, মই গোটেই জীৱন আপোনালোকৰ ওচৰত ঋণী হৈ থাকিম, মই গোটেই জীৱন আপোনালোকৰ ওচৰত ঋণী হৈ থাকিম। আৰু মই মোৰ জীৱনৰ শেষ মুহূৰ্তলৈকে আপোনালোকৰ সেৱাত ব্ৰতী থাকিম। শেষ নিশ্বাসলৈকে সেৱা-সেৱা-সেৱা, দেশবাসীসকলৰ সেৱা, আপোনালোক সকলোৰে সেৱা।

 

বন্ধুসকল,

ইয়াত উপস্থিত থকা জ্যেষ্ঠ নাগৰিকসকলে এতিয়াও সেই পুৰণি দিনবোৰৰ কথা মনত পেলাব পাৰে। পঁচিশ বছৰ আগতে মই যেতিয়া ইয়ালৈ আহিছিলো, তেতিয়া বিদ্যুত আৰু পানীৰ গুৰুতৰ সমস্যা আছিল। তেতিয়াও মই কৈছিলো যে আমি বিদ্যুত আৰু পানী ৰাহি কৰিব লাগিব। খেতিয়কসকলে মোৰ বিৰুদ্ধে প্ৰতিবাদ কৰি কৈছিল, “আমাক পানী ৰাহি কৰিবলৈ ক’বলগীয়া মোডী কোন? তেওঁ আনকি আমাক বিদ্যুতো নিদিয়ে।” মই আপোনালোকৰ সৈতে যুক্তিতৰ্ক কৰি থাকিলোঁ, আৰু অৱশেষত আপোনালোকে মই কোৱা কথাষাৰ গ্ৰহণ কৰিলে। আৰু আজি, এবাৰ চাওকচোন আমি ক’ৰ পৰা ওলাই আহি ক’ত পাইছোগৈ। সেই পুৰণি সমস্যাবোৰ এতিয়া কেৱল স্মৃতিতহে ৰৈ গৈছে। আজি মই আকৌ এবাৰ আপোনালোকক একেটা কথাই ক’ম: আমি পানী ৰাহি কৰিবই লাগিব, আৰু আমি বিদ্যুতো ৰাহি কৰিব লাগিব।

বন্ধুসকল,

নৰ্মদাৰ পানী আৰু গভীৰ জলসিঞ্চনৰ দৰে আধুনিক প্ৰযুক্তিয়ে বানসকাণ্ঠাৰ ছবি সলনি কৰিছে, বনাসকাণ্ঠাৰ ভাগ্য সলনি কৰিছে।আজি বনাসকাণ্ঠাৰ আলু বিশ্ববিখ্যাত হৈ পৰিছে। এতিয়া বনাসকাণ্ঠাৰ লোকক আহি কোনেও আলুৰ পৰা সোণ উৎপাদন কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিব নোৱাৰে। কাৰণ তেওঁলোকে ক’ব পাৰে যে আমি ইতিমধ্যে আলুৰ খেতিৰে সমৃদ্ধি অৰ্জন কৰিছোঁ। ইয়াত বনাস ডেইৰীৰ দৰে এক শক্তিশালী সমবায় ব্ৰেণ্ড আছে, যিয়ে কাশীকে ধৰি দেশৰ আন আন অঞ্চললৈ সমবায় আন্দোলন সম্প্ৰসাৰিত কৰিছে।মই বিশেষভাৱে বনাস ডেইৰীৰ ওচৰত কৃতজ্ঞ। কাৰণ মোৰ কাশীতো আপোনালোকৰ অভিজ্ঞতা তথা সেৱাৰ সুফল লাভ কৰা হৈছে। এতিয়া ফ্ৰেঞ্চ ফ্ৰাই প্ৰস্তুত কৰা আলু উদ্যোগৰ উৎপাদন ক্ষমতাও বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত অধিক পৰিমাণৰ আলু ক্ৰয় কৰাটো সম্ভৱ হ’ব।এয়া আলু খেতিয়কসকলৰ বাবে এক অতি ডাঙৰ সুবিধা।

বন্ধুসকল,

ফল-মূল আৰু শাক-পাচলিৰ খেতি কৰা কৃষকসকলৰ বাবে এক ক্লাস্তাৰ ভিত্তিক উন্নয়ন কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে।এই কাৰ্যসূচীৰ অধীনত আজি ১২টা কৃষি থূপত অনুমোদন জনোৱা হৈছে।এই ক্লাস্তাৰ সমূহ বিলাহী, আলু, জলকীয়া, আঙুৰ, কল, পিয়াঁজ, কমলা, ডালিম আৰু ক’ক’ আদি ফল-মূল আৰু শাক-পাচলিৰ খেতিৰ সৈতে জড়িত।ইয়াৰ অধীনত কৃষকসকলক নতুনকৈ ফলৰ বাগিচা স্থাপন আৰু পুৰণি বাগিচাসমূহৰ পুনৰুজ্জীৱনৰ বাবে উৎসাহিত কৰা হ’ব। সমগ্ৰ প্ৰকল্পটোৰ বাবে ৰাজসাহায্যও প্ৰদান কৰা হ’ব। উত্তৰ গুজৰাটত লাভ কৰা দুটা কৃষি ক্লাস্তাৰ বনাসকাণ্ঠা আৰু সবৰকাণ্ঠাৰ আলু খেতিয়কসকলক যথেষ্ট উপকৃত কৰিব।

বন্ধুসকল,

আজি গুজৰাটৰ উন্নয়নৰ সৈতে জড়িত আন কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰা হৈছে।আজি গুজৰাটে দুখন নতুন ৰে’ল  লাভ কৰিছে। সেই দুখন হৈছে আহমেদাবাদ-বেনাৰস সাবৰমতী এক্সপ্ৰেছ আৰু মেহছানা-বেচৰাজী-সাবৰমতী মেমু ৰে’ল। দুয়োখন ৰে’লৰ সেৱাই যাতায়াতৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব বহন কৰে। ইয়াৰ উপৰি আহমেদাবাদ মেট্ৰ’ ৰে’ল সেৱাৰো সম্প্ৰসাৰণ কৰা হৈছে। আজি গিফ্ট চিটি আৰু বিমানবন্দৰৰ মাজত সংযোগ স্থাপনৰ বাবে মেট্ৰ’ প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন কৰা হৈছে। আহমেদাবাদ-মেহছানা ঘাইপথটো বৰ্তমানৰ চাৰিলেনযুক্ত পথৰ পৰা আঠলেনযুক্ত পথলৈ উন্নীত কৰা হ’ব।

বন্ধুসকল,

আজি গুজৰাটৰ শিশুসকলৰ বাবে ৪,০০০ৰো অধিক আধুনিক অংগনৱাড়ী কেন্দ্ৰৰো শুভাৰম্ভ কৰা হৈছে।ইয়াৰ ফলত প্ৰায় ৪ লাখ শিশু আৰু গৰ্ভৱতী মাতৃ উপকৃত হ’ব।

বন্ধুসকল,

উন্নয়নৰ এনে প্ৰতিটো প্ৰচেষ্টাৰ লক্ষ্য হৈছে ভাৰতক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা। আজি দেশৰ প্ৰতিগৰাকী কৃষক, প্ৰতিগৰাকী যুৱক-যুৱতী, প্ৰতিগৰাকী ভগ্নী আৰু কন্যাই এখন বিকশিত ভাৰত গঢ়াৰ সংকল্পৰে আগবাঢ়ি গৈছে।কিন্তু দুৰ্ভাগ্যজনকভাৱে কিছুমান লোকে দেশৰ এই অগ্ৰগতি ভাল নাপায়। কিছুমান লোকৰ যেন একোৱেই ভাল লগা নাই। এওঁলোক এনে লোক, যিসকলে দেশখনক সংকটৰ মাজত পৰা দেখিবলৈ বিচাৰে। দেশত সংকটৰ সৃষ্টি হ’লে তেওঁলোকে আনন্দ লাভ কৰে। দেশৰ ওপৰত বিপদ আহিলে তেওঁলোক সুখী হয়।

বন্ধুসকল,

ইয়াৰ শেহতীয়া উদাহৰণ হৈছে ইৰাণ আৰু উপসাগৰীয় দেশসমূহৰ আশে-পাশে চলি থকা যুদ্ধ। ভাৰতে যেতিয়া ঐক্যবদ্ধভাৱে এই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আগবাঢ়িছে, তেতিয়া এই লোকসকলে উৰাবাতৰি বিয়পোৱাত ব্যস্ত হৈ পৰিছে। কৃষকসকলৰ মাজত সাৰৰ নাটনি হ’ব বুলি আতংকৰ  সৃষ্টি কৰা হৈছিল। সাৰ নাপাব বুলি উৰাবাতৰি বিয়পোৱা হৈছিল। কৃত্ৰিমভাৱে সাৰৰ বাবে দীঘলীয়া শাৰী সৃষ্টি কৰি পৰিৱেশ বিনষ্ট কৰাৰ চেষ্টা কৰা হৈছিল। মহিলাসকলৰ মাজতো এইবুলি আতংকৰ সৃষ্টি কৰা হৈছিল যে এতিয়া ৰন্ধন গেছ উপলব্ধ নহ’ব। ৰন্ধা-বঢ়া কেনেকৈ কৰিব, শিশুসকল বিদ্যালয়লৈ কেনেকৈ যাব? দেশত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰি মোক বদনাম কৰাটোৱেই আছিল তেওঁলোকৰ পৰিকল্পনা।

বন্ধুসকল,

দেশৰ কৃষক ভাই-ভনীসকলক মই এটা কথা পুনৰ স্মৰণ কৰাই দিব বিচাৰিছোঁ। মই প্ৰতিশ্ৰুতি দিছিলোঁ যে মোদীয়ে আপোনালোকৰ কাষত দৃঢ়তাৰে থিয় দিব। আৰু আপোনালোকে দেখিছে যে আজিও যুদ্ধ অব্যাহত আছে, কিন্তু মোদীয়ে কৃষকসকলৰ বাবে সাৰৰ কোনো নাটনি হ’বলৈ দিয়া নাই। সাৰৰ যোগান হ্ৰাস পাবলৈ দিয়া নাই।

বন্ধুসকল,

এই যুদ্ধৰ ফলত সমগ্ৰ বিশ্বতে সাৰৰ মূল্য যথেষ্ট বৃদ্ধি পাইছে। সাৰ প্ৰস্তুত কৰিবলৈ প্ৰয়োজন হোৱা ৰাসায়নিক সামগ্ৰীৰ মূল্যও যথেষ্ট বৃদ্ধি পাইছে।কিন্তু চৰকাৰে এই মূল্যবৃদ্ধিৰ বোজা কৃষকসকলৰ ওপৰত পৰিবলৈ দিয়া নাই। বিশ্বৰ বজাৰত ইউৰিয়া সাৰৰ যিটো বস্তাৰ মূল্য ৩,০০০ টকা, সেই একেটা বস্তাই ভাৰতৰ কৃষকসকলে ৩০০ টকাতকৈও কম মূল্যত লাভ কৰিছে। বিশ্বৰ বজাৰত ইউৰিয়া সাৰৰ বস্তাৰ মূল্য ৩,০০০ টকা হ’লেও চৰকাৰে ইয়াৰ সম্পূৰ্ণ অতিৰিক্ত ব্যয় চৰকাৰে  নিজে বহন কৰি কৃষকসকলক মাত্ৰ ৩০০ টকাতকৈও কম মূল্যত যোগান ধৰিছে। একেদৰে, বিশ্বৰ বজাৰত ডিএপি সাৰৰ মূল্য ৫,০০০ টকাতকৈও অধিক হৈছে। কিন্তু ভাৰতৰ কৃষকসকলে সেই একেটা সাৰৰ বস্তা মাত্ৰ ১,৩৫০ টকাতে লাভ কৰিছে।দেশে এই সহায় আগবঢ়াইছে যাতে আমাৰ কৃষকসকল সবল হৈ উঠে আৰু তেওঁলোকৰ জীৱন অধিক উন্নত হয়।

বন্ধুসকল,

অনিশ্চয়তাৰে ভৰা বিশ্বত ভাৰতৰ দ্ৰুত উন্নয়নে সমগ্ৰ বিশ্বৰ বাবে নতুন আশাৰ সঞ্চাৰ কৰিছে।এনে পৰিস্থিতিত আমি ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ পথত নিৰন্তৰ আগবাঢ়ি যাব লাগিব। কাইলৈ অৰ্থাৎ ৩১ অক্টোবৰ হৈছে এই সংকল্পক অধিক শক্তিশালী কৰাৰ দিন। কাইলৈ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মজয়ন্তী। কাইলৈ ৰাষ্ট্ৰীয় একতা দিৱস। চৰ্দাৰ পেটেলৰ জন্মজয়ন্তী উপলক্ষ্যে সমগ্ৰ দেশে ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰিব।এই দিনটোত সমগ্ৰ দেশতে ‘একতাৰ দৌৰ’ অনুষ্ঠিত কৰা হয়। ইতিমধ্যে বিভিন্ন ঠাইৰ পৰা খবৰ আহিছে যে ‘একতাৰ দৌৰ’ৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। মই দেশৰ সকলো নাগৰিকক, বিশেষকৈ মোৰ যুৱ বন্ধুসকলক কাইলৈ পুৱা অনুষ্ঠিত হ’বলগীয়া ‘একতাৰ দৌৰ’ত উৎসাহেৰে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ।

বন্ধুসকল,

প্ৰতিবছৰে ৩১ অক্টোবৰৰ পুৱা একতা নগৰত একতা মহোৎসৱ উদযাপন কৰা হয়। কিন্তু এইবাৰ ‘একতাৰ দৌৰ’ আৰু অন্যান্য কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি এই অনুষ্ঠান পুৱাৰ পৰিৱৰ্তে সন্ধিয়া অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এইবাৰ সময়সূচীৰ কিছু পৰিৱৰ্তন কৰা হৈছে। কাইলৈ সন্ধিয়া ৫.৩০ বজাত একতা নগৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে একতা মহোৎসৱ উদযাপন কৰা হ’ব। কাইলৈ সন্ধিয়া ৫.৩০ বজাত অতি বৃহৎ পৰিসৰত এই মহোৎসৱ অনুষ্ঠিত হ’ব। আপোনালোকে দূৰদৰ্শনত এই অনুষ্ঠান চাব। গুজৰাটৰ ভূমিত এনে এক কুচকাৱাজ অনুষ্ঠিত হ’ব, যিয়ে আপোনালোকক ২৬ জানুৱাৰী আৰু দিল্লীৰ গণৰাজ্য দিৱসৰ কথা মনত পেলাই দিব। আপোনালোকে নিশ্চয়কৈ এই অনুষ্ঠান চাব।আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ কুচকাৱাজ অনুষ্ঠিত হ’ব। বিভিন্ন প্ৰতীকপট প্ৰদৰ্শন কৰা হ’ব। মই দেশৰ সকলো নাগৰিককে কাইলৈ সন্ধিয়া এই অনুষ্ঠানৰ সৈতে জড়িত হ’বলৈ আহ্বান জনাইছোঁ।কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ, কচ্ছৰ পৰা কামাখ্যালৈকে আমি সকলোৱে, সমগ্ৰ দেশে একেলগে চৰ্দাৰ পেটেলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰোঁ আহক। ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ সংকল্প পুনৰ দৃঢ় কৰোঁ আহক।এই আহ্বানৰ সৈতে উন্নয়নমূলক কাম-কাজৰ বাবে আপোনালোক সকলোলৈ পুনৰবাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।

অশেষ ধন্যবাদ।

তাত পিছফালে বহি থকা ভগ্নীসকলে মোক আশীৰ্বাদ জনাইছে। মাতাজী, মই আপোনাৰ চৰণ স্পৰ্শ কৰিছোঁ। আপোনালোকে মোক যি আশীৰ্বাদ প্ৰদান কৰি শক্তি যোগাইছে, তাৰ বাবে আপোনালোকৰ ওচৰত মই অশেষ কৃতজ্ঞ।

 

ভাৰত মাতা কি জয়!

ভাৰত মাতা কি  জয়!

ঘোষণা : প্ৰধানমন্ত্ৰীৰ ভাষণৰ কিছু অংশ গুজৰাটী ভাষাতো আছিল। সেই অংশসমূহৰ ইয়াত ভাবানুবাদ কৰা হৈছে।

 

******

MJPS/SS/SS/RK/NB