Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মজয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ লৌহ মানৱ তথা অখণ্ড ভাৰতৰ খনিকৰ চৰ্দাৰ বল্লভভাই পেটেলক তেওঁৰ জন্ম জয়ন্তীত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে চৰ্দাৰ পেটেলে এখন শক্তিশালী, সমৃদ্ধিশালী আৰু সমৰ্থবান ভাৰত গঢ়ি তোলাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল, যিয়ে এখন উন্নত আৰু স্বাৱলম্বী ভাৰত গঢ়ি তোলাৰ প্ৰচেষ্টাত এক মহান প্ৰেৰণা হিচাপে কাম কৰি যাব।

প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যম ‘এক্স’ত এইদৰে পোষ্ট কৰে—

“অখণ্ড ভাৰতৰ স্থপতি, দেশৰ লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মজয়ন্তীত তেওঁলৈ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। এখন শক্তিশালী, সমৃদ্ধিশালী আৰু সক্ষম ভাৰত নিৰ্মাণৰ বাবে তেওঁ নিজৰ জীৱন উৎসৰ্গা কৰিছিল। ভাৰতমাতাৰ সেৱাত তেওঁৰ ত্যাগ আৰু সমৰ্পণ এখন  বিকশিত  আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ ক্ষেত্ৰত এক বৃহৎ প্ৰেৰণাৰ উৎস।”

 

********

MJPS/SS/VJ/DM