Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ধনতেৰাছ উপলক্ষে দেশবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ধনতেৰাছ উপলক্ষে দেশবাসীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে ভগৱান ধনন্তৰীৰ ঐশ্বৰিক আশীৰ্বাদে সকলোৰে জীৱনলৈ সুখ, শান্তি আৰু সুস্বাস্থ্য কঢ়িয়াই আনিব বুলি প্ৰাৰ্থনা কৰে। তেওঁ লগতে প্ৰতিটো পৰিয়াল আনন্দ আৰু উৎসাহেৰে আশীৰ্বাদপুষ্ট হওক বুলিও কামনা কৰে।

শ্ৰী মোদীয়ে ভগৱান ধনন্তৰীৰ ওচৰত প্ৰাৰ্থনা কৰি সকলোৰে কল্যাণৰ বাবে তেওঁৰ আশীৰ্বাদ বিচাৰে।

এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰি শ্ৰী মোদীয়ে এক্সত লিখিছে;

‘সমগ্ৰ দেশবাসীক ধনতেৰছাৰ শুভেচ্ছা জনালো। ভগৱান ধনন্তৰীৰ আশীৰ্বাদে সকলোৰে জীৱন সদায় সুখ, শান্তি আৰু সুস্বাস্থ্যৰে আলোকিত কৰক। প্ৰতিটো পৰিয়ালতে সুখ আৰু আনন্দৰ প্ৰদীপ জ্বলি থাকক, এয়াই কামনা।

नमामि धन्वन्तरिमादिदेवं सुरासुरैर्वन्दितपादपद्मम्।

लोके जरारुग्भयमृत्युनाशं दातारमीशं विविधौषधीनाम्॥’

MJPS/SS/ST/NB