Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২০২৬ চনৰ এছিয়ান পেৰা গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ সৈতে মত বিনিময় কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

২০২৬ চনৰ এছিয়ান পেৰা গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ সৈতে মত বিনিময় কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ইন্দিৰা গান্ধী ক্ৰীড়া প্ৰকল্পত ২০২৬ চনৰ এছিয়ান পেৰা গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোৰ সৈতে মত বিনিময় কৰে।

এই উপলক্ষে ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কেইসপ্তাহমান পূৰ্বে এছিয়ান গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোৰ সৈতে মত বিনিময় কৰাৰ পিছৰে পৰা তেওঁ পেৰা এছিয়ান গেমছত অংশগ্ৰহণ কৰা খেলুৱৈসকলক লগ কৰিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল। তেওঁ লগতে উল্লেখ কৰে যে খেলুৱৈসকলৰ অসাধাৰণ প্ৰদৰ্শনে ক্ৰীড়া জগতত ভাৰতৰ দ্ৰুতগতিত এটা বৃহৎ বিশ্ব শক্তি হিচাপে উত্থানৰ প্ৰতিফলন ঘটাইছে।

১৪০ কোটি দেশবাসীৰ হৈ খেলুৱৈসকলক অভিনন্দন জনোৱাৰ লগতে তেওঁলোকৰ পৰিয়াল, প্ৰশিক্ষকসকলৰ গুৰুত্বপূৰ্ণ অৱদানৰ বাবেও প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক অভিনন্দন জনায়। তেওঁ কয় যে খেলুৱৈসকলে এখন বৃহৎ মঞ্চত পদক জয় কৰাৰ লগতে সমগ্ৰ দেশৰ কোটি কোটি লোকৰ হৃদয়ো জয় কৰিছে।

ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰত পূৰ্বৰ সময়ছোৱাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সেই সময়ত দেশৰ ক্ৰীড়াক্ষেত্ৰত অংশগ্ৰহণক কেৱল আনুষ্ঠানিকতা হিচাপেহে গণ্য কৰা হৈছিল আৰু পেৰা ক্ৰীড়াৰ ক্ষেত্ৰত ভাৰত বহু পিছপৰি আছিল। ২০১০ চনৰ পেৰা এছিয়ান গেমছত ভাৰতে মাত্ৰ এটা সোণৰ পদকসহ মুঠ ১৪টা পদকহে লাভ কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ বিপৰীতে এইবাৰ ভাৰতীয় দলটোৱে ৩০টা সোণ, ৩৫টা ৰূপ আৰু ৪৯টা ব্ৰঞ্জৰ পদকসহ মুঠ ১১৪টা পদক লাভ কৰি  ঐতিহাসিক সফলতা অৰ্জন কৰিছে। ইয়াৰ লগতে পাঁচটা বিশ্ব অভিলেখ আৰু নটা এছিয়ান অভিলেখো গঢ়িবলৈ সক্ষম হৈছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ৫৬গৰাকী মহিলা খেলুৱৈৰ ভিতৰত ৩৪গৰাকীয়ে পদক লাভ কৰিছে। চাৰিটা প্ৰতিযোগিতাত পদক মঞ্চৰ তিনিওটা স্থানতে ভাৰতীয় খেলুৱৈয়ে স্থান দখল কৰিছে। প্ৰতিযোগিতাৰ অন্তিম দিনটোতেই ভাৰতীয় দলটোৱে নটা সোণৰ পদক লাভ কৰিছিল। প্ৰতিযোগিতাৰ অন্তিম মুহূৰ্তলৈকে পদক জয়ৰ ধাৰা অব্যাহত ৰখাৰ বাবে খেলুৱৈসকলৰ অদম্য উদ্যমৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “১৪টাৰ পৰা ১১৪টা পদকলৈ এই যাত্ৰা আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ নিদৰ্শন।”

ভাৰতে পূৰ্বে কেতিয়াও সফলতা লাভ নকৰা কেইবাটাও প্ৰতিযোগিতাত এইবাৰ ভাৰতীয় খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে সোণৰ পদক লাভ কৰাৰ কথাও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। পেৰা শ্বুটিঙত মোনা আগৰৱালে বিশ্ব অভিলেখ গঢ়াৰ বিপৰীতে হানীয়ে নিজৰ পূৰ্বৰ বিশ্ব অভিলেখ ভংগ কৰিছে। “হিমাংশু, ৰবি আৰু জেহানে নিজৰ প্ৰদৰ্শনেৰে সমগ্ৰ বিশ্বক দেখুৱাই দিছে যে শাৰীৰিক প্ৰত্যাহ্বানসমূহক কেনেদৰে পৰাস্ত কৰিব পাৰি”, প্ৰধানমন্ত্ৰীয়ে কয়।

ব্যক্তিগত বা সামূহিক সফলতাৰ উজ্জ্বলতা সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিলেও ইয়াৰ আঁৰত বছৰ বছৰ ধৰি চলা অদৃশ্য পৰিশ্ৰম, ঘাম আৰু অটল সাধনা জড়িত হৈ থাকে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ এছিয়ান পেৰা গেমছৰ মাত্ৰ দুমাহ পূৰ্বে মাতৃক হেৰুওৱা খেলুৱৈ ৰিংকুৰ কথা স্মৰণ কৰে। ইমান ডাঙৰ দুখৰ মাজতো ৰিংকুৱে সাহস অটুট ৰাখিছিল আৰু সোণৰ পদক জয় কৰাৰ পিছত মাতৃৰ আলোকচিত্ৰ হাতত তুলি লৈ সেই পদক মাতৃৰ নামত উৎসৰ্গা কৰিছিল। “সেই মুহূৰ্তটোৱে আমাক সকলোকে আৱেগিক কৰি তুলিছিল”, প্ৰধানমন্ত্ৰীয়ে কয়।

খেলুৱৈসকলৰ সংগ্ৰাম আৰু সফলতাই প্ৰতিগৰাকী ভাৰতীয়ক গভীৰভাৱে অনুপ্ৰাণিত কৰে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ ব্যক্তিগত যাত্ৰা আৰু দেশৰ উন্নয়নৰ যাত্ৰাৰ মাজত যথেষ্ট সাদৃশ্য আছে। “আজি আপোনালোকৰ প্ৰচেষ্টা আৰু দেশৰ প্ৰচেষ্টা একত্ৰিত হৈ অদম্য শক্তিত পৰিণত হৈছে”, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে খেলুৱৈসকলে যেনেদৰে প্ৰতিকূল পৰিস্থিতিৰ সন্মুখত হাৰ মনা নাছিল, ঠিক তেনেদৰে দেশে যুৱপ্ৰজন্মৰ প্ৰতিভা যাতে অপচয় নহয়, তাৰ বাবে ব্যৱস্থাটোৰ আমূল পৰিৱৰ্তনৰ সংকল্প গ্ৰহণ কৰিছিল। ইয়াৰ ফলত যুৱ খেলুৱৈসকলৰ মাজত এই বিশ্বাস গঢ় লৈ উঠিছে যে দেশ সদায় তেওঁলোকৰ কাষত থিয় দিব।

ধনুৰ্বিদ্যা, এথলেটিকছ, শ্বুটিং, সাঁতোৰ, টেবুল টেনিছ, বেডমিণ্টন, জুডো আৰু পাৱাৰলিফটিং আদি ক্ৰীড়াক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান আধিপত্যৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এছিয়ান পেৰা গেমছত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা ৬১গৰাকী খেলুৱৈৰ ভিতৰত ৩৬গৰাকীয়ে পদক লাভ কৰিছে। আনকি সন্দীপে প্ৰথমবাৰৰ অংশগ্ৰহণতেই বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। “যুৱপ্ৰজন্মৰ এই অংশগ্ৰহণে আজিৰ ভাৰতৰ ছবি দাঙি ধৰাৰ লগতে ভৱিষ্যতৰ ভাৰতৰো আগজাননী দিছে”, প্ৰধানমন্ত্ৰীয়ে কয়।

ক্ৰীড়াক চৰকাৰে কেৱল ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা হিচাপে নেদেখে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ব্যক্তিত্ব গঠন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰতো ক্ৰীড়া এটা শক্তিশালী মাধ্যম। ক্ৰীড়াই যুৱপ্ৰজন্মক জীৱনৰ গুৰুত্বপূৰ্ণ মূল্যবোধৰ শিক্ষা দিয়ে। “ক্ৰীড়াইহে যুৱপ্ৰজন্মক পৰাজয়ৰ পিছতো কেনেদৰে জয়ী হ’ব পাৰি, সেই শিক্ষা দিয়ে আৰু অনুশাসন তথা দলীয় মনোভাৱৰ অৰ্থ বুজিবলৈ সহায় কৰে”, শ্ৰী মোদীয়ে মন্তব্য কৰে।

বিদ্যালয় আৰু তৃণমূল পৰ্যায়ত বিভিন্ন অভিযান, বৃহৎ সংখ্যক ‘খেলো ইণ্ডিয়া’ কেন্দ্ৰ স্থাপন আৰু ‘টপছ’ আঁচনিৰ অধীনত অলিম্পিক পৰ্যায়ৰ প্ৰশিক্ষণৰ জৰিয়তে এটা আধুনিক ক্ৰীড়া ব্যৱস্থা গঢ়ি তোলাৰ প্ৰচেষ্টাৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। অলিম্পিকক লক্ষ্য হিচাপে লৈ এইবাৰ লালকিল্লাৰ পৰাই তেওঁ যুৱপ্ৰজন্মক দেশজুৰি চলিবলগীয়া প্ৰতিভা সন্ধান অভিযানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ কথাও স্মৰণ কৰে। “এই দৃষ্টিভংগীৰেই আমি দেশৰ বাবে এটা আধুনিক ক্ৰীড়া ব্যৱস্থা গঢ়ি তুলিছোঁ”, প্ৰধানমন্ত্ৰীয়ে কয়।

ৰাষ্ট্ৰীয় প্ৰচেষ্টাসমূহৰ ভিতৰত পেৰা ক্ৰীড়াকো সমান অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত খেলুৱৈসকলে বৃহৎ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত দেশৰ নাম উজলাই তুলিবলৈ সক্ষম হৈছে। শেহতীয়া প্ৰতিযোগিতাত ইয়াৰ বাস্তৱিক ফলাফল দেখা গৈছে। “এই প্ৰতিযোগিতাত ‘টপছ’ আঁচনিৰ পৰা সহায় লাভ কৰা খেলুৱৈসকলে ৪১টা পদক আৰু ‘খেলো ইণ্ডিয়া’ৰ খেলুৱৈসকলে ১৯টা পদক লাভ কৰিছে। ইয়াৰ পৰা প্ৰমাণ হয় যে আমাৰ প্ৰচেষ্টাসমূহ সঠিক দিশত আগবাঢ়িছে”, শ্ৰী মোদীয়ে কয়।

ভাৰতৰ আধুনিক ক্ৰীড়া নীতিয়ে খেলপথাৰৰ বাহিৰতো যুৱপ্ৰজন্মৰ বাবে বিভিন্ন সুযোগৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ক্ৰীড়াৰ আন্তঃগাঁথনি নিৰ্মাণ, ক্ৰীড়া সামগ্ৰী উৎপাদন আৰু সম্প্ৰচাৰ অৰ্থনীতিৰ দ্ৰুত সম্প্ৰসাৰণৰ কথা কয়। “আজি ভাৰতৰ ক্ৰীড়া সম্পৰ্কীয় আধুনিক নীতিসমূহে খেলপথাৰৰ বাহিৰতো ক্ৰীড়া জগতত যুৱপ্ৰজন্মৰ বাবে বহু নতুন সুযোগৰ সৃষ্টি কৰিছে”, প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰায় ১,৮০০ কোটি টকাতকৈ অধিক ব্যয়ৰ ‘খেলো ইণ্ডিয়া ক্ৰীড়া সামগ্ৰী উৎপাদন আঁচনি’ত শেহতীয়াকৈ চৰকাৰে অনুমোদন জনোৱাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে দেশৰ ক্ৰীড়া সামগ্ৰী উৎপাদন উদ্যোগক নতুন কৃতিত্ব অৰ্জনৰ বাবে আহ্বান জনায়। তেওঁ কয় যে বিশ্বৰ যিকোনো ভাৰতীয় বা বিদেশী খেলুৱৈ খেলপথাৰত নামিলে তেওঁলোকৰ ক্ৰীড়া সামগ্ৰী, পোছাক আৰু জোতা ভাৰতত নিৰ্মিত হোৱা উচিত। ইয়াৰ জৰিয়তে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহ শক্তিশালী হোৱাৰ লগতে সৰু চহৰ আৰু গ্ৰামাঞ্চলত কৰ্মসংস্থাপনৰ নতুন সুযোগ সৃষ্টি হ’ব।

“আমি বিচাৰোঁ যে ভাৰতে বিশ্বমানৰ খেলুৱৈ সৃষ্টি কৰাৰ লগতে বিশ্বমানৰ ক্ৰীড়া সামগ্ৰীও উৎপাদন কৰক”, শ্ৰী মোদীয়ে কয়।

বিদ্যালয়, মহাবিদ্যালয় আৰু বিভিন্ন প্ৰতিষ্ঠানলৈ যোৱাৰ সময়ত খেলুৱৈসকলক যুৱপ্ৰজন্মক পথ প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে। তেওঁলোকক খেলপথাৰত সফলতা অৰ্জনৰ কৌশলৰ লগতে ক্ৰীড়াৰ সৈতে জড়িত অন্যান্য কৰ্মসংস্থাপনৰ সুযোগসমূহৰ বিষয়েও যুৱক-যুৱতীসকলক অৱগত কৰিবলৈ তেওঁ পৰামৰ্শ দিয়ে।

বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ জীৱন সহজ কৰি তুলিবলৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়েও খেলুৱৈসকলক অৱগত কৰিবলৈ তেওঁ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে শেহতীয়াকৈ মন্ত্ৰীসভাই বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ পেঞ্চন সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। পেঞ্চনৰ পৰিমাণ বৃদ্ধি কৰাৰ লগতে পেঞ্চন লাভৰ বাবে বিশেষভাৱে সক্ষমতাৰ পূৰ্বৰ ৮০ শতাংশৰ মাপকাঠী হ্ৰাস কৰি ৪০ শতাংশ কৰা হৈছে। আগতে পেঞ্চন লাভৰ বাবে ১৮ বছৰ বয়স সম্পূৰ্ণ হোৱাটো বাধ্যতামূলক আছিল। এতিয়া জন্মৰ পৰাই যোগ্যতা থকা বিশেষভাৱে সক্ষম শিশুসকলকো পেঞ্চনৰ আওতালৈ অনা হৈছে।

ইয়াৰ উপৰি ভাৰতীয় সাংকেতিক ভাষাৰ প্ৰসাৰৰ বাবে ১০ হাজাৰতকৈ অধিক শব্দ সন্নিৱিষ্ট এখন অভিধান প্ৰস্তুত কৰা হৈছে। বিদ্যালয়ৰ পাঠ্যপুথিসমূহো সাংকেতিক ভাষাত উপলব্ধ কৰোৱা হৈছে। ‘সুগম্য ভাৰত অভিযান’ৰ জৰিয়তে ৰাজহুৱা স্থানসমূহ বিশেষভাৱে সক্ষম লোকসকলৰ বাবে অনুকূল কৰি তোলা হৈছে।

“আমাৰ প্ৰচেষ্টা হৈছে দেশৰ প্ৰতিগৰাকী বিশেষভাৱে সক্ষম ভাই-ভনীয়ে যাতে সন্মান আৰু সমান সুযোগ লাভ কৰে আৰু নিজৰ সামৰ্থ্যৰ জৰিয়তে জীৱনত আগবাঢ়ি যাব পাৰে”, প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে খেলুৱৈসকলক মনত পেলাই দিয়ে যে আইচি-নাগোয়াৰ পদক মঞ্চ তেওঁলোকৰ যাত্ৰাৰ অন্তিম গন্তব্যস্থান নহয়, বৰং এয়া হৈছে নতুন আৰু বৃহৎ লক্ষ্যত উপনীত হোৱাৰ আৰম্ভণিৰ ভেটিহে। ভাৰতৰ পৰৱৰ্তী লক্ষ্য হৈছে লছ এঞ্জেলছ ২০২৮ অলিম্পিক। অৱনি আৰু মনীষে ইতিমধ্যে লছ এঞ্জেলছত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাৰ বাবে নিজৰ স্থান নিশ্চিত কৰিছে।

প্ৰধানমন্ত্ৰীয়ে খেলুৱৈসকলক ২০২৮ চনত অধিক সংখ্যক ভাৰতীয় খেলুৱৈয়ে অংশগ্ৰহণ কৰা আৰু অধিক পদক জয় কৰাৰ লক্ষ্যৰে প্ৰস্তুতি আৰম্ভ কৰিবলৈ আহ্বান জনায়। তেওঁ খেলুৱৈসকলক তেওঁলোকৰ সফলতা উদযাপন কৰাৰ লগতে পৰৱৰ্তী প্ৰতিযোগিতাৰ বাবে এতিয়াৰ পৰাই প্ৰস্তুতিত মনোনিৱেশ কৰিবলৈ কয়।

“দেশ আপোনালোকৰ সৈতে আছে আৰু সমগ্ৰ দেশে আপোনালোকৰ পৰৱৰ্তী বিজয়ৰ বাবে অপেক্ষা কৰি আছে”, শ্ৰী মোদীয়ে কয়।

 

****

MJPS/SS/PRK/DM