Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বাস্তাৰৰ কোব্ৰা অপাৰেচন বেছত জোৱানৰ মাজত মিঠাই বিতৰণ কৰাৰ লগতে দীপাৱলী উদযাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে

বাস্তাৰৰ কোব্ৰা অপাৰেচন বেছত জোৱানৰ মাজত  মিঠাই বিতৰণ  কৰাৰ লগতে দীপাৱলী উদযাপন কৰিলে  প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চত্তীশগড়ৰ বাস্তাৰৰ কৰণপুৰস্থিত কোব্ৰা অপাৰেচন বেছত কৰ্মৰত জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰে। উৎসৱৰ এই বিশেষ ক্ষণত তেওঁ জোৱানসকলৰ মাজত মিঠাই বিতৰণ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এই উদযাপনৰ কেইটামান বিশেষ মুহূৰ্তৰ ছবি শ্বেয়াৰ কৰি দেশৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰিলে উৎসৱৰ মধুৰতা আৰু অধিক বৃদ্ধি পায় বুলি উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যম ‘এক্স’ত এনেদৰে  লিখিছে —

“যিসকলে আমাক সুৰক্ষা প্ৰদান কৰে, তেওঁলোকৰ সৈতে উদযাপন কৰা দীপাৱলী অধিক মধুৰ হৈ পৰে!”

 

 

 

***

MJPS/SS/ST/DM