প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চত্তীশগড়ৰ বাস্তাৰৰ কৰণপুৰস্থিত কোব্ৰা অপাৰেচন বেছত কৰ্মৰত জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰে। উৎসৱৰ এই বিশেষ ক্ষণত তেওঁ জোৱানসকলৰ মাজত মিঠাই বিতৰণ কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এই উদযাপনৰ কেইটামান বিশেষ মুহূৰ্তৰ ছবি শ্বেয়াৰ কৰি দেশৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰিলে উৎসৱৰ মধুৰতা আৰু অধিক বৃদ্ধি পায় বুলি উল্লেখ কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যম ‘এক্স’ত এনেদৰে লিখিছে —
“যিসকলে আমাক সুৰক্ষা প্ৰদান কৰে, তেওঁলোকৰ সৈতে উদযাপন কৰা দীপাৱলী অধিক মধুৰ হৈ পৰে!”
Diwali is sweeter with those who protect us! #Bastar #NaxalFreeIndia https://t.co/7Ywie7uTt4
— Narendra Modi (@narendramodi) November 8, 2026
***
MJPS/SS/ST/DM
Diwali is sweeter with those who protect us! #Bastar #NaxalFreeIndia https://t.co/7Ywie7uTt4
— Narendra Modi (@narendramodi) November 8, 2026