প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অনুজ শ্ৰীবত্ৰীয়ে সন্মানীয় খিতাপ অৰ্জন কৰাৰ পিছত দবা গ্ৰেণ্ডমাষ্টাৰৰ তালিকাত ১০০ সংখ্যক স্থান অন্তৰ্ভুক্ত হোৱাৰ ক্ষেত্ৰত ভাৰতৰ ঐতিহাসিক মাইলৰ খুঁটিৰ প্ৰশংসা কৰে।
এই কৃতিত্বক ব্যতিক্ৰমী বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে অনুজ শ্ৰীবত্ৰীক ভাৰতৰ ১০০ সংখ্যক দবা গ্ৰেণ্ডমাষ্টাৰ হোৱাৰ বাবে অভিনন্দন জনায়। তেওঁ কয় যে ভাৰতে ১০০গৰাকী গ্ৰেণ্ডমাষ্টাৰ লাভ কৰাটো এক উল্লেখযোগ্য মাইলৰ খুঁটি যিয়ে দেশৰ খেলুৱৈসকলৰ অপৰিসীম প্ৰতিভা, নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ লগতে যুৱক-যুৱতীসকলৰ মাজত দবা খেলৰ বৰ্ধিত জনপ্ৰিয়তাক প্ৰতিফলিত কৰে।
প্ৰধানমন্ত্ৰীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যুৱ দবা প্ৰতিভা ওলাই অহা আৰু বিশ্ব পৰ্যায়ত তেওঁলোকে নিজৰ প্ৰভাৱ বিস্তাৰ কৰাৰ বাবে আনন্দ প্ৰকাশ কৰে। তেওঁ আশা প্ৰকাশ কৰে যে এই সাফল্যই অধিক যুৱক-যুৱতীক দবা খেলিবলৈ আকৰ্ষিত কৰাৰ লগতে এই ক্ষেত্ৰত উৎকৃষ্টতা প্ৰদৰ্শন কৰিবলৈ অনুপ্ৰাণিত কৰিব।
এক্সত প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰিছেঃ
“দবা খেলত ভাৰতে শতক অৰ্জন কৰিছে!
এইয়া ব্যতিক্ৰমী নহয়নে?
ভাৰতত এতিয়া ১০০গৰাকী দবা গ্ৰেণ্ডমাষ্টাৰ আছে!
ভাৰতৰ ১০০ সংখ্যক দবা গ্ৰেণ্ডমাষ্টাৰ হোৱাৰ বাবে অনুজ শ্ৰীবত্ৰীক অভিনন্দন! এয়া কি এক বিস্ময়কৰ সাফল্য।
ভাৰতৰ ১০০গৰাকী গ্ৰেণ্ডমাষ্টাৰ থকাটো এটা উল্লেখযোগ্য মাইলৰ খুঁটি যিয়ে আমাৰ খেলুৱৈসকলৰ অপৰিসীম প্ৰতিভা, নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ লগতে আমাৰ যুৱক-যুৱতীসকলৰ মাজত দবা খেলৰ বৰ্ধিত জনপ্ৰিয়তাক প্ৰতিফলিত কৰে।
দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যুৱ দবা প্ৰতিভাৰ বিকাশ আৰু বিশ্ব পৰ্যায়ত তেওঁলোকৰ প্ৰভাৱ বিস্তাৰ বিশেষভাৱে আনন্দদায়ক।
এই সাফল্যই আৰু বহুতো যুৱক-যুৱতীক দবা খেলৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে এই ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰাৰ বাবে অনুপ্ৰাণিত কৰক।”
India has hit a century in chess!
Exceptional isn’t it?
India is now home to a hundred chess Grandmasters!
Congratulations to Anuj Shrivatri on becoming India’s 100th Chess Grandmaster! What a wonderful achievement it is.
India reaching 100 Grandmasters is a remarkable milestone that reflects the immense talent, dedication and hard work of our players as well as the growing popularity of chess among our youth.
It is particularly heartening to see young chess talents emerging from different parts of the country and making their mark on the global stage.
May this achievement inspire many more youngsters to take up chess and pursue excellence.
— Narendra Modi (@narendramodi) November 10, 2026
***
MJPS/SS/PRK/NB
India has hit a century in chess! Exceptional isn’t it? India is now home to a hundred chess Grandmasters! Congratulations to Anuj Shrivatri on becoming India’s 100th Chess Grandmaster! What a wonderful achievement it is. India reaching 100 Grandmasters is a remarkable milestone that reflects the immense talent, dedication and hard work of our players as well as the growing popularity of chess among our youth. It is particularly heartening to see young chess talents emerging from different parts of the country and making their mark on the global stage. May this achievement inspire many more youngsters to take up chess and pursue excellence.
— Narendra Modi (@narendramodi) November 10, 2026