Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পঞ্জাৱৰ তৰ্ণ তাৰণত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানি হোৱাৰ ঘটনাত গভীৰ শোক প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পঞ্জাৱৰ তৰ্ণ তাৰণত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানি হোৱাৰ ঘটনাত গভীৰ দুখ প্ৰকাশ কৰিছে। এই শোকাৱহ দুৰ্ঘটনাত আপোনজনক হেৰুওৱাসকলৰ প্ৰতি আন্তৰিক সমবেদনা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে আহতসকলৰ আশু আৰোগ্য কামনা কৰি প্ৰাৰ্থনা জনাইছে।

 

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ‘এক্স’ৰ এটা পোষ্ট কয়ঃ

 

“পঞ্জাৱৰ তৰ্ণ তাৰণত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানি হোৱাৰ খবৰ পাই মৰ্মাহত হৈছোঁ। এই শোকাৱহ দুৰ্ঘটনাত আপোনজনক হেৰুওৱাসকলক মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আহত লোকসকল যাতে অতি সোনকালে সুস্থ হৈ উঠে, তাৰেই কামনা কৰিছোঁ: প্ৰধানমন্ত্ৰী @narendramodi”

****

MJPS/SS/PRK/DB