Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

১৫ নৱেম্বৰত জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ নৱেম্বৰ, ২০২৬ৰ পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মহাৰাষ্ট্ৰৰ গড়চিৰোলিত অনুষ্ঠিত হ’বলগীয়া জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ ধৰতী আবা ভগৱান বীৰছা মুণ্ডাৰ ১৫১সংখ্যক জয়ন্তী উপলক্ষে উপস্থিত ৰাইজক সম্বোধনো কৰিব।

 

এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৩,০০০ কোটি টকা ব্যয়সাপেক্ষ ২৪৬টা উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। দেশৰ জনজাতীয় সমাজৰ বাবে শিক্ষা, স্বাস্থ্যসেৱা, জীৱিকা আৰু সামূহিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে এই প্ৰকল্পসমূহ গ্ৰহণ কৰা হৈছে।

 

প্ৰধানমন্ত্ৰীয়ে ১৭৩টা প্ৰকল্প উদ্বোধন কৰিব, যাৰ ভিতৰত জনজাতীয় শিক্ষাৰ্থীসকলৰ বাবে ৩৮খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয় (ইএমআৰএছ) আৰু প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহা অভিযানৰ (পিএম-জনমন) অধীনত ১০০টা বহুমুখী কেন্দ্ৰ অন্তৰ্ভুক্ত আছে, যিয়ে সেৱা প্ৰদান আৰু সামূহিক কাৰ্যকলাপৰ কেন্দ্ৰ হিচাপে কাম কৰিব। তেওঁ পি এম-জনমন আৰু ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযানৰ অধীনত আন বিভিন্ন প্ৰকল্পও উদ্বোধন কৰিব।

 

উদ্বোধন হ’বলগীয়া আন গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ ভিতৰত জনজাতীয় সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণৰ লক্ষ্যৰে অৰুণাচল প্ৰদেশৰ ইটানগৰত নিৰ্মিত জনজাতীয় গৱেষণা প্ৰতিষ্ঠানৰ ভৱন আৰু মিজোৰামৰ আইজলত স্থাপিত ৰপুইলিয়ানি জনজাতীয় স্বাধীনতা সংগ্ৰামী সংগ্ৰহালয় অন্যতম। এই সংগ্ৰহালয়টোৱে মিজো জনজাতীয় স্বাধীনতা সংগ্ৰামীসকলৰ সাহস, বীৰত্ব আৰু ত্যাগক স্মৰণ কৰাৰ লগতে মিজো জনসাধাৰণৰ চহকী সাংস্কৃতিক পৰম্পৰা, ঐতিহাসিক উত্তৰাধিকাৰ আৰু ঐতিহ্য প্ৰদৰ্শন কৰে। ঊনৈশ শতিকাৰ এগৰাকী মিজো নেত্ৰী ৰপুইলিয়ানিৰ নামেৰে এই সংগ্ৰহালয়টো নামকৰণ কৰা হৈছে, যিয়ে ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে সাহসেৰে প্ৰতিৰোধ গঢ়ি তুলিছিল আৰু জনজাতীয় প্ৰতিৰোধ তথা ত্যাগৰ প্ৰতীক হিচাপে স্মৰণীয় হৈ আছে।

 

প্ৰধানমন্ত্ৰীয়ে জনজাতীয় শিশুসকলক মানসম্পন্ন শিক্ষা প্ৰদানৰ প্ৰতিশ্ৰুতি অধিক শক্তিশালী কৰি ১৯খন নতুন একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ জনজাতীয় উৎপাদকসকলৰ বাবে বজাৰৰ সুবিধা বৃদ্ধি কৰিবলৈ ১২টা জনজাতীয় বহুমুখী বিপণন কেন্দ্ৰৰো (টিএমএমটি) আধাৰশিলা স্থাপন কৰিব। তদুপৰি প্ৰধানমন্ত্ৰীয়ে পিএম-জনমন আৰু ডিএজেজিইউএৰ অধীনত আন ৪২টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

 

এই কাৰ্যসূচী ২০২৬ চনৰ ১ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ সমগ্ৰ দেশতে উদযাপন কৰা জনজাতীয় গৌৰৱ পখৱাড়া কাৰ্যসূচীৰ সামৰণী অনুষ্ঠান হিচাপে চিহ্নিত হ’ব। এই পখৱাড়াৰ সময়ছোৱাত ৰাষ্ট্ৰীয় আৰু তৃণমূল পৰ্যায়ৰ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে, যাৰ ভিতৰত ইএমআৰএছৰ শিক্ষাৰ্থীসকলৰ সৈতে ৰাষ্ট্ৰপতিৰ মত বিনিময়, ৰাষ্ট্ৰীয় জনজাতীয় সাহিত্য মহোৎসৱ, জনজাতীয় বৈদ্যসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী, বিশেষভাৱে দুৰ্বল জনজাতীয় গোটসমূহৰ বাবে স্বাস্থ্য আৰু পুষ্টি শিবিৰ আৰু ধৰতী আবা জনভাগীদাৰী অভিযানৰ অধীনত জনজাতীয় গাঁওসমূহত সামূহিক সেৱা অভিযান অন্তৰ্ভুক্ত আছে।

****

MJPS/SS/PRK/DB