Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কৰ্ণাটকৰ মাইচুৰুত (মহীশূৰ) ভাৰতৰ প্ৰথমটো এল ই ডি গম্বুজযুক্ত তাৰকাগৃহ কছমছ-মাইচুৰু তাৰকাগৃহ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

কৰ্ণাটকৰ মাইচুৰুত (মহীশূৰ) ভাৰতৰ প্ৰথমটো এল ই ডি গম্বুজযুক্ত তাৰকাগৃহ কছমছ-মাইচুৰু তাৰকাগৃহ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ মহীশূৰত ভাৰতৰ প্ৰথমটো এলইডি গম্বুজযুক্ত তাৰকাগৃহ কছমছ-মাইচুৰু তাৰকাগৃহ উদ্বোধন কৰে। এই উপলক্ষে সমবেত ৰাইজক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কানাড়া ভাষাত শুভেচ্ছা জ্ঞাপন কৰে আৰু বিবেক স্মাৰক উদ্বোধনৰ কেইমাহমানৰ পাছতে মাইচুৰুলৈ উভতি আহি কছমছ তাৰকাগৃহটো দেশবাসীৰ নামত উৎসৰ্গা কৰি আনন্দ প্ৰকাশ কৰে। বিবেক স্মাৰকে আত্মবিশ্লেষণ আৰু আধ্যাত্মিক সাধনাত অনুপ্ৰাণিত কৰে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই বিশাল বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য উন্মোচন কৰিবলৈ কছমছ তাৰকাগৃহই আমাৰ দৃষ্টি আকাশলৈ নিক্ষেপ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, ‘ভাৰতত আধ্যাত্মিকতা আৰু বিজ্ঞানৰ পৰম্পৰা সদায় একেলগে আগবাঢ়ি আহিছে তাৰ ই এটা উদাহৰণ।’

প্ৰাচীন ভাৰতীয় পূৰ্বপুৰুষসকলে কেনেদৰে আকাশ সূক্ষ্মভাৱে অধ্যয়ন কৰিছিল, গ্ৰহ আৰু নক্ষত্ৰৰ গতিবিধি বুজিছিল, কেলেণ্ডাৰ সৃষ্টি কৰিছিল আৰু সূৰ্য তথা চন্দ্ৰগ্ৰহণৰ গণনা কৰিছিল সেয়া স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে আৰ্যভট্ট, বৰাহমিহিৰ, ভাস্কৰাচাৰ্য আৰু নীলকণ্ঠ সোমায়াজীৰ দৰে মহান ভাৰতীয় জ্যোতিৰ্বিজ্ঞানীৰ উত্তৰাধিকাৰৰ ওপৰত আলোকপাত কৰে। ‘আজিৰ দৰে উন্নত সঁজুলি আৰু প্ৰযুক্তি সেই সময়ত নাছিল। তথাপি, তেওঁলোকে মহান আৱিষ্কাৰ কৰিছিল আৰু কঠিন গণনা কৰিছিল,’ প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে।

মহাৰাজা নালৱাড়ী কৃষ্ণৰাজ ৱাদিয়াৰৰ অধীনত মাইচ’ৰ বিশ্ববিদ্যালয় স্থাপন আৰু প্ৰজন্মৰ পণ্ডিতসকলৰ সবলীকৰণ বাবে বেংগালুৰুত ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্সৰ আধাৰশিলা স্থাপনত ৱাদিয়াৰ ৰাজপৰিয়ালৰ গুৰুত্বপূৰ্ণ ভূমিকাকে ধৰি জ্ঞান প্ৰতিষ্ঠান গঢ়ি তোলাৰ মাইচুৰুৰ সমৃদ্ধ পৰম্পৰাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে মাইচ’ৰে এই অত্যাধুনিক তাৰকাগৃহটো যুৱ আৰু নাগৰিকৰ বাবে উৎসৰ্গা কৰি ভাৰতৰ বৈজ্ঞানিক যাত্ৰাত এক নতুন অধ্যায় যোগ দিছে। এলইডি গম্বুজৰ ভিতৰত এটা অনুষ্ঠান চোৱাটো নিজেই এটা সুন্দৰ অভিজ্ঞতা বুলি উল্লেখ কৰি তেওঁ এই মাইলৰ খুঁটিৰ বাবে দেশবাসীক অভিনন্দন জনায়। ‘মই ইণ্ডিয়ান ইনষ্টিটিউট অৱ এষ্ট্ৰোফিজিক্স, মাইচ’ৰ বিশ্ববিদ্যালয়, চৰকাৰৰ বিভিন্ন বিভাগ আৰু ইয়াৰ নিৰ্মাণৰ সৈতে জড়িত সকলো লোকক অভিনন্দন জনাইছোঁ,’ শ্ৰী মোদীয়ে কয়।

‘জয় জোৱান, জয় কিষাণ’ৰ পৰা অটল বিহাৰী বাজপেয়ীৰ ‘জয় বিজ্ঞান’ আৰু একবিংশ শতিকাৰ ভাৰতক পথ প্ৰদৰ্শন কৰা ‘জয় অনুসন্ধান’ৰ সংযোজনলৈকে ভাৰতৰ ৰাষ্ট্ৰীয় নীতিবাক্যৰ বিৱৰ্তনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে যোৱা বছৰ মুম্বাইত জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থবিজ্ঞানৰ ওপৰত আন্তৰ্জাতিক অলিম্পিয়াড আয়োজন কৰাৰ সময়ত ভাৰতীয় যুৱক-যুৱতীসকলৰ উৎসাহী অংশগ্ৰহণক প্ৰশংসা কৰে আৰু এই বছৰৰ ভিয়েটনামত তেওঁলোকৰ দুৰ্দান্ত প্ৰদৰ্শনৰ ওপৰত আলোকপাত কৰে। ‘ভাৰতৰ পৰা পাঁচজন শিক্ষাৰ্থী ভিয়েটনামলৈ গৈছিল। ইয়াৰে চাৰিজনে স্বৰ্ণ পদক লাভ কৰিছিল আৰু এজনে ৰূপৰ পদক লাভ কৰিছিল, যিটো সমগ্ৰ দেশৰ বাবে গৌৰৱৰ বিষয়,’ প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

চলিত বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডত গণিত, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱবিজ্ঞানত স্বৰ্ণ বা ৰূপৰ পদক জয় কৰা যুৱ ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ অভিলেখ ভংগকাৰী সাফল্যৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে জোৰ দিয়ে যে যুৱ ভাৰতীয়সকলে যেতিয়াই তেওঁলোকক শিক্ষাৰ সম্পদ, প্ৰযুক্তি, সঁজুলি আৰু প্ৰাতিষ্ঠানিক সমৰ্থন প্ৰদান কৰা হয় তেতিয়াই তেওঁলোকে অসাধাৰণ মাইলৰ খুঁটি অৰ্জন কৰে। ‘এই কছমছ তাৰকাগৃহই এতিয়া তেওঁলোকৰ সপোনক ৰূপ দিয়াত যথেষ্ট সহায় কৰিব,’ শ্ৰী মোদীয়ে কয়।

দ্ৰুত গোলকীয় প্ৰযুক্তিগত পৰিৱৰ্তনৰ মাজত কোনো দেশেই লেহেমীয়া গতিত আগবাঢ়িব নোৱাৰে বুলি গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে নতুন দূৰবীণ আৰু ঐতিহাসিক ইছৰো অভিযানৰ জৰিয়তে জ্যোতিৰ্বিজ্ঞান, জ্যোতিৰ্পদাৰ্থ বিজ্ঞান আৰু মহাকাশ অন্বেষণত যোৱা দশকত ভাৰতৰ অভূতপূৰ্ব গতিৰ বিৱৰণ দিয়ে, যাৰ ভিতৰত আছে চন্দ্ৰযান-৩ৰ সৈতে চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত অৱতৰণ কৰা প্ৰথমখন দেশ আৰু ভাৰতৰ প্ৰথম মহাকাশ সৌৰ পৰ্যবেক্ষণাগাৰ আদিত্য-এল-১ উৎক্ষেপণ কৰা। ‘যোৱা বছৰলৈকে, ভাৰত মহাকাশত ডকিং আৰু আনডকিঙৰ ক্ষমতা প্ৰদৰ্শন কৰা বিশ্বৰ চতুৰ্থখন দেশ হিচাপে পৰিগণিত হৈছে,’ প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে।

শেহতীয়াকৈ এজন ভাৰতীয় মহাকাশচাৰীয়ে আন্তঃৰাষ্ট্ৰীয় মহাকাশ ষ্টেচনলৈ ভ্ৰমণ কৰি এই সময়ছোৱাত অভিনৱ পৰীক্ষা-নিৰীক্ষা চলোৱাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই অভিযানৰ আৱিষ্কাৰৰ কৌশলগত মূল্যৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, ‘এই অভিযানৰ পৰা লাভ কৰা অভিজ্ঞতা আমাৰ নিজস্ব মানৱ মহাকাশযান কাৰ্যসূচী গগনযানৰ বাবেও উপযোগী প্ৰমাণিত হৈছে।’

মহাকাশ খণ্ডক ব্যক্তিগত অংশগ্ৰহণৰ বাবে মুকলি কৰাৰ চৰকাৰৰ সিদ্ধান্তৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয় ষ্টাৰ্টআপ আৰু যুৱক-যুৱতীসকলে ব্যক্তিগত ৰকেট উৎক্ষেপণ কৰি, উপগ্ৰহ স্থাপন কৰি আৰু অভূতপূৰ্ব মহাকাশ উদ্যোগ গ্ৰহণ কৰি তেওঁলোকৰ ক্ষমতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে, ই নতুন ভাৰতৰ বৈজ্ঞানিক দৃষ্টিভংগীক প্ৰতিফলিত কৰে। ‘য’ত নতুন আৱিষ্কাৰক উৎসাহিত কৰা হৈছে, নতুন প্ৰযুক্তি বিকশিত কৰা হৈছে আৰু আমাৰ যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰা হৈছে,’ প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

ভাৰতে সদায়েই ‘মানৱতা প্ৰথম’ মন্ত্ৰৰ দ্বাৰা পৰিচালিত হৈ আহিছে আৰু ইয়াৰ মহাকাশ কাৰ্যসূচী মানৱ কল্যাণৰ বাবে উৎসৰ্গা কৰি আহিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মাছমৰীয়াসকলৰ বাবে ইছৰোৰ দ্বাৰা বিকশিত উপগ্ৰহ যোগাযোগ ব্যৱস্থাৰ উদ্ধৃতি দিয়ে। ‘এই ব্যৱস্থাৰ সহায়ত, ৰিচিভাৰ লগোৱা নাওবোৰৰ বাবে, বিষয়াসকলে ধুমুহাৰ সময়ত সময়মতে সতৰ্কবাণী প্ৰদান কৰিব পাৰে আৰু উপকূললৈ তেওঁলোকৰ সুৰক্ষিত প্ৰত্যাৱৰ্তনৰ হিচাপ ৰাখিব পাৰে,’ শ্ৰী মোদীয়ে উল্লেখ কৰে।

লাইভ ৰে’লৰ অৱস্থান পৰীক্ষা কৰাৰ বাবে ভাৰতীয় ৰে’লৱে আৰু ইছৰোৰ দ্বাৰা বিকশিত ৰিয়েল-টাইম ট্ৰেইন ট্ৰেকিং পদ্ধতি আৰু শস্যৰ উৎপাদনৰ অনুমান তথা কৃষি বীমাৰ দাবী নিষ্পত্তি কৰিবলৈ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত ক্ষেত্ৰ ইনপুটৰ সৈতে উপগ্ৰহৰ তথ্যৰ ব্যৱহাৰৰ দৰে মহাকাশ প্ৰযুক্তিৰ দৈনন্দিন প্ৰয়োগৰ বিৱৰণ দি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ মহাকাশ সম্পদৰ দ্বৈত প্ৰভাৱৰ ওপৰত আলোকপাত কৰে। ‘আজি আমাৰ উপগ্ৰহবোৰে মহাকাশৰ উচ্চতা স্পৰ্শ কৰিছে আৰু একে সময়তে, সেইবোৰ পৃথিৱীত মানুহৰ জীৱন উন্নত কৰাৰ বাবে ব্যৱহাৰ কৰা হৈছে,’ প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

চৰকাৰৰ পথপ্ৰদৰ্শক দৰ্শন ‘সমাজৰ বাবে বিজ্ঞান’ৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ দেশতে গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত নিৰন্তৰ প্ৰগতি লাভ কৰিছে, সেয়েহে দেশজুৰি গড়ে ওলোৱা ১০,০০০ৰো অধিক অটল টিংকাৰিং লেবৰ পৰা ইতিমধ্যে এক কোটিৰো অধিক শিক্ষাৰ্থী উপকৃত হৈছে। প্ৰধানমন্ত্ৰীয়ে কয়, ‘এই পৰীক্ষাগাৰসমূহত শিশুসকলে তেওঁলোকৰ ধাৰণাৰ সন্দৰ্ভত কাম কৰা, নতুন পৰীক্ষা-নিৰীক্ষা আৰু উদ্ভাৱন কৰাৰ সুযোগ লাভ কৰিছে।’

গৱেষণাৰ অগ্ৰগতিৰ বাবে শিক্ষাৰ্থী আৰু পণ্ডিতসকলক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ বৈজ্ঞানিক সাহিত্যৰ প্ৰৱেশাধিকাৰ প্ৰদান কৰাৰ প্ৰয়োজন বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ‘ৱান নেশ্যন ৱান চাবস্ক্ৰিপশ্বন’ আৰম্ভ কৰাৰ ওপৰত আলোকপাত কৰে যাতে ঘৰুৱা প্ৰতিষ্ঠানসমূহক আগশাৰীৰ বিশ্বজনীন জাৰ্ণেলত প্ৰৱেশ কৰাত সহায় কৰিব পাৰে। ‘ইয়াৰ জৰিয়তে, আমি সৰ্বাধিক সংখ্যক বিশ্ববিদ্যালয়ক নতুন গৱেষণা কৰাত সহায় কৰি আছোঁ,’ প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

ঘৰুৱা গৱেষকসকলৰ বাবে নিৰন্তৰ পুঁজি নিশ্চিত কৰাৰ বাবে যোৱা বছৰ এক লাখ কোটি টকাৰ গৱেষণা, বিকাশ আৰু উদ্ভাৱন আঁচনিৰ সূচনা কৰাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে এই পদক্ষেপৰ ব্যৱহাৰিক প্ৰভাৱৰ ওপৰত আলোকপাত কৰে। ‘ই পৰীক্ষাগাৰৰ পৰা নতুন প্ৰযুক্তি উলিয়াই অনা আৰু ইয়াক ব্যৱহাৰিক ব্যৱহাৰলৈ লৈ যোৱাত সহায় কৰিছে,’ শ্ৰী মোদীয়ে কয়।

ভাৰতৰ ক্ৰমবৰ্ধমান বিজ্ঞান আৰু গৱেষণা পৰিৱেশতন্ত্ৰৰ প্ৰতি যুৱ কৌতূহল জগাই তোলাত তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কছমছৰ সৈতে জড়িতসকলক সমগ্ৰ অঞ্চলৰ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলক নিৰন্তৰ আমন্ত্ৰণ জনাবলৈ আহ্বান জনায় আৰু সমাগত যাত্ৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘যিসকল শিশুৱে বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে শিকিবলৈ ইয়ালৈ আহিছে, তেওঁলোকৰ কিছুসংখ্যকে এদিন ইয়ালৈ ঘূৰি আহিব আৰু বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে কি নতুন আৱিষ্কাৰ কৰিছে সেয়া আমাক ক’ব আৰু এয়াই হ’ব এই কছমছ তাৰকাগৃহৰ আটাইতকৈ ডাঙৰ সফলতা।’

******

MJPS/SS/VJ/PRK/MK