Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভগৱান বিৰছা মুণ্ডাৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে,জ্ঞাপন কৰিলে জনজাতীয় গৌৰৱ দিৱসৰ শুভেচ্ছা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভগৱান বিৰছা মুণ্ডাৰ জয়ন্তী উপলক্ষে তেওঁক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে জনজাতীয় গৌৰৱ দিৱসৰ পৱিত্ৰ ক্ষণত দেশবাসীলৈ আন্তৰিক শুভেচ্ছা জনায়।

ধৰতী আবা ভগৱান বিৰছা মুণ্ডাৰ অদম্য সাহস, সংগ্ৰাম আৰু ত্যাগৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ আদৰ্শ আৰু অৱদানে প্ৰতিটো প্ৰজন্মকে আত্মসন্মান, স্বাধীনতা আৰু অধিকাৰ সুৰক্ষিত কৰাৰ বাবে সদায় অনুপ্ৰাণিত কৰি থাকিব।

তেওঁৰ আদৰ্শৰ পৰা প্ৰেৰণা লৈ জনজাতীয় ভাই-ভনীসকলৰ মৰ্যাদা, সুযোগ-সুবিধা আৰু সমৃদ্ধি নিশ্চিত কৰাৰ বাবে চৰকাৰে কোনো ধৰণৰ ত্ৰুটি কৰা নাই বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।

ইয়াৰ লগতে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত জনজাতীয় সমাজৰ অপৰিসীম অৱদানক সকলোৱে সন্মান জনাবলৈ তেওঁ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যম ‘এক্স’ত এইদৰে উল্লেখ কৰিছে—

“ভগৱান বিৰছা মুণ্ডাৰ জয়ন্তীত সমগ্ৰ দেশবাসীৰ হৈ তেওঁলৈ মোৰ শতকোটি প্ৰণাম জনাইছোঁ।এই পৱিত্ৰ উপলক্ষৰ সৈতে জড়িত জনজাতীয় গৌৰৱ দিৱসৰ আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ।ধৰতী আবাৰ অদম্য সাহস, সংগ্ৰাম আৰু ত্যাগে দেশৰ প্ৰতিটো প্ৰজন্মকে আত্মসন্মান, স্বাধীনতা আৰু অধিকাৰ সুৰক্ষিত কৰাৰ বাবে সদায় অনুপ্ৰাণিত কৰি থাকিব।তেওঁৰ আদৰ্শৰ পৰা প্ৰেৰণা লৈ আমাৰ চৰকাৰে জনজাতীয় ভাই-ভনীসকলৰ সন্মান, সুযোগ-সুবিধা আৰু সমৃদ্ধিৰ বাবে কোনো ধৰণৰ ত্ৰুটি কৰা  নাই।আহক, আমি সকলোৱে মিলি ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত জনজাতীয় সমাজৰ অমূল্য অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰোঁ।”

 

*****

MJPS/SS/PRK/DM