Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ঝাৰখণ্ডৰ ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীলৈ প্ৰধানমন্ত্ৰীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।ঝাৰখণ্ডক জনজাতীয় গৌৰৱ, সাংস্কৃতিক বৈচিত্ৰ্য আৰু প্ৰাকৃতিক সম্পদৰ অনন্য সমাহাৰ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ৰাজ্যখনৰ ঘন অৰণ্য, মনোৰম জলপ্ৰপাত আৰু ঐতিহাসিক স্থানসমূহে ইয়াৰ স্বকীয় পৰিচয়ক অধিক সমৃদ্ধ কৰিছে।তেওঁ লগতে কয় যে ভগৱান বিৰছা মুণ্ডাৰ বীৰত্ব আৰু আত্মত্যাগৰ গাথাই ৰাজ্যখনৰ পৰম্পৰাক নিৰন্তৰভাৱে অনুপ্ৰাণিত কৰি আহিছে।

খনিজ আৰু শক্তি সম্পদৰ পৰা আৰম্ভ কৰি হস্তশিল্প আৰু পৰ্যটনলৈকে ৰাজ্যখনত অপৰিসীম সম্ভাৱনা থকা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে ৰাজ্যখনৰ পৰিশ্ৰমী আৰু প্ৰতিভাশালী নাগৰিকসকলৰ সংকল্প আৰু সামৰ্থ্যৰ বলত ঝাৰখণ্ডে উন্নয়নৰ নতুন নতুন শিখৰত উপনীত হ’ব।

লগতে তেওঁ ৰাজ্যখনৰ  জনসাধাৰণৰ জীৱনলৈ সুখ, সমৃদ্ধি আৰু আনন্দ কঢ়িয়াই অনাৰ কামনা কৰে।

প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যম ‘এক্স’ত এইদৰে উল্লেখ কৰিছে—

“ঝাৰখণ্ডৰ সকলো ভাই-ভনীক ৰাজ্য প্ৰতিষ্ঠা দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ!

আমাৰ এই ৰাজ্যখন জনজাতীয় গৌৰৱ, সাংস্কৃতিক বৈচিত্ৰ্য আৰু প্ৰাকৃতিক সম্পদৰ  অনন্য সমাহাৰ। ইয়াৰ ঘন অৰণ্য, মনোৰম জলপ্ৰপাত আৰু ঐতিহাসিক স্থানসমূহে ৰাজ্যখনৰ স্বকীয় পৰিচয়ক অধিক সমৃদ্ধ কৰিছে।

ভগৱান বিৰছা মুণ্ডাৰ বীৰত্ব আৰু আত্মত্যাগৰ গাথাই ইয়াৰ পৰম্পৰাক নিৰন্তৰভাৱে প্ৰেৰণা যোগাই আহিছে।

খনিজ আৰু শক্তি সম্পদৰ পৰা আৰম্ভ কৰি হস্তশিল্প আৰু পৰ্যটনলৈকে এই ৰাজ্যখনত অপৰিসীম সম্ভাৱনা নিহিত হৈ আছে।

মোৰ দৃঢ় বিশ্বাস যে ইয়াৰ মোৰ পৰিয়াল স্বৰূপ পৰিশ্ৰমী আৰু প্ৰতিভাশালী  নাগৰিকসকলৰ সংকল্প আৰু সামৰ্থ্যৰ বলত ৰাজ্যখন উন্নয়নৰ নতুন  শিখৰত উপনীত হ’ব।

মোৰ কামনা, এই বিশেষ উপলক্ষই ৰাজ্যখনৰ সকলো লোকৰ জীৱনলৈ সুখ, সমৃদ্ধি আৰু আনন্দ কঢ়িয়াই আনক।”

 

***

MJPS/SS/PRK/DM