Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সংসদ ভৱন চৌহদত ভগৱান বীৰছা মুণ্ডাৰ জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

সংসদ ভৱন চৌহদত ভগৱান বীৰছা মুণ্ডাৰ জয়ন্তীত  প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভগৱান বীৰছা মুণ্ডাৰ জয়ন্তী উপলক্ষে সংসদ ভৱন চৌহদত তেওঁক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভগৱান বীৰছা মুণ্ডাৰ অদম্য সাহস, সংগ্ৰাম আৰু মাতৃভূমিৰ প্ৰতি থকা গভীৰ সমৰ্পণৰ মনোভাৱে প্ৰতিটো প্ৰজন্মকে অনাগত দিনত অনুপ্ৰাণিত কৰি যাব।

প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যম এক্সত কৰা পোষ্টত কয়—

“ভগৱান বীৰছা মুণ্ডাৰ জয়ন্তী উপলক্ষে সংসদ ভৱন চৌহদত তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।

তেওঁৰ অদম্য সাহস, সংগ্ৰাম আৰু মাতৃভূমিৰ প্ৰতি থকা সমৰ্পণৰ মনোভাবে প্ৰতিটো প্ৰজন্মকে অনুপ্ৰাণিত কৰি যাব।”

 

*****

MJPS/SS/PRK/DM