Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মহাৰাষ্ট্ৰৰ গড়চিৰোলীত জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

মহাৰাষ্ট্ৰৰ গড়চিৰোলীত জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মহাৰাষ্ট্ৰৰ গড়চিৰোলীত অনুষ্ঠিত জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই উপলক্ষে তেওঁ প্ৰায় ৩,০০০ কোটি টকা ব্যয়সাপেক্ষ ২৪৬টা উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।

ধৰতী আবা ভগৱান বীৰছা মুণ্ডাৰ ১৫১সংখ্যক  জয়ন্তী উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে দেশবাসীক ‘জোহাৰ’ জনায় আৰু ভগৱান বীৰছা মুণ্ডাৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। তেওঁ কয় যে দেশজুৰি অনুষ্ঠিত এই উদযাপনে জনজাতীয় সম্প্ৰদায়সমূহৰ গৌৰৱ আৰু তেওঁলোকৰ বীৰ-বীৰাংগনাসকলক স্মৰণ কৰাৰ লগতে তেওঁলোকৰ পৰা লাভ কৰা চিৰন্তন প্ৰেৰণাক প্ৰতিফলিত কৰিছে।

মহাৰাষ্ট্ৰৰ গড়চিৰোলীত অনুষ্ঠিত এই বৃহৎ উদযাপনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই ভূমি সমৃদ্ধ জনজাতীয় সংস্কৃতিৰ লগতে ৰাঘোজী ভাংগ্ৰে, ভাগোজী নাইক আৰু বীৰ বাবুৰাও শ্বেডমাকেৰ বীৰত্বপূৰ্ণ কাহিনীৰে সমৃদ্ধ। তেওঁ সকলো জনজাতীয় বীৰ যোদ্ধাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।

শ্ৰী মোদীয়ে কয়, “সমগ্ৰ দেশৰ পৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো ৰাজ্যপাল, মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী আৰু প্ৰতিগৰাকী জনপ্ৰতিনিধিকো মই অভিনন্দন জনাইছোঁ।”

২০২১ চনৰ ১৫ নৱেম্বৰত আৰম্ভ হোৱা জনজাতীয় গৌৰৱ দিৱস উদযাপনৰ পৰম্পৰা আজি ৰাষ্ট্ৰীয় উৎসৱলৈ ৰূপান্তৰিত হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা বছৰ ভগৱান বীৰছা মুণ্ডাৰ ১৫০সংখ্যক জয়ন্তী উপলক্ষে সমগ্ৰ দেশত দুই লাখতকৈও অধিক কাৰ্যসূচী অনুষ্ঠিত হৈছিল আৰু কোটি কোটি নাগৰিকে এই উদযাপনত অংশগ্ৰহণ কৰিছিল।

প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে, “আজি ভাৰতে স্বদেশী আত্মসন্মানেৰে নিজৰ ঐতিহ্য, ইতিহাস আৰু বীৰ-বীৰাংগনাসকলক স্মৰণ কৰিছে। আমাৰ ৰাষ্ট্ৰীয় চেতনালৈ অহা  বৃহৎ পৰিৱৰ্তনৰ এয়া প্ৰতীক।”ঔপনিৱেশিক শাসনৰ অন্যায়ৰ বিৰুদ্ধে জনজাতীয় সম্প্ৰদায়সমূহে নিৰন্তৰভাৱে প্ৰতিবাদৰ কণ্ঠ উচ্চাৰণ কৰি অহাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে খাচী পাহাৰত তিৰোত সিঙৰ সংগ্ৰাম, ছোটনাগপুৰৰ কোল বিদ্ৰোহ, ছিদো-কানহুৰ নেতৃত্বত সংঘটিত চাওতাল বিদ্ৰোহৰ কথা উল্লেখ কৰে।

ইয়াৰ লগতে মাংগড়ত গোবিন্দ গুৰুৰ অনুগামীসকলৰ আত্মবলিদান আৰু ৰাণী গাইদিনলিউ, টান্টিয়া ভীল, আল্লুৰী সীতাৰাম ৰাজু তথা ৰাণী দুৰ্গাৱতীৰ সাহসিকতাৰ কথাও তেওঁ স্মৰণ কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয়, “এই সকলোবোৰ বীৰত্বপূৰ্ণ কাহিনীৰ লগতে ভগৱান বীৰছা মুণ্ডাৰ উলগুলান আৰু অতি কম বয়সতে তেওঁ আগবঢ়োৱা সংগ্ৰাম আজিও কোটি কোটি দেশবাসীৰ বাবে  বৃহৎ প্ৰেৰণাৰ উৎস।”জনজাতীয় গৌৰৱ দিৱস উপলক্ষে বিভিন্ন ৰাজ্যত ৩,০০০ কোটি টকা ব্যয়সাপেক্ষ ১৭০টাতকৈও অধিক জনজাতীয় উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু ৭০টাতকৈও অধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মিজোৰামত স্বাধীনতা সংগ্ৰামী ৰ’পুইলিয়ানিৰ স্মৃতিত নিৰ্মাণ কৰা সংগ্ৰহালয় আৰু অৰুণাচল প্ৰদেশত জনজাতীয় গৱেষণা প্ৰতিষ্ঠানৰ নতুন ভৱন উদ্বোধনৰ কথা উল্লেখ কৰে।

ইয়াৰ উপৰি শিক্ষানুষ্ঠান, স্বাস্থ্যসেৱা কেন্দ্ৰ, জনজাতীয় সামগ্ৰীৰ বিপণন কেন্দ্ৰ আৰু গ্ৰাম্য আন্তঃগাঁথনি উন্নয়নৰ বিভিন্ন কামো এই প্ৰকল্পসমূহৰ অন্তৰ্ভুক্ত।প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “এই সকলোবোৰ প্ৰকল্পৰ বাবে মই সমগ্ৰ দেশবাসীক আন্তৰিক অভিনন্দন জনাইছোঁ।”

এই বছৰৰ জনজাতীয় গৌৰৱ দিৱস উদযাপনৰ সময়তে দেশৰ দুটা ঐতিহাসিক সাফল্যক লৈ ব্যাপক চৰ্চা চলি থকাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰায় ৫০ কোটি নাগৰিকে চৰম দৰিদ্ৰতাক পৰাস্ত কৰিছে আৰু ভাৰতে নক্সালবাদ তথা মাওবাদী সন্ত্ৰাসৰ পৰা মুক্তি লাভ কৰিছে।

শ্ৰী মোদীয়ে কয়, “এই দুয়োটা সাফল্য আমাৰ জনজাতীয় ভাই-ভনীসকলৰ জীৱনৰ সৈতে গভীৰভাৱে জড়িত।”বিশ্ব বেংকৰ শেহতীয়া প্ৰতিবেদনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত ১২ৰ পৰা ১৩ বছৰত প্ৰায় ৫০ কোটি ভাৰতীয়ই চৰম দৰিদ্ৰতাৰ পৰা মুক্তি লাভ কৰিছে।তেওঁ ইয়াক স্বাধীনতাৰ পিছত ভাৰতৰ অন্যতম বৃহৎ সাফল্য বুলি অভিহিত কৰি কয় যে এই সফলতা কোনো এখন চৰকাৰৰ একক প্ৰচেষ্টাৰ ফল নহয়। বৰঞ্চ ই সমাজৰ সামূহিক শক্তি, প্ৰতিগৰাকী নাগৰিকৰ কঠোৰ পৰিশ্ৰম আৰু কেন্দ্ৰীয় চৰকাৰৰ লক্ষ্যভিত্তিক জনজাতীয় কল্যাণমূলক আঁচনি তথা সিদ্ধান্তৰ ফল।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “এই সাফল্যৰ বাবে মই সমগ্ৰ দেশবাসীক, বিশেষকৈ মোৰ জনজাতীয় ভাই-ভনীসকলক আন্তৰিক অভিনন্দন জনাইছোঁ।”দীৰ্ঘদিন ধৰি উন্নয়নৰ পৰা বঞ্চিত হৈ থকা লোকসকলক অগ্ৰাধিকাৰ দিয়াৰ দৃঢ় সংকল্প পূৰণৰ ফলতেই লাখ লাখ লোকে দৰিদ্ৰতাৰ পৰা মুক্তি লাভ কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে অতি পিছপৰা জনজাতীয় অঞ্চলসমূহৰ উন্নয়নৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰিছে।

প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহা অভিযান (পিএম-জনমন) আৰু ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযানৰ বাবে এক লাখ কোটি টকাতকৈও অধিক ধন আবণ্টন দিয়া হৈছে।

শ্ৰী মোদীয়ে কয়, “আমাৰ প্ৰচেষ্টা আছিল যে স্বাধীনতাৰ পিছত যিসকল পৰিয়ালৰ ওচৰলৈ আটাইতকৈ শেষত চৰকাৰী সা-সুবিধা গৈছিল, এতিয়া সেই পৰিয়ালসমূহৰ ওচৰলৈ আটাইতকৈ আগতেই এই সুবিধাসমূহ পোৱাটো নিশ্চিত কৰা।”দৰিদ্ৰ লোকসকলৰ বাবে চাৰি কোটিৰো অধিক পকী ঘৰ নিৰ্মাণ, স্বাধীনতাৰ পিছতো দশক দশক ধৰি আন্ধাৰত ডুবি থকা ১৮,০০০খন গাঁৱলৈ বিদ্যুৎ সংযোগ প্ৰদান আৰু আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত পাঁচ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা সুবিধা প্ৰদানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ দৰিদ্ৰ কল্যাণমূলক পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰে।

তেওঁ কয় যে দেশৰ ভিতৰুৱা জনজাতীয় অঞ্চলসমূহলৈ স্বাস্থ্যসেৱা সম্প্ৰসাৰিত কৰাৰ উদ্দেশ্যে ১.৭৫ লাখতকৈও অধিক আয়ুষ্মান আৰোগ্য মন্দিৰ স্থাপন কৰা হৈছে।গ্ৰাম্য অঞ্চলত অনাময় ব্যৱস্থাৰ উন্নতিৰ প্ৰভাৱৰ কথাও তেওঁ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “দৰিদ্ৰ পৰিয়ালসমূহে যেতিয়া শৌচাগাৰ লাভ কৰিলে আৰু অনাময় ব্যৱস্থাৰ উন্নতি ঘটিল, তেতিয়া বহুতো ৰোগৰ আশংকাও হ্ৰাস পালে।”দৰিদ্ৰতা দূৰ কৰিবলৈ দৰিদ্ৰ পৰিয়ালসমূহৰ উপাৰ্জনৰ সুযোগ বৃদ্ধি কৰাটো অত্যন্ত প্ৰয়োজনীয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে মুদ্ৰা যোজনাৰ অধীনত কোনো সম্পত্তি বন্ধক নৰখাকৈয়ে লাখ লাখ কোটি টকাৰ ঋণ প্ৰদান কৰা হৈছে।এই আঁচনিৰ জৰিয়তে দৰিদ্ৰ, অনুসূচিত জাতি, পিছপৰা শ্ৰেণী আৰু জনজাতীয় সম্প্ৰদায়ৰ লোকসকল বিশেষভাৱে উপকৃত হৈছে।

শ্ৰী মোদীয়ে কয়, “ইয়াৰ জৰিয়তে তেওঁলোকৰ মনত আগবাঢ়ি যোৱাৰ  নতুন আত্মবিশ্বাসৰ সৃষ্টি হৈছে।”দীৰ্ঘদিন ধৰি উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি থকা অঞ্চলসমূহৰ বাবে গ্ৰহণ কৰা লক্ষ্যভিত্তিক পদক্ষেপসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বৃহৎ সংখ্যক জনজাতীয় লোক বসবাস কৰা ১০০ৰো অধিক আকাংক্ষী জিলা আৰু ৫০০ৰো অধিক আকাংক্ষী উন্নয়ন খণ্ডত বিশেষ অভিযান চলোৱা হৈছে।

ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী কৃষি ধন-ধান্য যোজনাৰ অধীনত কৃষিৰ ক্ষেত্ৰত পিছপৰা ১০০খন জিলাত বিশেষ অভিযান গ্ৰহণ কৰা হৈছে। ইয়াৰ জৰিয়তে কৃষক, দৰিদ্ৰ পৰিয়াল আৰু জনজাতীয় সম্প্ৰদায়ৰ লোকসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

 

প্ৰধানমন্ত্ৰীয়ে সামূহিক প্ৰচেষ্টাৰ পৰিৱৰ্তনকামী শক্তিত গুৰুত্ব আৰোপ কৰে।শ্ৰী মোদীয়ে কয়, “এই সামূহিক প্ৰচেষ্টা আৰু ‘সবকা সাথ, সবকা বিকাশ’ৰ মন্ত্ৰই দেশৰ দৰিদ্ৰ লোকসকলৰ মনত নতুন আত্মবিশ্বাসৰ সৃষ্টি কৰিছে। কোটি কোটি দৰিদ্ৰ লোকে দৰিদ্ৰতাক পৰাস্ত কৰি এই কথা প্ৰমাণ কৰিছে।”

দেশৰ দ্বিতীয়টো বৃহৎ সাফল্য নক্সালবাদৰ পৰা মুক্তি লাভৰ বিষয়টো উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গড়চিৰোলীকে ধৰি দেশৰ বিভিন্ন জনজাতীয় অঞ্চলত নক্সালবাদে আটাইতকৈ বেছি ক্ষতিসাধন কৰিছিল।এটা সময়ত দেশৰ প্ৰায় ১২৫খন জিলা নক্সালবাদৰ দ্বাৰা প্ৰভাৱিত হৈছিল। এই অঞ্চলসমূহত প্ৰতি বছৰে শ শ হিংসাত্মক ঘটনা সংঘটিত হৈছিল আৰু হাজাৰ হাজাৰ নিৰীহ লোকৰ প্ৰাণহানি হৈছিল। নিহতসকলৰ অধিকাংশই আছিল জনজাতীয় সম্প্ৰদায়ৰ লোক।

আজি নক্সালবাদৰ অৱসান ঘটাৰ পিছত মাতৃসকলে চৰকাৰক আশীৰ্বাদ জনাইছে আৰু ভগ্নীসকলে নিৰাপদ জীৱন লাভ কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এসময়ত শৈশৱ হেৰুওৱা যুৱক-যুৱতীসকলে এতিয়া শিক্ষা আৰু কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিছে।

কেইদিনমান পূৰ্বে ছত্তীশগড়ৰ বস্তাৰত নিৰাপত্তাৰক্ষীসকলৰ সৈতে দীপাৱলী উদযাপন কৰাৰ কথাও তেওঁ স্মৰণ কৰে। এসময়ত যি অঞ্চললৈ যাবলৈ মানুহে ভয় কৰিছিল, আজি সেই অঞ্চললৈ শান্তিৰ পৰিৱেশ ঘূৰি আহিছে বুলি তেওঁ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “গড়চিৰোলীকে ধৰি পূৰ্বতে নক্সালবাদৰ দ্বাৰা প্ৰভাৱান্বিত সকলো অঞ্চলতে এইবাৰৰ দীপাৱলীত মাটিৰ চাকি জ্বলাৰ লগতে জনসাধাৰণৰ জীৱনলৈ আশাৰ পোহৰো আহিছে।”

ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত জনজাতীয় সম্প্ৰদায়সমূহে উৎসাহেৰে আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ সৰ্বোচ্চ সাংবিধানিক পদত এগৰাকী জনজাতীয় সম্প্ৰদায়ৰ কন্যা অধিষ্ঠিত হৈ আছে।এই বিষয়ত সমগ্ৰ দেশবাসীৰ গৌৰৱবোধৰ কথা প্ৰকাশ কৰি তেওঁ কয়, “ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক লৈ আমি সকলো গৌৰৱান্বিত।”

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে জনজাতীয় গৌৰৱ দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জনোৱাৰ লগতে ভগৱান বীৰছা মুণ্ডাৰ জীৱনৰ পৰা প্ৰেৰণা ল’বলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আজি ভগৱান বীৰছা মুণ্ডাৰ পৰা প্ৰেৰণা লৈ এখন বিকশিত ভাৰতৰ সপোন বাস্তৱায়িত কৰাৰ বাবে আমি আমাৰ শক্তি আৰু অধিক নিয়োজিত কৰাৰ সময় আহি পৰিছে।”

****

MJPS/SS/VJ/PRK/DM