প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেনিলাৰ খালছা দিৱান গুৰুদ্বাৰ দৰ্শন কৰে আৰু পেনী প্যাৰেৰ উপস্থিতিত গুৰুদ্বাৰৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কাৰ্যসূচীৰ নেতৃত্ব দিয়ে। অনুষ্ঠানত ছিনেটৰ মহামান্য ফ্ৰান্সিছ যোচেফ এস্কুডেৰো আৰু মেনিলাৰ মেয়ৰ ফ্ৰান্সিছকো ইস্কো ম’ৰেনোকে ধৰি কেইবাজনো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।
মূলতঃ ১৯০১ চনত স্থাপিত আৰু ১৯০৩ চনত আনুষ্ঠানিকভাৱে সংগঠিত এই প্ৰতিষ্ঠানখন ১৯২৪ চনত খালছা দিৱান হিচাপে পঞ্জীয়ন কৰা হৈছিল। খালছা দিৱান গুৰুদ্বাৰে ফিলিপাইনছৰ আটাইতকৈ পুৰণি গুৰুদ্বাৰ হোৱাৰ এক অনন্য বিশেষত্ব লাভ কৰিছে। মেনিলাৰ শিখ আৰু অন্যান্য সম্প্ৰদায়ৰ বাবে ইয়াৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু জনহিতকৰ কাৰ্যকলাপৰ জৰিয়তে ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।
খালছা দিৱান গুৰুদ্বাৰ ভাৰতীয়-শিখ সম্প্ৰদায় আৰু ফিলিপাইন সমাজৰ মাজত এক গুৰুত্বপূৰ্ণ সেতু হৈ আছে।
*****
MJPS/SS/VJ/SS/NB
Feeling very blessed to be at the Gurudwara Khalsa Diwan in Manila. ਗੁਰਦੁਆਰਾ ਖ਼ਾਲਸਾ ਦੀਵਾਨ, ਮਨੀਲਾ ਵਿਖੇ ਆ ਕੇ ਬਹੁਤ ਵਡਭਾਗਾ ਮਹਿਸੂਸ ਕਰ ਰਿਹਾ ਹਾਂ। https://t.co/JNuNFMq6Ja
— Narendra Modi (@narendramodi) November 17, 2026