Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২৩ সংখ্যক আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী ভাষণৰ মূল পাঠ

২৩ সংখ্যক আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী ভাষণৰ মূল পাঠ


মহামান্য ৰাষ্ট্ৰপতি মাৰ্কোছ

মহাশয়,

গণ্য-মান্য ব্যক্তিসকল

 

নমস্কাৰ।

 

আমাৰ আছিয়ান (ASEAN) পৰিয়ালৰ সৈতে আকৌ এবাৰ জড়িত হ’বলৈ পাই মই অতি আনন্দিত। আছিয়ানৰ সফল অধ্যক্ষতা আৰু ভাৰতৰ দেশ সমন্বয়ক হিচাপে আগবঢ়োৱা মূল্যৱান অৱদানৰ বাবে মই ৰাষ্ট্ৰপতি মাৰ্কোছক আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছো।

আজি ‘এই মঞ্চত’ আছিয়ান নেতাসকলৰ সৈতে মোৰ ত্ৰয়োদশ সংখ্যক বাৰ্তালাপ। বিগত কেইটামান বছৰত আমাৰ ‘এক্ট ইষ্ট পলিচি’য়ে ভাৰত-আছিয়ান সম্পৰ্কক নতুন গতি আৰু অধিক গভীৰতা প্ৰদান কৰিছে। আমাৰ অংশীদাৰিত্বই এতিয়া উমৈহতীয়া সংস্কৃতি আৰু ঐতিহ্যৰ পৰিধি অতিক্ৰম কৰি ডিজিটেল প্ৰযুক্তি, প্ৰতিৰক্ষা আৰু মহাকাশৰ দৰে ক্ষেত্ৰসমূহত নতুন মাত্ৰা লাভ কৰিছে।

২০১৪ চনৰ পৰা আমি জনসাধাৰণৰ মাজত সম্পৰ্ক শক্তিশালী কৰিবলৈ ১০০ৰো অধিক পদক্ষেপ গ্ৰহণ কৰিছো।  প্ৰায় ২৫০টা দ্ৰুত প্ৰভাৱশালী প্ৰকল্প (Quick Impact Projects) আৰম্ভ কৰিছো আৰু ১০,০০০ৰো অধিক দক্ষতা বিকাশৰ বৃত্তি প্ৰদান কৰিছো।

আজি ভাৰত আৰু ৯ খন আছিয়ান দেশৰ মাজত পোনপটীয়া বিমান সেৱা আৰু বৰ্ধিত পৰ্যটনো আমাৰ ঘনিষ্ঠতাৰ সাক্ষ্য।

 

বন্ধুসকল,

 

বিগত কিছু বছৰ ধৰি বিশ্ব এটাৰ পাছত আন এটা সংকটৰ মাজেৰে পাৰ হৈছে। আজিৰ বিশ্বক আটাইতকৈ প্ৰয়োজন হৈছে- শান্তি, স্থিৰতা আৰু পূৰ্বানুমানযোগ্যতা। এই সন্দৰ্ভত এই বছৰৰ আমাৰ বিষয়বস্তু- ‘আমাৰ ভৱিষ্যতৰ দিশ নিৰ্দেশনা, সহযোগিতাৰে’ই বিশেষ গুৰুত্ব লাভ কৰিছে।

ভাৰত আৰু আছিয়ানে একেলগে বিশ্বৰ জনসংখ্যাৰ প্ৰায় এক-চতুৰ্থাংশ প্ৰতিনিধিত্ব কৰে। সেয়েহে এইটো নিশ্চিত কৰাটো গুৰুত্বপূৰ্ণ যে আমাৰ ভৱিষ্যত সহযোগিতাৰ দ্বাৰাহে নিৰ্ধাৰিত হয়, প্ৰতিযোগিতাৰ দ্বাৰা নহয়। আমাৰ শক্তিও আছে আৰু আমাৰ সংকল্পও আছে। আমি একেলগে এই অঞ্চলক শান্তি আৰু সুস্থিৰতাৰ প্ৰতীক হিচাপে গঢ়ি তুলিব পাৰো।

 

বন্ধুসকল,

 

চলিত বৰ্ষত আছিয়ান দেশসমূহলৈ এয়া মোৰ তৃতীয় ভ্ৰমণ। ই ভাৰতৰ বাবে আছিয়ানৰ বিশেষ গুৰুত্ব প্ৰদৰ্শন কৰে। মই বিশ্বাস কৰো যে ভাৰতৰ উন্নয়ন আৰু আছিয়ানৰ সমৃদ্ধিৰ মাজত গভীৰ সম্পৰ্ক আছে।

অনাগত বছৰবোৰত আছিয়ান কমিউনিটি ভিজন ২০৪৫ আৰু বিকশিত ভাৰত ২০৪৭-এ আমাৰ অংশীদাৰী আকাংক্ষাক বাস্তৱায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

বিগত ১২ বছৰত আমি আমাৰ অংশীদাৰিত্বক নতুন গতি প্ৰদান কৰিছো। এতিয়া আমি একেলগে আমাৰ অঞ্চলটোৰ ভৱিষ্যতক এক নতুন গতি প্ৰদান কৰিব লাগিব। এই অংশীদাৰিত্বত আছিয়ানৰ একতা আৰু কেন্দ্ৰীয়তাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতা অটল হৈ আছে আৰু অটল হৈ থাকিব।

মোৰ বিশ্বাস যে আজিৰ বৈঠকখনে আমাৰ ব্যাপক কৌশলগত অংশীদাৰিত্বক এক নতুন শিখৰলৈ লৈ যাব আৰু এক সুৰক্ষিত, সামগ্ৰিক, সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল গঢ়ি তোলাত অৰিহণা যোগাব।

মই আপোনালোক সকলোৰে মতামত আৰু পৰামৰ্শ শুনিবলৈ আগ্ৰহী।

বহুত ধন্যবাদ।

 

 ***

MJPS/SS/VJ/SS/NB